ইটানগৰত আহি উপস্থিত হোৱা কেন্দ্ৰীয় গৃহ সচিব ৰাজীৱ গোৱাবাই কালি অৰুণাচলৰ ৰাজ্যপাল বিগ্ৰেডিয়াৰ ড০ বি ডি মিশ্ৰৰ লগত আলোচনাত মিলিত হয়। উক্ত বৈঠকত বৰ্তমান ৰাজ্যখনৰ আইন-শৃংখলাৰ পৰিস্থিতিয়ে স্থান পায়। অৰুণাচলৰ তিৰাপ, লংডিং আৰু চাংলাং জিলা কেইখন সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইনৰ অধীনত অশান্তজৰ্জৰ অঞ্চল ৰূপে চিহ্নিত হোৱা প্ৰসংগটোক উত্থাপন কৰি ৰাজ্যপালগৰাকীয়ে পুলিচ বাহিনীৰ আধুনিকীকৰণৰ ওপৰত গুৰুত্ব দিয়ে। সন্ত্ৰাস-বিৰোধী অভিযানবোৰ প্ৰসংগতো এই আলোচনাত ঠাই পায়। ৰাজ্যপালগৰাকীয়ে কয় যে এই সমস্যাবোৰ সঠিকভাৱে যেতিয়া মোকাবিলা কৰা হ’ব, তেতিয়াহে ৰাজ্যখনলৈ শান্তি ঘূৰি আহিব। আন্তঃগাঁথনি আৰু জীৱন নিৰ্বাহৰ মান কম হোৱাৰ ফলত সীমামূৰীয়া অঞ্চল বিলাকৰ পৰা হৈ থকা প্ৰব্ৰজনক লৈ ৰাজ্যপালগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰে। তেওঁ এনে অঞ্চল সমূহৰ পৰা ৪-৬ খন গাঁও বাছি উলিয়াই পাইলট প্ৰজেক্টৰ জৰিয়তে তাত বাসভূমি, চিকিৎসাকেন্দ্ৰ, স্কুল, পানী আৰু যাতায়াত ব্যৱস্থা, জৰুৰীকালীন হেলিপেড আদিৰ ব্যৱস্থা কৰাৰ পৰামৰ্শ দিয়ে। লগতে এইবোৰ অঞ্চলৰ লোকসকললৈ সামৰিক বাহিনী, অৰ্ধ সামৰিক বাহিনীবোৰে সৰু-সুৰা কাম আগ বঢ়াব পাৰে বুলিও তেওঁ কয়।