আইআইটিৰ একাংশ প্ৰাক্তন শিক্ষাৰ্থীৰ দ্বাৰা গঠিত প্ৰতিষ্ঠান EDVIZO-ৰ উদ্যোগত কোভিডকালীন সময়ত JEE আৰু NEET পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এটা বিনামূলীয়া হ্ৰস্বকালীন অনলাইন পাঠ্যক্ৰমৰ আয়োজন কৰিছে।
আইআইটি- JEE আৰু AIIMSৰ শীৰ্ষস্থানপ্ৰাপ্তই সঞ্চালনা কৰিবলগীয়া এই অনলাইন পাঠ্যক্ৰম কাৰ্যসূচী ৪৫দিন অনুষ্ঠিত হ’ব।
অহা ২৪ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া এই পাঠ্যক্ৰম কাৰ্যসূচী বৰ্তমানৰ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনলাইনযোগে লাইভ ভিডিঅ’ৰ মাধ্যমেৰে পাঠদান কৰা হ’ব।
এই বিনামূলীয়া পাঠ্যক্ৰমৰ বাবে পঞ্জীয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত ১০০গৰাকীয়ে অংশগ্ৰহণ কৰিব পাৰিব।
EDVIZO কৰ্তৃপক্ষই পঞ্জীকৃত ছাত্ৰ-ছাত্ৰীসকলক লাইভ ক্লাছত অংশগ্ৰহণ কৰিব পৰাকৈ USER ID আৰু পাছৱৰ্ড দিব। এই বিনামূলীয়া পাঠদান কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলে সৰ্বমুঠ ১০০ঘন্টাতকৈয়ো অধিক সময় প্ৰশিক্ষণ লাভ কৰিব।
ছাত্ৰ-ছাত্ৰীসকলে লগতে ফিজিক্স, কেমেষ্ট্ৰী, বায়’লজি আৰু গণিত বিষয়ৰো শিক্ষা লাভ কৰিব। বিষয়বস্তুসমূহ পুনৰ আলোচনা কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক সকলো ক্লাছৰে ৰেকৰ্ডিং যোগান ধৰা হ’ব।
এই পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিবলৈ ১৩মে’ ২০২১ৰ পৰা আৰম্ভ হোৱা পঞ্জীয়নৰ ১৭মে’ ২০২১ত অন্ত পৰিব। পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিব খোজা ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে WWW. EDVIZO.COM/CC ৱেবছাইটত গৈ পঞ্জীয়ন কৰাৰ উপৰি ১৮০০২১২৭১৪৪ নম্বৰত যোগাযোগ কৰিব পাৰিব।