• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুত্ৰ নন্দিলে আগবঢ়ালে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ বৰঙণি : গৌৰৱান্বিত বুলি ঘোষণা কোটিপতি মুখ্যমন্ত্ৰী পিতৃৰ

কোটিপতি মুখ্যমন্ত্ৰীৰ পুত্ৰই মাত্ৰ ২০০০ টকা বৰঙণি আগবঢ়োৱা বুলি সামাজিক মাধ্যমত কটাক্ষ বহুজনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 19, 2021 12:29 pm
Nandil & HBS
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত সন্ত্ৰাস সৃষ্টি কৰা কোভিড পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে অসমৰ ৰাইজক মুক্তহস্তে মুখ্যমন্ত্ৰী সাহায্য পুঁজি আৰু আৰোগ্য নিধিলৈ দান বৰঙণি আগবঢ়াবলৈ আহ্বান জনাইছিল।

মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ এই আহ্বানৰ পিছতে চ’ছিয়েল মিডিয়াত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। সামাজিক মাধ্যমত এক্টিভ থকা অসমৰ গৰিষ্ঠসংখ্যক লোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি যোৱা বছৰ কোভিড পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ ৰাইজে মুক্তহস্তে আগবঢ়োৱা দান-বৰঙণিৰ সম্পূৰ্ণ হিচাপ তথা তথ্য বিচাৰে।

Apply Now

যোৱা বছৰ কিমান ধন সংগৃহীত হৈছিল, সেই ধন ক’ত কেনেকৈ ব্যৱহাৰ কৰা হ’ল আৰু মুখ্যমন্ত্ৰী সাহায্য আৰু আৰোগ্য নিধিত ৰাইজে বৰঙণি দিয়া কিমান ধন জমা আছে এই সকলো হিচাপ বিচাৰি মুখ্যমন্ত্ৰীক দাবী জনালেও মুখ্যমন্ত্ৰীয়ে এই দাবীৰ প্ৰতি কোনো সঁহাৰি নিদি নিজ পুত্ৰই সাহায্য পুঁজিলৈ বৰঙণি প্ৰদান কৰাৰ খবৰটোহে আজি চ’ছিয়েল মিডিয়াৰ যোগে প্ৰকাশ দেখা গ’ল।

লগতে পঢ়ক : পূৰ্বৰ আৰোগ্য নিধিৰ সংগৃহীত ধনৰেই হিচাপ নাই! আকৌ সাহায্য বিচাৰি আক্ৰমণৰ সন্মুখীন মুখ্যমন্ত্ৰী ডঃ শৰ্মা

প্ৰকাৰান্তেৰে ৰাইজৰ দাবীক গুৰুত্ব নিদি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই চ’ছিয়েল মিডিয়াৰ যোগে নিজৰ লগতে পুত্ৰৰ বাবে ৰাজনৈতিক আৱেগ সৃষ্টিৰে মাইলেজ বৃদ্ধি কৰাতহে গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে।

আজি পুৱা ভাগত কোটিপতি মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ মাত্ৰ ২০০০ টকা বৰঙণি আগবঢ়োৱা বুলি খোদ মুখ্যমন্ত্ৰীয়ে নিজ টুইটাৰ আৰু ফেইচবুক যোগে প্ৰকাশ কৰিছে।

ইয়াৰ পিছতে চ’ছিয়েল মিডিয়াত মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন লোকে। বহুতে কোটিপতি মুখ্যমন্ত্ৰীৰ পুত্ৰই মাত্ৰ ২০০০ টকাহে বৰঙণি আগবঢ়োৱা বুলি কটাক্ষ কৰাও দেখা গৈছে।

উল্লেখ্য যে ২০২০ বৰ্ষত অসমৰ ৰাইজে কোভিডেৰে মোকাবিলা কৰিবলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজি আৰু আৰোগ্য নিধিলৈ যিদৰে মুক্তহস্তে দান বৰঙণি আগবঢ়াইছিল তাৰ তুলনাত এইবাৰ সেই উছাহ আৰু আগ্ৰহ দুয়োটাই পৰিলক্ষিত হোৱা নাই।

যোৱাবাৰ সাহায্য আগবঢ়োৱা ইখনৰ পিছত সিখন অনলাইন ৰিচিপ্টেৰ স্ক্ৰীণশ্বটে চ’ছিয়েল মিডিয়াৰ প্লেটফৰ্ম ভৰি পৰা দেখা গৈছিল। কিন্তু এইবাৰ তাৰ সম্পূৰ্ণ ওলোটা ছবি এখনহে দেখা গৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পুত্ৰই বৰঙণি আগবঢ়োৱা অনলাইন ৰিচিপ্টখনৰ পূৰ্বে এখনো ৰিচিপ্ট এইবাৰ ভাইৰেল হোৱা নাছিল। ইয়াৰ পৰা ধৰিব পাৰি যে যোৱাবাৰৰ দৰে এইবাৰ ৰাইজে দান বৰঙণি আগবঢ়োৱা নাই।

কিছু লোকে ক’ব খোজে যে মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি ৰাইজে কোনো সঁহাৰি নজনোৱাৰ বাবেই ডঃ হিমন্ত বিশ্ব শৰ্মাই পুত্ৰই আগবঢ়োৱা সাহায্যৰ দ্বাৰা চ’ছিয়েল মিডিয়াৰ যোগে আৱেগৰ এক জোৱাৰ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিছে যাতে অসমৰ জনসাধাৰণে সেই আৱেগৰ বশৱৰ্তী হৈ মুক্তহস্তে চৰকাৰলৈ বৰঙণি আগবঢ়ায়।

মুখ্যমন্ত্ৰীয়ে পুত্ৰ নন্দিলে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ২০০০ টকা বৰঙণি আগবঢ়োৱা বুলি চ’ছিয়েল মিডিয়াৰ যোগে প্ৰচাৰ চলোৱাৰ পিছত অসমৰ জনতাই কেনেদৰে দান বৰঙণি আগবঢ়ায় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd