সোমবাৰে বোকাখাতৰ অসামৰিক চিকিৎসালয়তে এজন কোভিড ৰোগীৰ মৃত্যু হয়৷ মৃত লোকজন বোকাখাত উদয়নগৰৰ চিনেশ্বৰ মৰাং৷
পুৰ্বৰে পৰাই পাইলচ ৰোগত আক্ৰান্ত হৈ থকা চিনেশ্বৰ মৰাঙে অলপতে গুৱাহাটীত পাইলচৰ চিকিৎসা কৰি ওভটি আহিছিল যদিও তিনিদিনৰ পুৰ্বে পুনৰ ৰোগাক্ৰান্ত হোৱাত বোকাখাত ছহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ আনে যদিও কোভিড টেষ্টৰ কিট নথকাৰ বাবে কোভিডৰ পৰীক্ষা কৰিব নোৱাৰি ওভটি গৈছিল৷
আজি চিনেশ্বৰ মৰাংৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পুনৰ চিকিৎসাললৈ আনে৷ ৰক্তহীনতাৰ লগতে শৰীৰত অক্সিজেন দিয়া ব্যৱস্থা কৰি কোভিড পৰীক্ষা কৰাত শৰীৰত কোভিড সমক্ৰমনো ধৰা পৰে৷
চিকিৎসাধীন অৱস্থাতে চিনেশ্বৰ মৰাঙৰ মৃত্যু হয়৷
চিনেশ্বৰ মৰাং অসমৰ বিদেশী বিতাৰণ আন্দোলনৰ লগতে এটা বিপ্লৱী সংগঠনৰ জন্ম লগ্নৰে পৰাই জড়িত আছিল৷
অসমৰ শ্বহীদ নিৰ্বাচিত পৰিয়ালৰ সমন্বয় ৰক্ষী সমিটিৰ তেওঁ বোকাখাত মহকুমা সমিতিৰ সম্পাদকো আছিল৷