এটি কণমানি শিশু। পিতৃ মাতৃৰ এই মৰমৰ কণমানি শিশুটিয়েই আক্ৰান্ত হ’ল এবিধ অতি দুৰাৰোগ্য বিৰল ৰোগত।
চিকিৎসা আৰম্ভ কৰাৰ পিছতে চিকিৎসকে শিশুটিৰ পিতৃ-মাতৃক জনালে যে ১৬ কোটিটকীয়া এটা ইনঞ্জেকশ্যন দিয়াৰ পিছতে শিশুটি আৰোগ্য হোৱাৰ সম্ভাৱনা আছে।
পিতৃ-মাতৃৰ মূৰত যেন সৰগ ভাগি পৰিল। এই বিশাল পৰিমাণৰ ধন ক’ৰ পৰা যোগাৰ কৰি ইঞ্জেকশ্যনটো ক্ৰয় কৰিব তেওঁলোকে।
কিন্তু শিশুটিৰ পিতৃ-মাতৃক আচৰিত কৰি মাত্ৰ ৪২ দিনৰ ভিতৰতে আঢ়ৈ লক্ষাধিক লোকৰ আৰ্থিক সাহায্যৰ বাবে সম্ভৱপৰ হ’ল এই ১৬ কোটিকীয়া ইঞ্জেকশ্যনটো ক্ৰয় কৰিবলৈ।
২.৬ লাখ লোকে নিজৰ সাধ্যানুসাৰে আৰ্থিক দান বৰঙণি দি ১৬ কোটি টকা সংগ্ৰহ কৰি আক্ৰান্ত শিশুটিৰ পিতৃ-মাতৃক অৰ্পণ কৰে।
ইয়াৰ পিছতে চিকিৎসকে ১৬ কোটিটকীয়া মূল্যৰ ইঞ্জেকশ্যনটো শিশুটিক প্ৰদান কৰি জীৱন ৰক্ষা কৰে।
উল্লেখ্য যে আহমাদাবাদৰ শিশুটি স্পাইনাল মাচকুলাৰ আট্ৰোফি টাইপ-১ নামৰ এটি নিউৰোমাচকুলাৰ ৰোগত আক্ৰান্ত হৈছিল। ১০ হাজাৰ শিশুৰ মাজত মাত্ৰ এটি শিশুহে এই বিৰল ৰোগ বিধত আক্ৰান্ত হয়।
এই ৰোগত আক্ৰান্ত হ’লে শিশুৰ শৰীৰৰ পেশীবোৰ বিকল হৈ পৰে আৰু যথাসময়ত চিকিৎসা লাভ নকৰিলে মৃত্যু প্ৰায় অৱধাৰিত।
এই ৰোগৰ পৰা আৰোগ্য হোৱাৰ একমাত্ৰ উপায় হ’ল উক্ত ১৬ কোটিটকীয়া ইঞ্জেকশ্যনটো। ইঞ্জেকশ্যনটো প্ৰদান কৰাৰ পিছত আক্ৰান্ত শিশুৰ শৰীৰৰ পেশীবোৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে।
আহমদাবাদৰ আক্ৰান্ত শিশুটিক এই ইঞ্জেকশ্যনটো প্ৰদান কৰাৰ পিছতে আৰোগ্য হৈ উঠিছে।
“আমি বুজিছিলো যে আমাৰ ঘৰ বাৰী সা-সম্পত্তি বিক্ৰী কৰিলেও এই ইঞ্জেকশ্যনটো যোগাৰ কৰা সম্ভৱ নাছিল। কিন্তু সেই সময়তে ‘ইমপেক্ট গুৰু’ৰ দৰে গণ দাতৱ্য সংগঠনে মাত্ৰ ৪২ দিনৰ ভিতৰতে ২.৬০ লাখ মানুহৰ পৰা এই বিপুল অৰ্থ যোগাৰ কৰি দিয়ে।” শিশুটিৰ পিতৃ ৰাজদীপ সিঙে কয়।
শিশুটিৰ পিতৃয়ে জনোৱা মতে আৰ্থিক সাহায্য আগবঢ়োৱা বেছি ভাগেই সাধাৰণ তথা মধ্যবিত্ত লোক। তেওঁলোকৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ ফলতে তেওঁলোকৰ সন্তানটিয়ে পুনৰ জীৱন লাভ কৰিলে বুলিও স্বীকাৰ কৰিছে পিতৃ ৰাজদীপ সিঙে।