• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেঘালয় বিধানসভাৰ পিছত নাগালেণ্ড বিধানসভাতো হিন্দীত ভাষণ দিয়াৰ প্ৰতিবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 24, 2018 10:44 pm
Nagaland Assembly proceedings
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

কিছু দিন পূৰ্বে মেঘালয় বিধানসভাত ৰাজ্যপালে হিন্দীত ভাষণ দিয়া কাৰ্য্যৰ ৰাজ্যখনৰ কিছু সংখ্যক বিধায়ক প্ৰতিবাদ কৰাৰ পিছত প্ৰায় অনুৰূপ ঘটনা ঘটিছে নাগালেণ্ড বিধানসভাৰ মজিয়াতো।

Apply Now

জানিব পৰামতে ৰাজ্যখনৰ উচ্চ আৰু কাৰিকৰী শিক্ষা বিভাগৰ মন্ত্ৰী তথা বিজেপিৰ বিধায়ক টেমজেন ইমনা আলঙে ৰাজ্যপালৰ ভাষণ বিতৰ্কত ভাগ লওঁতে হিন্দীত বক্তব্য আগ বঢ়াইছিল। লগে লগে ইয়াৰ প্ৰতিবাদ জনায় বিৰোধী দল এন পি এফৰ বিধায়কসকলে।

তেওঁলোকে নিজৰ আপত্তিৰ সপক্ষে তথ্যসহ যুক্তি দি কয় যে Rules of Procedure and Conduct of Business in Nagaland Legislative Assembly ৰ ২৮ নং দফাত স্পষ্টকৈ উল্লেখ আছে যে বিধানসভাৰ কাম-কাজ ইংৰাজী অথবা নাগামিজতহ হ’ব লাগিব। (The Business of the Assembly shall be transacted in English or in Naga-Assamese)

এই বিধিমতে, যদি কোনো সদস্যই এই দুটা ভাষাত ক’ব নোৱাৰে তেন্তে তেওঁ নিজৰ মাতৃভাষাতে ক’ব পাৰিব, যিটোৰ ক্ষেত্ৰত তেওঁ আগতীয়াকৈ নিজৰ বক্তব্যৰ এটা ইংৰাজী প্ৰতিলিপি সচিবক দিব লাগিব।

উল্লেখযোগ্য যে আলঙে আজি হিন্দীত কথা ক’বৰ বাবে অধ্যক্ষৰ অনুমতি বিচাৰিছিল আৰু অধ্যক্ষই তাত সন্মতি দিছিল। অৱশ্যে কেইছেকেণ্ডমানৰ পিছতে মন্ত্ৰীজনে ইংৰাজী ভাষণ আৰম্ভ কৰিছিল।

উল্লেখযোগ্য যে নাগালেণ্ডত এসময়ত নাগামীজ সমগ্ৰ ৰাজ্যৰে সংযোগী ভাষা আছিল। নাগামীজ হ’ল অসমীয়া আৰু নাগাসকলৰ মুখৰ ভাষাৰ মিশ্ৰণত গঢ় লৈ উঠা এটা পিডজিন (pidgin) । প্ৰায় ৩০-৪০টা পাৰস্পৰিক সম্পৰ্ক নথকা মৌখিক ভাষা কোৱা নাগাসকলৰ মাজত নাগামীজ বেছ জনপ্ৰিয় আছিল। এই নাগামীজ আনকি তেওঁলোকৰ বিধানসভাৰো ভাষা আছিল বা এতিয়াও চৰকাৰীভাৱে তাৰ স্বীকৃতি আছে। ইংৰাজীও তেওঁলোকৰ মাজত চলে যদিও সাধাৰণ লোকে ইংৰাজী নজনা বাবে নাগামীজক আদৰি লোৱা দেখা যায়। আনকি ম্যানমাৰৰ সীমান্তত থকা নাগাসকলৰ মাজতো নাগামীজৰ প্ৰচলন আছে।

মন কৰিব লগীয়া কথাটো হ’ল বিজেপিৰ ৰাজনৈতিক উত্থানৰ সৈতে নাগামীজ আদি ভাষাবোৰৰ প্ৰতি ভাবুকিও অহা দেখা গৈছে। মেঘালয় বিধানসভাত তাৰ ৰাজ্যপাল গংগা প্ৰসাদে হিন্দীত ভাষণ দিয়াৰ (যিটো প্ৰথম দৃষ্টান্ত আছিল) নাগালেণ্ডতো বিজেপিৰ বিধায়কে হিন্দীত ভাষণ দিয়াটোৱে তাৎপৰ্য্য বহন কৰিছে। উল্লেখ কৰিব পাৰি যে নাগালেণ্ডতো বিধানসভাৰ মজিয়াত হিন্দীত ভাষণ দিয়াৰ উদাহৰণ এয়ে প্ৰথম।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd