শেহতীয়াকৈ দেশত বৃদ্ধি পোৱা শাৰীৰিক নিৰ্যাতনৰ প্ৰতি লক্ষ্য ৰাখি মেঘালয়ৰ পশ্চিম খাচী পাহাৰ জিলা প্ৰশাসনে ছোৱালীসকলৰ সুৰক্ষাৰ দিশটোলৈ লক্ষ্য কৰিয়েই গ্ৰহণ কৰিছে এক উল্লেখণীয় পদক্ষেপ। এই উদ্দেশ্যে প্ৰশাসনে জিলাখনত অৱস্থিত বিদ্যালয়সমূহৰ ছাত্ৰীসকলৰ বাবে আয়োজন কৰিছে আত্ম সুৰক্ষা সম্পৰ্কীয় এক কাৰাটে প্ৰশিক্ষণ শিবিৰ। প্ৰশিক্ষণ দিয়াৰ বাবে জিলা প্ৰশাসনে নিয়োগ কৰিছে প্ৰাক্তন কাৰাটে বিশ্ব চেম্পিয়ন লিঞ্জা এফ চিয়েমক।
পশ্চিম খাচী পাহাৰ জিলাৰ উপায়ুক্তই এই প্ৰশিক্ষণৰ ঘোষণা কৰি কয়, ‘জিলা ক্ৰীড়া উন্নয়ন সমিতিৰ সৌজন্যত পোন প্ৰথমবাৰৰ বাবে আমি স্কুলীয়া ছাত্ৰীসকলক এমাহযোৰা এক আত্ম সুৰক্ষাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছো’।
ৰাস্তা-ঘাটে ছোৱালীসকলক কৰা অভব্য আচৰণ, গুণ্ডামী, অশালীন ব্যৱহাৰ আদি ৰোধ কৰাৰ উদ্দেশ্যে এই উল্লেখণীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উপায়ুক্তগৰাকীয়ে সদৰী কৰে।
উল্লেখযোগ্য যে মেঘালয়ৰ ভিতৰত পশ্চিম খাচী পাহাৰ জিলাত আটাইতকৈ বেছি যৌন নিৰ্যাতন সম্পৰ্কীয় ঘটনা সংঘটিত হৈছে। আৰু যোৱা তিনিবছৰৰ ভিতৰত জিলাখনত এনেধৰণৰ ঘটনা যথেষ্ট হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে বুলি উপায়ুক্তই জানিবলৈ দিয়ে।
নেশ্যনেল ক্ৰাইম ৰেকৰ্ড’ছ ব্যুৰ’ৰ (এন ছি আৰ বি) তথ্য অনুসৰি ২০১৫ বৰ্ষটোত ৬.৮ শতাংশ নাৰী নিৰ্যাতনৰ ঘটনা জিলাখনত সংঘটিত হৈছে। আৰু এই সংখ্যা ২০১৬ চনত বৃদ্ধি পাইছে প্ৰায় দুগুণ।
আত্ম সুৰক্ষাৰ প্ৰশিক্ষণ কাৰ্যসূচীটোৰ বিষয়ে জিলা ক্ৰীড়া বিষয়া পি বি ৱাৰ নংব্ৰীয়ে কয় যে ছোৱালীসকলৰ বাবে আয়োজিত এই বিশেষ প্ৰশিক্ষণ শিবিৰ পোন প্ৰথমবাৰৰ বাবে ৰাজ্যখনত জিলা ক্ৰীড়া উন্নয়ন সমিতিৰ সৌজন্যত আয়োজন কৰা হৈছে।