ধুবুৰী জিলাৰ উপায়ুক্ত অন্বামুথন এম পিয়ে আজি জিলাখনৰ মতিৰচৰ অঞ্চলত ব্ৰহ্মপুত্ৰ নদীয়ে সৃষ্টি কৰা খহনীয়া পৰিদৰ্শন কৰে৷
মতিৰচৰত হোৱা খহনীয়াই ধুবুৰী-পাতামাৰী পথ তথা মথাউৰিলৈ ভাবুকি অনা বুলি জলসম্পদ বিভাগৰ ধুবুৰী জিলাৰ কাৰ্যবাহী অভিযন্তাৰ পৰা খবৰ পোৱাৰ পিছতে তাৎক্ষণিকভাৱে তেওঁ খহনীয়া পৰিদৰ্শন কৰে৷
উপায়ুক্তৰ পৰিদৰ্শনত ধৰা পৰে যে ব্ৰহ্মপুত্ৰৰ ওপৰত ধুবুৰী আৰু মেঘালয়ৰ ফুলবাৰীৰ মাজত দলং নিৰ্মাণ কৰি থকা ঠিকাদাৰী প্ৰতিষ্ঠান ‘এল এণ্ড টি’ৰ কামৰ বাবেই ঠাইখিনিত খহনীয়া হৈছে৷
ব্ৰহ্মপুত্ৰৰ এটা সুঁতিৰ ওপৰত ‘এল এণ্ড টি’ কোম্পানীয়ে এটা সংযোগী পথ নিৰ্মাণ কৰিছে৷
ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িবলৈ লোৱাত সুঁতিটোৰে বৈ অহা পানী সংযোগী পথটোত বাধাপ্ৰাপ্ত হৈ উভতি
গৈ মতিৰচৰত খুন্দা মৰাত খহনীয়াৰ সৃষ্টি হৈছে৷
বিগত বৰ্ষতো ঠাইখিনিত খহনীয়া হৈছিল যদিও জলসম্পদ বিভাগে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু শেহতীয়াকৈ এল এণ্ড টি কোম্পানীয়ে সংযোগী পথটো নিৰ্মাণ কৰাত এইবাৰ পুনৰ খহনীয়া আৰম্ভ হৈছে৷
খহনীয়া হৈ থকা স্থানৰ পৰা মাত্ৰ পাঁচ মিটাৰ দূৰত্বত থকা ধুবুৰী-পাতামাৰী পথ তথা মথাউৰিটোলৈ হঠাৎ পুনৰ ভাবুকি আহি পৰিছে৷
আজি খহনীয়া পৰিদৰ্শন কৰি উপায়ুক্তই ‘এল এণ্ড টি’ কোম্পানী আৰু ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাথনি উন্নয়ণ নিগম(এন এইচ আই ডি চি এল)ক খহনীয়া নিয়ন্ত্ৰণৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে৷