• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘অসম-মিজোৰামৰ যুদ্ধ’!প্ৰতিটো কথাতে আমি হাৰিছো,মুখ্যমন্ত্ৰীক তুলাধূনা অখিল গগৈৰ

সুশান্ত বৰগোঁহাইক বিশ্বাসঘাতক আখ্যা অখিল গগৈৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 2, 2021 5:14 pm
kka
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম-মিজোৰামৰ সীমা সংঘাতকলৈ আজি সৰৱ হৈ পৰে শিৱসাগৰৰ বিধায়ক তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ।

অসম-মিজোৰাম সংঘাতৰ ফলত অসম বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হোৱা বুলি মন্তব্য কৰি অখিল গগৈয়ে কয় যে সীমান্তত অসমৰ আৰক্ষী নিহত হৈছে, অসমীয়া মানুহ শংকিত হৈছে।

Apply Now

মিজোৰামৰ সাংসদৰ বিৰুদ্ধে অসম গোচৰ ৰুজু কৰিছে, মিজোৰামেও অসমৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। কিন্তু শান্তি স্থাপনৰ নামত দুয়োপক্ষই গোচৰ প্ৰত্যাহাৰ কৰিছে।

কিন্তু এইক্ষেত্ৰত অসমে আৰক্ষীৰ জোৱান কেইগৰাকীক হেৰুৱাবলগীয়া হ’ল। গতিকে এই সংঘাতে অসমক বেছি ক্ষতিগ্ৰস্ত কৰিছে বুলি অখিল গগৈয়ে মন্তব্য কৰে।

গগৈয়ে কয় যে মানুহৰ মাজত এনে এটা ধাৰণা দিব বিচৰা হ’ল যে ভাৰত গণৰাজ্যৰ ভিতৰতে থকা অসম-মিজোৰামৰ মাজত বিৰাট এখন যুদ্ধ লাগিছে।

এই যুদ্ধৰ অচিলালৈয়েই চৰকাৰে জনসাধাৰণক মূল বিষয়সমূহৰ পৰা আঁতৰাই নিয়া বুলি গগৈয়ে মন্তব্য কৰে। তেওঁ কয় যে অসমৰ লাখ লাখ লোকে কোভিডৰ ভেকচিন লাভ নকৰাকৈ আছে। কিন্তু যোৱা কিছুদিনত ‘অসম-মিজোৰাম’ৰ যুদ্ধৰ অচিলালৈ ভেকচিনৰ বিষয়টো তল পেলাই ৰখা হ’ল।

লকডাউনৰ সময়ত সাধাৰণ খাটি খোৱা লোকসকল ক্ষতিগ্ৰস্ত হ’ল, তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ কথাবোৰ তল পেলাই ৰখা হ’ল।মিজোৰামে অসমৰ সীমান্তৰ ৭ কিলোমিটাৰ ভিতৰলৈ দখল কৰি অসমৰ মাটিত মিজো আৰক্ষীৰ পোষ্ট স্থাপন কৰিছে।

২৬ জুলাইৰ ঘটনাৰ পিছত অসম চৰকাৰে অসমৰ পক্ষত সৰ্ভাৰতীয় অথবা উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যায়ত জনমত গঠন কৰাত হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ হ’ল। তদুপৰি কেন্দ্ৰীয় চৰকাৰক বিষয়টোত তাৎক্ষণিক ভাবে হস্তক্ষেপ কৰোৱাত অসম চৰকাৰ ব্যৰ্থ হ’ল।

কেন্দ্ৰই বিচাৰিলে নলবাৰী পৰ্যন্ত মিজোক দিব বুলি কৈ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰৰ ওচৰত নতজানু হৈ পৰলি যদিও কেন্দ্ৰক বিষয়টো সন্দৰ্ভত সময়োচিত ব্যৱ্থা গ্ৰহণত মুখ্যমন্ত্ৰীগৰাকীয়ে বাধ্য কৰোৱাব নোৱাৰিলে।

মিজোৱে দখল কৰা চাৰে তিনি কিলোমিটাৰ ভিতৰলৈহে অসম বিধানসভাৰ প্ৰতিনিধিৰ দলটো যাবলৈ সক্ষম হোৱা বুলি তেওঁ কয়।

মিজোৰাম সীমান্তত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ লোকক সুৰক্ষা দিবলৈ সক্ষম হোৱা নাই বুলি অখিল গগৈয়ে মন্তব্য কৰে।লাইলাপুৰ আৰক্ষী থানা পৰ্যন্ত মিজোৱে দখল কৰা বুলিও তেওঁ কয়।শেহতীয়া সংঘাতৰ বাবেই অসমৰ চাৰে দহ কিলোমিটাৰ অঞ্চল বিবদমান অঞ্চল হৈ পৰিল।

অসম চৰকাৰে নিৰপেক্ষ ভাবে ২৬ জুলাইৰ ঘটনাটো নিয়াৰ হতুৱাই তদন্ত কৰোৱাৰ ব্যৱস্থা কৰিব লাগে বুলিও তেওঁ দাবী জনায়।

অসমৰ মাটিত চিআৰপিএফৰ ৭ টা বেটেলিয়নৰ কেম্প বহুওৱা হ’ব। ইয়াৰ ফলত সেই অঞ্চলত অসম আৰক্ষী আৰু প্ৰশাসনৰ কৰ্তৃত্ব হ্ৰাস পাব আৰু অঞ্চল খিনি বিবদমান অঞ্চল স্বৰূপ হৈ পৰিব বুলি তেওঁ কয়।

ইয়াৰ ফলত অসম বেছিকৈ ক্ষতিগ্ৰস্ত হ’ব বুলি তেওঁ মন্তব্য কৰে।

শেহতীয়াকৈ বিজেপিত যোগদান কৰা থাওৰাৰ কংগ্ৰেছৰ বিধায়ক সুশান্ত বৰগোঁহাইক বিধায়ক অখিল গগৈয়ে বিশ্বাসঘাতক আখ্যা দিয়ে। তেওঁ কয় যে আহোমৰ মাজত এনে লোক কমেইহে আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd