• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ চতুৰ্দিশে গ’ ফৰ গ্ল’ৰী লাভলীনা; কিন্তু গোলাঘাটৰ ক্ৰীড়া মহলত নাই কিয় কোনো উৎসুকতা?

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
July 22, 2021 2:04 pm
Lovlina
246
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান সময়ত সমগ্ৰ দেশৰ লগতে অসমতো চৰ্চিত এটা নাম হৈছে লাভলীনা বৰগোঁহাই। অলিম্পিকলৈ যোৱা অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ তথা বক্সাৰ  গৰাকীক লৈ এতিয়া উৎসাহৰ অন্ত নাই অসমবাসীৰ মাজত।

বিগত সপ্তাহৰ পৰা  ছ’চিয়েল মিডিয়াৰ যোগেদিয়েই হওঁক বা আন সংবাদ মাধ্যমৰ যোগেদিয়েই হওঁক অসমৰ ৰাইজে অজস্ৰ আৰ্শীবাদ-শুভেচ্ছাৰে উপচাই পেলাইছে অসম গৌৰৱ লাভলীনাক। গ’ ফৰ গ্ল’ৰী শ্ল’গানেৰে উৎসাহিত কৰিছে সকলোৱে।

গোলাঘাট বাৰমূখীয়াৰ দৰে এখন ভিতৰুৱা অঞ্চলৰ পৰা বিশ্বৰ সৰ্বশ্ৰেষ্ঠ খেল প্ৰতিযোগিতা অলিম্পিকত অংশ ল’বলৈ যোৱাটো কিমান গৌৰৱৰ কথা সেইয়া হয়তো লাভলীনাৰ গাঁৱত উপস্থিত নহ’লে অনুভৱ কৰিব নোৱাৰি।

সততে খেতি-বাতি কৰি ভালপোৱা লাভলীনাই এই পৰ্যায়ত উপনীত হ’বলৈ কিমানখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল সেইয়া হয়তো এখন অতিকৈ সাধাৰণ ঘৰৰ পৰা ওলাই যোৱা খেলুৱৈজনেহে ভালকৈ উপলব্ধি কৰিব পাৰিব।

একাগ্ৰতা আৰু লক্ষ্য স্থিৰ হ’লে যে কোনো প্ৰত্যাহ্বানে নেওচা দিব নোৱাৰে সেই কথা প্ৰমাণ কৰি অৱশেষত লাভলীনাই সপোনক বাস্তৱায়িত কৰিবলৈ ১৭ জুলাইত  সুদূৰ টকিঅ’লৈ উৰা মাৰিলে।

এতিয়া সকলোৰে আশা আৰু আৰ্শীবাদ জয় হওঁক লাভলীনাৰ। পিতৃ টিকেন বৰগোঁহাই আৰু মাতৃ মামনি বৰগোঁহায়ে ছোৱালীজনীৰ বাবে বিচাৰিছে অসমবাসীৰ পৰা  আৰ্শীবাদ।

পৰিতাপৰ কথা যে সমগ্র ৰাজ্যজুৰি লাভলীনাক শুভেচ্ছা আৰু আৰ্শীবাদেৰে উপচাই পেলোৱা সময়তে স্ব- গৃহ গোলাঘাটৰ ক্ৰীড়া মহলত দেখা নাই কোনো উৎসুকতা। জিলাখনত এটা বিয়াগোম ক্ৰীড়া সন্থা থকাৰ পিছতো লাভলীনাক উৎসাহ যোগাবলৈ লোৱা নাই কোনো কাৰ্যসূচী।

শেহতীয়াকৈ গোলাঘাট এমেচাৰ বক্সিং সন্থাই দুখনমান ফ্লেগ লগাই যেন সামৰিলে এই দায়িত্ব। একেদৰে গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ ফালৰ পৰা আজিলৈকে লাভলীনাক লৈ কোনো উৎসাহমূলক বাৰ্তা প্ৰেৰণ কৰাও দেখা পোৱা নগ’ল।

খেলুৱৈ সৃষ্টি কৰিবলৈ গঠন হোৱা এনে অনুষ্ঠানৰ পৰা অন্তত সেইখিনি আশা গোলাঘাটবাসীয়ে কৰিছিল। যদিও লাভলীনাক লৈ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে জিলা ক্ৰীড়া সন্থাই।

Recent News

বাবা ৰামদেৱৰ প্ৰেমত গদ গদ মন্ত্ৰী অতুল বৰা!  মুনাফাৰ স্বাৰ্থত পাম অইল কৰিবলৈ মাটি দিলে কৃষিমন্ত্ৰীয়ে

বাবা ৰামদেৱৰ প্ৰেমত গদ গদ মন্ত্ৰী অতুল বৰা!  মুনাফাৰ স্বাৰ্থত পাম অইল কৰিবলৈ মাটি দিলে কৃষিমন্ত্ৰীয়ে

ADRE পৰীক্ষাক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ, পুনৰ কেতিয়া প্ৰকাশ পাব পৰীক্ষাৰ বিজ্ঞাপন?

ADRE পৰীক্ষাক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ, পুনৰ কেতিয়া প্ৰকাশ পাব পৰীক্ষাৰ বিজ্ঞাপন?

ভাৰত-পাকিস্তানৰ মাজত কাৰাবন্দীৰ তালিকা আদান-প্ৰদান: ১৫৯ ভাৰতীয় বন্দীৰ আগতীয়াকৈ মুক্তিৰ দাবী নতুন দিল্লীৰ

ভাৰত-পাকিস্তানৰ মাজত কাৰাবন্দীৰ তালিকা আদান-প্ৰদান: ১৫৯ ভাৰতীয় বন্দীৰ আগতীয়াকৈ মুক্তিৰ দাবী নতুন দিল্লীৰ

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd