তিনিজনকৈ লোকক হত্যা কৰি চৰ্চালৈ অহা বোকাখাতৰ প্ৰাক্তন বিধায়ক তথা কাজিৰঙাৰ ৰজা বুলি বিতৰ্কৰ সূচনা কৰা জীতেন গগৈৰ পোহনীয়া হাতীজনী আজি বোকাখাতৰ মহকুমাধিপতিৰ নিৰ্দেশত আৰক্ষীয়ে জব্দ কৰিছে ৷
জব্দ কৰা হাতীজনীক পোৱালীৰে সৈতে বোকাখাতত থকা পুৱ অসম বন্য প্ৰাণী সংমণ্ডলৰ হাতত অৰ্পণ কৰিছে বোকাখাত আৰক্ষীয়ে ৷ চৰ্চিত হৈ পৰা এই হাতীজনীৰ নাম দুলুমণি আৰু আঠ মহীয়া পোৱালীটোৰ নাম লখিমী ।
দুলুমনি নামৰ হাতীজনীয়ে ৮ জুলাইত বোকাখাতৰ নাহৰজান চাহ বাগিচাত বিতু গঁড় নামৰ এজন কিশোৰক হত্যা কৰাৰ উপৰিও বিগত সময়চোৱাত আৰু দুজন লোকক হত্যা কৰিছিল ৷
বিতু গঁড় নামৰ কিশোৰ জনক হত্যা কৰাৰ পিচতেই নাহৰজান চাহ বাগিছাৰ শ্ৰমিকে মৃতদেহ লৈ ঘেৰাও কৰিছিল জ্ঞানদীপ নামৰ ব্যক্তিগত চাহ বাগিছাত থকা জিতেন গগৈৰ বাসগৃহ ।
সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছিল বোকাখাত আৰক্ষী আৰু মহকুমাধিপতি ৷ ইয়াৰ পিচতেই হাতীজনীক জব্দ কৰাৰ সিধান্ত গ্ৰহন কৰি আজি হাতী জনীক জব্দ কৰি পোৱালীৰে সৈতে বন বিভাগক অৰ্পণ কৰে বোকাখাতৰ ম’হকুমাধিপতিয়ে ৷
সম্প্ৰতি পৰৱৰ্তী সিধান্ত নোহোৱালৈকে পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ তত্বাৱধানতে থাকিব দুলুমনি আৰু লখিমী ৷