চেণ্ট্ৰেল ব’ৰ্ড অব ছেকেণ্ডাৰী এডুকেশ্যনে (চি বি এছ চি) আজি গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি দশম মানৰ গণিতৰ কাকত আৰু দ্বাদশ মানৰ অৰ্থনীতিৰ কাকতৰ পৰীক্ষা পুনৰ অনুষ্ঠিত কৰা হ’ব। নতুনকৈ অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ তাৰিখ আৰু অন্যন্য তথ্য এসপ্তাহৰ ভিতৰতে চি বি এছ চিৰ ৱেবছাইটত প্ৰকাশ কৰা হ’ব বুলি পৰীক্ষা নিয়ন্ত্ৰণ ব’ৰ্ডৰ তৰফৰ পৰা জনোৱা হৈছে।
প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছত চি বি এছ চি পৰীক্ষা নিয়ন্ত্ৰকে আজি এক জাননী যোগে বিবৃতি দিছে যে বাতৰিত প্ৰকাশ পোৱা মতে কেইটামান পৰীক্ষাত হৈ থকা অনিয়ম সন্দৰ্ভত পৰীক্ষা নিয়ন্ত্ৰণ ব’ৰ্ড অৱগত। ব’ৰ্ডৰ দ্বাৰা পতা পৰীক্ষাৰ পবিত্ৰতা ৰক্ষা কৰা আৰু শিক্ষাৰ্থীসকলৰ প্ৰতি ন্যায় কৰাৰ বাবে পৰীক্ষাসমূহ পুনৰাই পতা হ’ব বুলি বিবৃতিটোত কোৱা হৈছে।
জানিব পৰা গৈছে যে প্ৰশ্ন কাকত ফাদিল হোৱা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে এটা তদন্ত আৰম্ভ কৰিছে।
উল্লেখ্য যে পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগ দিনা চি বি এছ চিৰ প্ৰশ্ন কাকতৰ হাতে লিখা হুবহু প্ৰতিলিপি ছচিয়েল মেডিয়াৰ মেছেজত বিয়পি পৰাৰ পিছত চি বি এছ চিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল।
কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী প্ৰকাশ জাভেদকাৰেও স্বীকাৰ কৰিছে যে চি বি এছ চিয়ে অনুষ্ঠিত কৰা পৰীক্ষাৰ কাকত ফাদিল হৈছিল।
এতিয়া উত্তৰ-পূৰ্বাঞ্চলকে ধৰি সমগ্ৰ দেশৰে দশম আৰু দ্বাদশ মানৰ প্ৰায় ২৮ লাখ শিক্ষাৰ্থীয়ে চি বি এছ চিয়ে নিৰ্ধাৰণ কৰি দিয়া নতুন সময়সূচী অনুযায়ী পৰীক্ষাত বহিব লাগিব।
উল্লেখ্য যে দশম মানৰ পৰীক্ষাৰ বাবে ১৬,৩৮,৪২৮ আৰু দ্বাদশ মানৰ পৰীক্ষাৰ বাবে ১১,৮৬,৩০৬ গৰাকী শিক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছিল।