• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 6, 2026 9:04 pm
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ অগ্ৰণী স্বেচ্ছাসেৱী সংস্থা প্ৰাগ্‌জ্যোতি কমিউনিকেশ্যনচ আৰু মৰিগাঁও জিলা প্ৰশাসনৰ যুটীয়া উদ্যোগত ৫ জুন তাৰিখে মৰিগাঁও জিলাৰ ঝাৰগাঁৱত থকা মোহন বাঁশী দাস কনিষ্ঠ মহাবিদ্যালয়ত চলিত বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱস অতি উলহ-মালহেৰে পালন কৰা হয়। ২০১১ চনৰ পৰাই এই দিৱস পালন কৰি অহা সংস্থাটোৱে এইবাৰো দিনজোৰা কাৰ্যসূচীৰে ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ মাজত পৰিৱেশ সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ বিপুল দাসে আদৰণী ভাষণ প্ৰদান কৰা এই সমগ্ৰ অনুষ্ঠানটো সুন্দৰকৈ পৰিচালনা কৰে জ্যেষ্ঠ সাংবাদিক নজৰুল ইছলামে।

ৰাতিপুৱা ৮ বজাত প্ৰাগ্‌জ্যোতিৰ অধ্যক্ষ দীপাঙ্ক হাজৰিকাই পৰিৱেশপ্ৰেমী জুবিন গাৰ্গৰ সোঁৱৰণত এটি নাহৰ গছৰ পুলি ৰোৱাৰ লগে লগে কাৰ্যসূচীৰ শুভাৰম্ভ হয়। ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰী, শিক্ষক-অভিভাৱক আৰু স্থানীয় ৰাইজৰ অংশগ্ৰহণেৰে এখন সজাগতামূলক সমদল উলিওৱা হয়। সমদলটো গৈ ঝাৰগাঁৱৰ কেন্দ্ৰীয় কৃষিবিজ্ঞান কেন্দ্ৰত উপস্থিত হয়। তাত নেপক’ৰ বিষয়া অভিষেক কুমাৰ আৰু কেন্দ্ৰীয় ক’ক’নাড ব’ৰ্ডৰ বিষয়া ৰাজীৱ ভূষণ প্ৰসাদে ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশ ৰক্ষাৰ বাবে উৎসাহিত কৰে। কৃষিবিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ডঃ ঋজুস্মিতা শৰ্মাৰ সহযোগত তাত কেইবাটাও বনৌষধি আৰু ফলৰ পুলি ৰোৱা হয়। ইয়াৰ পিছত মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন, ৰচনা, আকস্মিক বক্তৃতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। কুইজ মাষ্টাৰ নৱজ্যোতি ভৰালীয়ে পৰিচালনা কৰা কুইজত ৪৫ টা দলে অংশ লয়। মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তেৱাৰীয়েও অনুষ্ঠানত উপস্থিত থাকি সকলো প্ৰতিযোগীক উৎসাহ যোগায়।

Apply Now

দিনৰ দুই বজাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ লগত এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াত কেইবাগৰাকীও বিশিষ্ট বিজ্ঞানী আৰু পৰিৱেশবিদে অংশ লয়। শিশু কল্যাণত ব্ৰতী ডঃ সংগীতা চৌধুৰীয়ে আৱৰ্জনা ব্যৱস্থাপনা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহঃ অধ্যাপিকা ডঃ নৱনীতা ভট্টাচাৰ্য্যই গছ-গছনি আৰু পৰিৱেশ, বিজ্ঞানী ডঃ ৰিজৱান উজ জামানে বতৰ আৰু জলবায়ু পৰিৱৰ্তন আৰু বনাঞ্চলিক বিষয়া উজ্জ্বল চৌধুৰীয়ে পৰিৱেশ সংৰক্ষণৰ বিষয়ে অতি সহজ ভাষাত বুজাই দিয়ে। তেওঁলোকে দৃশ্য-শ্ৰব্য মাধ্যমৰ জৰিয়তেও ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশৰ কথা সুন্দৰকৈ উপস্থাপন কৰে।

এই সুন্দৰ অনুষ্ঠানতে পৰিৱেশ আৰু প্ৰকৃতিৰ ওপৰত আধাৰিত দ্বিভাষিক সংকলন ‘পবিতৰা’ৰ দশম সংখ্যাটো উন্মোচন কৰা হয়। এই সংকলনখনৰ মুখ্য সম্পাদক হৈছে দীপাঙ্ক হাজৰিকা আৰু সহযোগী সম্পাদক হৈছে কুশল দত্ত। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ৰেচম বিজ্ঞানী ডঃ মহানন্দ চুতীয়া, ইতিহাসবিদ লোকেন্দ্ৰ হাজৰিকা, প্ৰাগ্‌জ্যোতিৰ প্ৰতিষ্ঠাপক গীতাঞ্জলি বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু পৰিৱেশকৰ্মী উপস্থিত থাকে। অনুষ্ঠানৰ একেবাৰে শেষত গঁড়ৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা বিশিষ্ট চিত্ৰশিল্পী আৰু পৰিচালক জ্যোতিপ্ৰসাদ দাসৰ তথ্যচিত্ৰ ‘এ ছিলভান ছাগা’ প্ৰদৰ্শন কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd