• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বটদ্ৰৱাত সংঘটিত ধৰ্ষণকাণ্ড : সকলোৱে একেমুখে ধৰ্ষণকাৰীক কঠোৰতম শাস্তি দিয়াৰ দাবী তুলিলে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 24, 2018 9:05 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে নগাঁও জিলাৰ বটদ্ৰৱাত সংঘটিত ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ আৰু কঠোৰতম শাস্তি প্ৰদানৰ দাবীত শনিবাৰে অঞ্চলটোৰ স্থানীয় ৰাইজ, ছাত্ৰ-ছাত্ৰী আৰু আছুৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সচেতন মহলে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ দাবী জনাইছে।

উল্লেখযোগ্য যে শুকুৰবাৰে বটদ্ৰৱাৰ লালংগাঁৱত বিদ্যালয়ৰ পৰা আহি থকা অৱস্থাত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰী তথা নাবালিকাক তিনি নৰপিশাচে ধৰ্ষণ কৰি কেৰাচিন ঢালি জ্বলাই হত্যাৰ চেষ্টা চলাইছিল।

Apply Now

ইফালে নাবালিকা গৰাকীৰ চিঞৰ-বাখৰ শুনি স্থানীয় ৰাইজে মুমূৰ্ষূ অৱস্থাত উদ্ধাৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত উন্নত চিকিৎসাৰ বাবে নাবালিকাগৰাকীক গুৱাহাটিৰ জি এম চি এইচলৈ প্ৰেৰণ কৰিছিল। কিন্তু নাবালিকাগৰাকীৰ চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু ঘটে।

আৰক্ষীয়ে শুকুৰবাৰে ধৰ্ষণকাণ্ড সংঘটিত কৰা দুটা নৰাধমক আটক কৰিছিল যদিও মূল অভিযুক্তক বৰ্তমানলৈকে আটক কৰিব পৰা নাই।

ফলত সমগ্ৰ ৰাজ্য কপাই যোৱা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি আজি সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতি আৰু নগাঁও আঞ্চলিক ছাত্ৰ সন্থাই নগাঁও চহৰত এক প্ৰতিবাদী অৱস্থান কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱা শতাধিক আছু কৰ্মী আৰু ছাত্ৰ-ছাত্ৰীয়ে এই জঘন্য কাণ্ডৰ লগত জড়িত মূল অভিযুক্ত জাকিৰ হুছেইনক আৰক্ষীক অতি শীঘ্ৰে কৰায়ত্ত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ দাবী জনায়। লগতে চৰকাৰক নাৰী নিৰ্যাতনকাৰী, ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে। এই কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ সভাপতি অভিজিত দাস, সাধাৰণ সম্পাদক মুন্না আহমেদ, সুৰুজ ফুকনকে প্ৰমুখ্য কৰি আছুৰ বিষয় ববীয়া সকলে অংশ লয়।

আনহাতে বটদ্ৰৱাৰ স্থানীয় ৰাইজে আজি ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত জাকিৰ হুছেইনৰ বাসগৃহত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। স্থানীয় ক্ষোভিত ৰাইজে নৰপিশাচ জাকিৰ হুছেইনৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে।

বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাইও এই ক্ষেত্ৰত দোষাীক কঠোৰ শাস্তি তথা ফাঁচি প্ৰদান কৰিব লাগে বুলি মন্তব্য কৰে। লগতে চৰকাৰক এই ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰ আইন বনাবলৈ অনুৰেোধ জনায়। এই ক্ষেত্ৰত বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ময়ো দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায়।

চৰাইদেউ জিলাৰ সোণাৰিত ধৰ্ষণৰ চেষ্টা চলোৱা এজনক গণপ্ৰহাৰ :

ইফালে শুকুৰবাৰে সমগ্ৰ ৰাজ্য জোকাৰি যোৱা বটদ্ৰৱাৰ ধৰ্ষণ কাণ্ডৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে আজি চৰাইদেউ জিলাৰ সোণাৰিৰ এখন বাগিচাত এগৰাকী ১৫ বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা চলোৱা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ বৰপাত্ৰ চাহ বাগিচাৰ কেৰাণী মুকুল ফুকনৰ ঘৰত এগৰাকী ১৫ বছৰীয়া কিশোৰী ৰান্ধনী কামত নিয়োজিত আছিল। আজি দুপৰীয়া কিশোৰীগৰাকীয়ে ভাত ৰান্ধি থকাৰ সময়তে লম্পট মুকুলে কিশোৰী গৰাকীক অসৎ চৰিতাৰ্থ পূৰণৰ চেষ্টা চলাই যদিও কিশোৰী গৰাকীয়ে কোনো মতে নিজকে লম্পটটোৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হয়।

ইফালে লম্পট কেৰাণী মুকুলৰ এই কু-কৰ্মৰ কথা পোহৰলৈ অহাত বাগিচাখনৰ উত্তেজিত শ্ৰমিকে লম্পট মুকুল ফুকনক উত্তম-মধ্যম শোধায় আৰক্ষীক গটাই দিয়ে। বৰ্তমান মুকুল ফুকনক চৰাইদেউৰ বৰহাট আৰক্ষী চকীত ৰখা বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 2:47 pm
‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

October 16, 2026 12:46 pm
মেডিকেল কলেজৰ চেয়াৰমেন পদত নিৰক্ষৰ চাহ বিক্ৰেতা! ইউজিচিক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ

মেডিকেল কলেজৰ চেয়াৰমেন পদত নিৰক্ষৰ চাহ বিক্ৰেতা! ইউজিচিক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 11:48 am
আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 2:47 pm
‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

October 16, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd