• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

জনতাৰ আস্থা ভাজন হৈ ৰওঁক অসম আৰক্ষী: শিখা শৰ্মা, ‘ওপৰৰ মাল’ ইত্যাদি…

দুলাল মিশ্ৰ by দুলাল মিশ্ৰ
April 7, 2021 12:14 pm
WhatsApp-I
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এখন আলোক চিত্ৰ দেখি কালি বহু সময়লৈ থৰ হৈ ৰ’লো।

ছট্টিশগড়ত মাওবাদীৰ আক্ৰমণত প্ৰাণাহুতি দিয়া অসমৰ বীৰ শ্বহীদ দিলীপ কুমাৰ দাসৰ ছবি খনত এটি কণমানি শিশুৱে  ফুল যাঁচি থকাৰ ছবি(সম্ভৱতঃ শিশুটি বীৰ জোৱান জনৰেই সন্তান)।

Apply Now

ছবি খন দেখি মনলৈ এটা ভাবেই আহিছিল, দেশৰ নিৰাপত্তাৰ বাবে নিয়োজিত এই সকল সৈনিককলৈয়ো আমাৰ মাজৰেই কিছু সংখ্যক লোকে গৌৰৱ কৰিব নোৱাৰো কিয়?

কিয় মৃত্যুৰ পিছতো এই সকল বীৰ শ্বহীদক উপযুক্ত সন্মান প্ৰদৰ্শন কৰিব নোৱাৰো?সন্মান প্ৰদৰ্শনতো বাদেই তেনে বীৰ শ্বহীদক পাবত গজা লেখিকাই অসন্মানহে কৰিলে।অমৰ শ্বহীদ বাবলু ৰাভা নাইবা দিলীপ কুমাৰ দাসৰ অসহায় পৰিয়াল কেইটাৰ কান্দোনে যিটো সময়ত সকলোৰে চকু সেমেকাই তুলিছে সেই সময়তে শিখা শৰ্মাৰ দৰে লোকসকলে শ্বহীদৰ ত্যাগকলৈ তামাচা কৰিছে! এয়া কেনে কথা?

শিখা শৰ্মা নামৰ লেখিকা গৰাকীক শেহতীয়াকৈ আৰক্ষীয়ে শ্বহীদক কৰা অপমানৰ বাবেই গ্ৰেপ্তাৰ কৰিছে। এয়া আজিৰ তাৰিখত অসমৰ বাবে এক ভাল লগা খবৰ।

বিশেষকৈ শেহতীয়া কেতবোৰ ঘটনাক্ৰমৰ বাবে অসমবাসীৰ বহুতৰে  কিছু পৰিমাণে হ’লেও আস্থা হেৰুৱাই পেলোৱা অসম আৰক্ষীয়ে শিখা শৰ্মাৰ দৰে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি জনতাৰ আস্থা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

শিখা শৰ্মাই যিদিনা শ্বহীদক অপমান কৰি ফেচবুক পোষ্টটো দিছিল সেই দিনাই অসমৰ হাজাৰ বিজাৰ মানুহে মহিলাগৰাকীৰ বিৰুদ্ধে জাগ্ৰত হৈ পৰিছিল। অসমৰে শুভ বুদ্ধি সম্পন্ন একাংশ লোকে শিখা শৰ্মাৰ দৰে সামাজিক বিষবাষ্প বিয়পোৱা মহিলাৰ বিৰুদ্ধে তৰিৎগতিত এজাহাৰ দাখিল কৰিছিল।

কোনে কোনে এজাহাৰ দাখিল কৰিছিল সেয়া আমি ব্যক্তিগত ভাবে সম্পূৰ্ণকৈ নাজানো যদিও অধিবক্তা  উমি ডেকা বৰুৱাৰ কথা জানিব পাৰিছো।

উমি ডেকা বৰুৱা আৰু অন্যান্যসকল সেয়ে এই ক্ষেত্ৰত ধন্যবাদৰ পাত্ৰ। ছ’চিয়েল মিডিয়াত কোনো প্ৰত্যক্ষ সম্পাদক নাথাকে। ইয়াৰ অৰ্থ এয়া নহয় যে এই মাধ্যমটো ব্যৱহাৰ কৰি যিয়ে যি ইচ্ছা তাকে প্ৰকাশ কৰি থাকিব।

সামাজিক উত্তেজনা বিয়পাই দিব পৰা পোষ্টৰ জৰিয়তে বহুতে এই মাধ্যমটোক এক ভয়ংকৰ মাধ্যমলৈ ৰুপান্তৰিত কৰিছে।বিভিন্ন জনে মত পাৰ্থক্য থকাৰ বাবেই বহু গুণী-জ্ঞানী অথবা সামাজিক ভাবে প্ৰতিষ্ঠিত লোকক নানান বিশেষণেৰে এই মাধ্যমৰ জৰিয়তেই আক্ৰমণ চলাই আহিছে।

এনেবোৰ দিশ চোৱা-চিতা কৰাৰ বাবে অসম আৰক্ষীৰ বিশেষ শাখাই আছে। কিন্তু সেই কথালৈ কোনেও যেন কেৰেপ নকৰে।

শেহতীয়াকৈ কেইবাখনো এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰিছে। এয়া ভাল কথা।কিন্তু অসমৰ থানাই থানাই আৰু বহু এজাহাৰ পৰি আছে যিবোৰৰ বিষয়ত আৰক্ষীয়ে কোনো গুৰুত্বই দিয়া নাই বা দিব পৰা নাই।

শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰি অসমবাসীৰ অধিক আস্থা ভাজন হোৱা অসম আৰক্ষীয়ে তেনেবোৰ বিষয়ৰ প্ৰতিও গুৰুত্ব দিয়াটো এতিয়া সময়ৰ আহ্বান।

অসম আৰক্ষীৰ এক গৌৰৱজ্জ্বল ইতিহাস আছে, সেয়া হৈছে কাৰো ওচৰত শিৰ নত নকৰাৰ ইতিহাস।

আৰক্ষীয়ে সেই কথাষাৰক পুনৰ অধিক প্ৰোজ্জ্বলৰূপত দাঙি ধৰাৰ সময় সমাগত।

আইন সকলোৰে বাবে সমান, তেওঁ লাগিলে সাধাৰণ প্ৰজাই হওঁক বা বিয়াগোম কোনোৱা মন্ত্ৰীয়েই হওঁক।

সেই কথা এতিয়া মানুহৰ মাজত প্ৰতিষ্ঠা কৰিব পাৰিলেহে আৰক্ষী আৰু ন্যায় ব্যৱস্থাৰ প্ৰতি থকা মানুহৰ আস্থা অটুট থাকিব।

যি কাম ফেৰা কৰিব পাৰিব মাত্ৰ আৰক্ষীয়েহে।

আৰক্ষীয়ে এনে ব্যৱস্থা কৰিব লাগিব যাতে কাৰোৱাক ঠেং ভাঙি দিম বুলি কৈ অথবা ঘৃণা বিয়পাব পৰা বক্তব্য ৰাখি কোনেও সাৰি যাব নোৱাৰে। তেওঁ লাগিলে যিমানেই ‘ওপৰৰ মাল’ নহওঁক কিয়।

দুলাল মিশ্ৰ

দুলাল মিশ্ৰ

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd