দেশৰ ক’ৰ’না পৰিস্থিতি ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে। ক’ৰ’নাৰ সংক্ৰমণ সামান্য হাৰত কমিছে যদিও মৃত্যুৰ হাৰ মুঠেও কমা নাই।
বহু ৰাজ্যই ক’ৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ লকডাউন ঘোষণা কৰিছে। চিকিৎসালয়ৰ বিচনাৰ অভাৱত বহু ঠাইত কোভিড ৰোগীক ঘৰতে আইচ’লেচনত থকাৰ পৰামৰ্শ দিয়া হৈছে।
কিন্তু ঘৰত আইচ’লেচন অৰ্থাৎ আনৰ পৰা পৃথককৈ থকাৰ সুবিধা নথকাৰ বাবেই তেলেংগানাৰ এজন যুৱকে বিগত ১১ দিন ধৰি ৰ’দ-বৰষুণ মূৰতলৈ গছৰ ওপৰতে বাস কৰিবলগীয়া হৈছে।
তেলেংগানাৰ নালগোণ্ডাৰ বাসিন্দা শিৱা নায়ক নামৰ যুৱক জনে বিগত ১১ দিন ধৰি ঘৰৰ পৰা বহু নিলগত থকা নিৰ্জন স্থানৰ এজোপা গছৰ ওপৰতে বাঁহেৰে চাং সাজি বাস কৰি আছে।
যুৱক জনে তেলেংগানাৰ এখন চহৰত পঢ়ি আছিল। ক’ৰ’নাতংকৰ বাবে কলেজ বন্ধ হৈ পৰাত যুৱকজনে ঘৰলৈ উভতি আহিছিল। ঘৰলৈ অহাৰ পিছতে যুৱক জন অসুস্থ হৈ পৰে।
কোভিড পৰীক্ষা কৰোৱাত তেওঁ কোভিডত আক্ৰান্ত বুলি নিশ্চিত হয়।
শিৱাৰ গাঁৱৰ ঘৰৰ পৰা চিকিৎসালয় বহু নিলগত হোৱা বাবে তেওঁ দেহত কোভিডলৈ চিকিৎসালয়লৈ গৈ চিকিৎসা গ্ৰহণ কৰিব পৰা নাছিল। কাৰণ চিকিৎসালয়লৈ যোৱাৰ সময়তে তেওঁৰ পৰা আনলৈ কোভিড সংক্ৰমণৰ আশংকা কৰিছিল শিৱাই।
ইপিনে ঘৰত বহু লোকে একেলগে বাস কৰে বাবে তেওঁ ঘৰত থকাটোও ভাল নহ’ব বুলি ভাবি লৈছিল।
সেইবাবেই তেওঁ ঘৰৰ পৰা বহু নিলগত থকা এটা নিৰ্জন অঞ্চলৰ এজোপা গছৰ ওপৰতে থকাৰ সিদ্ধান্ত লয়। লগত যিমান খিনি পাৰি খাদ্য আৰু পানীলৈ তেওঁ গছৰ ওপৰলৈ উঠিল আৰু ১১ দিন ধৰি গছৰ ওপৰতে বাস কৰি আছে।
ক’ভিড সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত যুৱক জনে গ্ৰহণ কৰা এনে পদক্ষেপক বহুতে প্ৰশংসা কৰিছে যদিও বহুতে আকৌ দেশৰ গাঁও অঞ্চলত কোভিড ৰোগীৰ বাবে সুব্যৱস্থা গঢ়ি নুঠাত চৰকাৰক সমালোচনাও কৰা দেখা গৈছে।