যোৱা ১২ জুলাইত অসম বিধান সভাৰ মজিয়াত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই উৎথ্বাপন কৰা ‘অসম পশু সংৰক্ষণ বিধেয়ক,২০২১’ৰ প্ৰসংগত এগৰাকী সাধাৰণ নাগৰিক হিচাপে কিছু মতামত প্ৰকাশ কৰিবলৈ বিচাৰিছো।
সন্মানীয় মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিধেয়ক খন উৎথ্বাপন কৰি কৈছে যে কাষৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ অবৈধভাৱে যি গো-সৰবৰাহ হয় তাক নিয়ন্ত্ৰণ কৰিবলৈ আন্ত:ৰাজ্যিক গো-পৰিবহনৰ ক্ষেত্ৰত এই বিধেয়কখনৰ জৰিয়তে নিষেধাজ্ঞা আৰোপ কৰিবলৈ বিচৰা হৈছে।
বিধেয়কখনৰ প্ৰস্তাৱনাত কোৱা হৈছে যে এই বিধেয়কৰ জৰিয়তে পশুধনৰ নিধন, গো-মাংস ভক্ষণ,অবৈধ পৰিবহন আৰু ইয়াত লগত জড়িত কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰিবলৈ বিচৰা হৈছে। ইয়াৰ বাবে বিধেয়কখনত যিবোৰ কাঢ়া অনুচ্ছেদ সন্নিৱিষ্ট কৰা হৈছে তাৰে কেইটামান চমুকৈ এনেধৰণৰ-
অনুচ্ছেদ ৪: পশুবধ নিষেধ : অন্য কোনো আইনত উল্লেখ থাকিলেও বা ইয়াৰ বিপৰীত কোনো উপযোগ থাকিলেও কোনো লোকে পশু হত্যা কৰিব নোৱাৰিব।
অনুচ্ছেদ ৫: সক্ষম অধিকাৰীৰ প্ৰমাণপত্ৰ নোহোৱাকৈ পশু বধ নিষেধ: যিটো অঞ্চলত পশুবধ কৰিবলৈ বিচৰা হ’ব সেই অঞ্চলৰ পশুপালন বিভাগৰ পঞ্জীয়নকৃত পশু চিকিৎসা অধিকাৰীৰ লিখিত প্ৰমাণপত্ৰ নোহোৱাকৈ কোনো লোকে পশুবধ কৰিব নোৱাৰিব।
তদুপৰি পশু চিকিৎসা অধিকাৰীয়ে প্ৰমাণ পত্ৰ দিয়াৰ ক্ষেত্ৰত নিশ্চিত হ’ব লাগিব যে বধ কৰিবলৈ বিচৰা পশুটোৰ (গৰু নহয়) বয়স ১৪ বছৰ হৈছে। তদুপৰি পশুটো (গৰু, চেউৰী বা দামুৰী হ’ব নোৱাৰিব) কাম কৰিবলৈ বা প্ৰজনন কৰিবলৈ স্থায়ীভাৱে অক্ষম হৈ পৰিব লাগিব আৰু এনে অক্ষমতা কোনো দুৰ্ঘটনাজড়িত আঘাত বা আভঁজা অৱস্থা (deformity)ৰ বাবে হ’ব লাগিব।
অনুচ্ছেদ ৬: পশু বধ গৃহৰ বাদে অন্য স্থানত বধ বাৰণ*
অনুচ্ছেদ ৫ৰ অধীনত কোনোলোকে যদি পশু হত্যা বা বধৰ অনুজ্ঞা লাভ কৰে তেন্তে তেনে পশু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা অনুজ্ঞা থকা পশুবধ গৃহতহে বধ কৰিব পাৰিব। অৱশ্যে ৰাজ্য চৰকাৰে উপাসনাৰ কিছু স্থান বা কোনো উৎসৱ পাৰ্বনত (occasions) ধৰ্মীয় কাৰণত পশুবধ কৰিবলৈ ৰেহাই দিবও পাৰে।\
অনুচ্ছেদ ৭: পশুৰ পৰিৱহন নিষেধ: এই অনুচ্ছেদৰ জৰিয়তে বৈধ অনুজ্ঞাপত্ৰ নোহোৱাকৈ পশু পৰিবহন সম্পূৰ্ণভাৱে নিষেধ কৰা হৈছে। ৭(১) নং অনুচ্ছেদ অনুযায়ী কোনো লোকে বৈধ অনুজ্ঞা নোহোৱাকৈ অসমৰ বাহিৰৰ ৰাজ্যৰপৰা অসমৰ মাজেৰে অসমৰ বাহিৰলৈ পশু পৰিবহন কৰিব নোৱাৰিব। তদুপৰি অসমৰ বাহিৰৰ কোনো স্থানত য’ত পশুবধ আইনৰ দ্বাৰা নিয়ন্ত্ৰিত নহব তালৈকেও পশু পৰিবহন কৰিব পৰা নাযাব। অনুচ্ছেদ ৭(২) অনুযায়ী কোনো লোকে আন ৰাজ্যৰ কোনো স্থানৰ পৰা এই বিধিৰ দ্বাৰা পশুবধ শাস্তিযোগ্য বুলি ঘোষণা দিয়া ৰাজ্যৰ কোনো স্থানলৈ পশু পৰিবহন কৰিব নোৱাৰিব। একেদৰে এই বিধিৰদ্বাৰা পশুবধ শাস্তিযোগ্য বুলি ধৰা ৰাজ্যৰ এঠাইৰ পৰা আনঠাইলৈ পশু পৰিবহন কৰিব নোৱাৰিব।\
কেৱল কৃষি আৰু পশুপালন কাৰ্য্যত প্ৰকৃতাৰ্থত প্ৰয়োজনীয় পশু পৰিবহন ; চৰণীয়া পথাৰলৈ নিয়া; জিলা খনৰ ভিতৰতে কৃষি আৰু পশুপালনৰ বাবে পশু পৰিবহন কাৰ্যক এই বিধেয়কে ৰেহাই দিছে। পঞ্জীয়নকৃত পশু বজাৰৰ বাবে জিলাৰ ভিতৰতে পশু পৰিবহন কাৰ্যকো এই বিধেয়ক জৰিয়তে ৰেহাই প্ৰদান কৰা হৈছে।\
অনুচ্ছেদ ৮: গো-মাংস আৰু গো-মাংসজাত খাদ্য সামগ্ৰীৰ বিক্ৰীত নিষেধ* : এই অনুচ্ছেদৰ জৰিয়তে কেৱল সক্ষম প্ৰাধিকাৰীৰ দ্বাৰা অনুমতি দিয়া স্থানৰ বাদে আন স্থানত কোনো গো-মাংস বা গো-মাংসজাত সামগ্ৰী পৰোক্ষ বা প্ৰত্যক্ষ ভাৱে বিক্ৰী কৰিব নোৱাৰিব বুলি কোৱা হৈছে।\
তদুপৰি হিন্দু, জৈন, শিখ আৰু অন্যান্য গো-মাংস নোখোৱা লোকৰ প্ৰধানত বসবাস থকা এলেকাত তথা মন্দিৰ, সত্ৰ আৰু হিন্দু ধৰ্মৰ আন অনুষ্ঠান থকা স্থানৰ ৫ কি:মি ব্যাসাৰ্ধৰ ভিতৰত এনে অনুমতি প্ৰদান কৰা নহ’ব।
ভাৰতবৰ্ষৰ সংবিধানৰ ৪৮ নং অনুচ্ছেদৰ অধীনত (ভাৰতবৰ্ষৰ সংবিধানৰ ৪৮ নং অনুচ্ছেদটো এনেধৰণৰ-” ৰাজ্যই আধুনিক আৰু বিজ্ঞানসন্মত প্ৰণালীৰে কৃষি আৰু পশুপালন সংগঠিত কৰিবলৈ প্ৰয়াস কৰিব; বিশেষকৈ গাই আৰু পোৱালী আৰু অন্যান্য খীৰতী আৰু ভাৰটনা গৰু ম’হ আদিৰ বধ প্ৰতিষেধ কৰিবলৈ আৰু বংশ পৰিৰক্ষণ আৰু উন্নত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব) এই বিধেয়ক প্ৰণয়ন কৰা হৈছে যদিও বিধেয়কখন আইনত পৰিণত হ’লে যিবোৰ আৰ্থিক আৰু সংবিধানিক আহুকালৰ সৃষ্টি হ’ব সেই বোৰ আমাৰ দৃষ্টিত নিম্নোক্ত ধৰণৰ-
গ্ৰাম্য অৰ্থনীতি বিধ্বস্ত হৈ পৰাৰ সম্ভাৱনা: ভাৰতবৰ্ষৰ সাংবিধান গ্ৰহণ কৰাৰ সময়ৰে পৰা হিন্দুত্ববাদী এটা শ্ৰেণীয়ে দেশখনত গো হত্যা সম্পূৰ্ণ বাৰণ কৰাৰ লগতে গো-মাংস ভক্ষণ যাতে পৰিকল্পিতৰূপত নোহোৱা কৰিব পাৰি তাৰ বাবে এক কাঢ়া বিধি প্ৰণয়ন কৰিবলৈ বিচাৰিছিল। অৱশ্যে এনে আইনে প্ৰত্যক্ষ ভাৱে সংবিধানৰ অনুচ্ছেদ ১৪ ,১৯(১)(জি),২১ আৰু ২৫ উলংঘা কৰাৰ সম্ভাৱনা থকালৈ লক্ষ্য ৰাখি এখন প্ৰত্যক্ষ গো-মাংস ভক্ষন বাৰণ আইন প্ৰণয়ন সম্ভৱ হৈ উঠা নাছিল। সি যি নহওক, বিগত কেইটামান বছৰত মূলত:গো- হত্যা নিষেধৰ জৰিয়তে গো-মাংসৰ বজাৰখন নিয়ন্ত্ৰণ কৰিবলৈ বিচৰা কাৰ্যই সমগ্ৰ ভাৰতবৰ্ষৰ গ্ৰাম্য অৰ্থনীতি সলনি কৰাৰ সম্ভাৱনাই দেখা দিছে।\
আমি মনত ৰখা দৰকাৰ যে পশুপালনৰ লগতে পশু মাংস, পশুৰ ছাল, হাড় আদিয়ে সমগ্ৰ দেশতে এক বৃহৎ অৰ্থনীতি গঢ় দিছে আৰু ধৰ্ম, জাতি,বৰ্ণ নিৰ্বিশেষে লাখ লাখ লোক এই অৰ্থনীতিৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে জড়িত। পশুপালন কৰা হিন্দু, জৈন বা শিখ ধৰ্মাৱলম্বী লোকেও পশুৰ প্ৰজনন হ্ৰাস পালে বা পশু কামৰ বাবে অনুপযোগী হৈ পৰিলে তেনে পশু বিক্ৰী কৰি দিবলৈ বিচাৰে আৰু তেনে বিক্ৰী মূল্যৰে এক শকত ধন লাভ কৰে। পশু সংৰক্ষণ বিধেয়কৰ নিচিনা বিধিয়ে এনে বৃহৎ এক অৰ্থনীতি তচনচ কৰি দিয়াৰ সম্ভাৱনাই সৰহ। তেনেহ’লে মানুহে পশুপালনৰ প্ৰতি অধিক অনাগ্ৰহী (অসমৰ বেচিভাগ গাঁৱৰ খেতিপথাৰত অপৰিকল্পিতভাৱে ট্ৰেক্টৰ আৰু অন্যান্য যন্ত্ৰৰ পয়োভৰ ঘটাৰ পৰিণতিত গাওঁবোৰত পশুধনৰ সংখ্যা দ্ৰুত হাৰত কমি অহাটো এই ক্ষেত্ৰত প্ৰণিধানযোগ্য ) হৈ পৰিব আৰু জৈৱিক কৃষিকৰ্মৰ বিষয়টোও এক কাল্পনিক বিষয় হৈ পৰিবলৈ বাধ্য হ’ব।
খাদ্য গ্ৰহণৰ ব্যক্তি স্বতন্ত্ৰতা: ২০১৭ চনত বোম্বাই উচ্চ ন্যায়ালয়ে এক ঐতিহাসিক ৰায় প্ৰদানেৰে ঘোষণা দিছিল যে এগৰাকী নাগৰিকৰ নিজৰ ঘৰৰ চাৰিকোণৰ ভিতৰত তথা ঘৰৰ বাহিৰত অৰ্থবহ জীৱন যাপনৰ এক অধিকাৰ আছে। স্বাস্থ্যৰ বাবে অহানিকাৰক কোনো বিশেষ খাদ্য ৰখা আৰু তাক গ্ৰহণ কৰাৰপৰা কোনো নাগৰিকক ৰাষ্ট্ৰই বাধা দিব নোৱাৰে।[ A citizen has a right to lead a meaningful life within the four corners of his house as well as outside his house. The state can not prevent a citizen from possessing and consuming a particular type of food which is not injurious to health (or obnoxious)]বৰ্তমান পশু সংৰক্ষণ বিধেয়কৰ জৰিয়তে চৰকাৰে তেনে এক বাধা দিয়াৰে পৰোক্ষ প্ৰয়াস কৰিছে।
যদি চৈধ্য বছৰৰ ঊৰ্দ্বৰ পশুকহে বধ কৰাৰ অনুমতি দিয়া হয় তেন্তে তেনে মাংস কিমান পুষ্টিকৰ হ’ব?নে ভাৰতবৰ্ষৰ বৃহৎ গো-মাংসৰ বজাৰখন কোনো কৰ্পোৰেট খণ্ডৰ হাতত গতাই দিয়াৰ বাবে এক পৰিকল্পনা ভিতৰি ভিতৰি চলিছে!