এখন আলোক চিত্ৰ দেখি কালি বহু সময়লৈ থৰ হৈ ৰ’লো।
ছট্টিশগড়ত মাওবাদীৰ আক্ৰমণত প্ৰাণাহুতি দিয়া অসমৰ বীৰ শ্বহীদ দিলীপ কুমাৰ দাসৰ ছবি খনত এটি কণমানি শিশুৱে ফুল যাঁচি থকাৰ ছবি(সম্ভৱতঃ শিশুটি বীৰ জোৱান জনৰেই সন্তান)।
ছবি খন দেখি মনলৈ এটা ভাবেই আহিছিল, দেশৰ নিৰাপত্তাৰ বাবে নিয়োজিত এই সকল সৈনিককলৈয়ো আমাৰ মাজৰেই কিছু সংখ্যক লোকে গৌৰৱ কৰিব নোৱাৰো কিয়?
কিয় মৃত্যুৰ পিছতো এই সকল বীৰ শ্বহীদক উপযুক্ত সন্মান প্ৰদৰ্শন কৰিব নোৱাৰো?সন্মান প্ৰদৰ্শনতো বাদেই তেনে বীৰ শ্বহীদক পাবত গজা লেখিকাই অসন্মানহে কৰিলে।অমৰ শ্বহীদ বাবলু ৰাভা নাইবা দিলীপ কুমাৰ দাসৰ অসহায় পৰিয়াল কেইটাৰ কান্দোনে যিটো সময়ত সকলোৰে চকু সেমেকাই তুলিছে সেই সময়তে শিখা শৰ্মাৰ দৰে লোকসকলে শ্বহীদৰ ত্যাগকলৈ তামাচা কৰিছে! এয়া কেনে কথা?
শিখা শৰ্মা নামৰ লেখিকা গৰাকীক শেহতীয়াকৈ আৰক্ষীয়ে শ্বহীদক কৰা অপমানৰ বাবেই গ্ৰেপ্তাৰ কৰিছে। এয়া আজিৰ তাৰিখত অসমৰ বাবে এক ভাল লগা খবৰ।
বিশেষকৈ শেহতীয়া কেতবোৰ ঘটনাক্ৰমৰ বাবে অসমবাসীৰ বহুতৰে কিছু পৰিমাণে হ’লেও আস্থা হেৰুৱাই পেলোৱা অসম আৰক্ষীয়ে শিখা শৰ্মাৰ দৰে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি জনতাৰ আস্থা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
শিখা শৰ্মাই যিদিনা শ্বহীদক অপমান কৰি ফেচবুক পোষ্টটো দিছিল সেই দিনাই অসমৰ হাজাৰ বিজাৰ মানুহে মহিলাগৰাকীৰ বিৰুদ্ধে জাগ্ৰত হৈ পৰিছিল। অসমৰে শুভ বুদ্ধি সম্পন্ন একাংশ লোকে শিখা শৰ্মাৰ দৰে সামাজিক বিষবাষ্প বিয়পোৱা মহিলাৰ বিৰুদ্ধে তৰিৎগতিত এজাহাৰ দাখিল কৰিছিল।
কোনে কোনে এজাহাৰ দাখিল কৰিছিল সেয়া আমি ব্যক্তিগত ভাবে সম্পূৰ্ণকৈ নাজানো যদিও অধিবক্তা উমি ডেকা বৰুৱাৰ কথা জানিব পাৰিছো।
উমি ডেকা বৰুৱা আৰু অন্যান্যসকল সেয়ে এই ক্ষেত্ৰত ধন্যবাদৰ পাত্ৰ। ছ’চিয়েল মিডিয়াত কোনো প্ৰত্যক্ষ সম্পাদক নাথাকে। ইয়াৰ অৰ্থ এয়া নহয় যে এই মাধ্যমটো ব্যৱহাৰ কৰি যিয়ে যি ইচ্ছা তাকে প্ৰকাশ কৰি থাকিব।
সামাজিক উত্তেজনা বিয়পাই দিব পৰা পোষ্টৰ জৰিয়তে বহুতে এই মাধ্যমটোক এক ভয়ংকৰ মাধ্যমলৈ ৰুপান্তৰিত কৰিছে।বিভিন্ন জনে মত পাৰ্থক্য থকাৰ বাবেই বহু গুণী-জ্ঞানী অথবা সামাজিক ভাবে প্ৰতিষ্ঠিত লোকক নানান বিশেষণেৰে এই মাধ্যমৰ জৰিয়তেই আক্ৰমণ চলাই আহিছে।
এনেবোৰ দিশ চোৱা-চিতা কৰাৰ বাবে অসম আৰক্ষীৰ বিশেষ শাখাই আছে। কিন্তু সেই কথালৈ কোনেও যেন কেৰেপ নকৰে।
শেহতীয়াকৈ কেইবাখনো এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰিছে। এয়া ভাল কথা।কিন্তু অসমৰ থানাই থানাই আৰু বহু এজাহাৰ পৰি আছে যিবোৰৰ বিষয়ত আৰক্ষীয়ে কোনো গুৰুত্বই দিয়া নাই বা দিব পৰা নাই।
শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰি অসমবাসীৰ অধিক আস্থা ভাজন হোৱা অসম আৰক্ষীয়ে তেনেবোৰ বিষয়ৰ প্ৰতিও গুৰুত্ব দিয়াটো এতিয়া সময়ৰ আহ্বান।
অসম আৰক্ষীৰ এক গৌৰৱজ্জ্বল ইতিহাস আছে, সেয়া হৈছে কাৰো ওচৰত শিৰ নত নকৰাৰ ইতিহাস।
আৰক্ষীয়ে সেই কথাষাৰক পুনৰ অধিক প্ৰোজ্জ্বলৰূপত দাঙি ধৰাৰ সময় সমাগত।
আইন সকলোৰে বাবে সমান, তেওঁ লাগিলে সাধাৰণ প্ৰজাই হওঁক বা বিয়াগোম কোনোৱা মন্ত্ৰীয়েই হওঁক।
সেই কথা এতিয়া মানুহৰ মাজত প্ৰতিষ্ঠা কৰিব পাৰিলেহে আৰক্ষী আৰু ন্যায় ব্যৱস্থাৰ প্ৰতি থকা মানুহৰ আস্থা অটুট থাকিব।
যি কাম ফেৰা কৰিব পাৰিব মাত্ৰ আৰক্ষীয়েহে।
আৰক্ষীয়ে এনে ব্যৱস্থা কৰিব লাগিব যাতে কাৰোৱাক ঠেং ভাঙি দিম বুলি কৈ অথবা ঘৃণা বিয়পাব পৰা বক্তব্য ৰাখি কোনেও সাৰি যাব নোৱাৰে। তেওঁ লাগিলে যিমানেই ‘ওপৰৰ মাল’ নহওঁক কিয়।