তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত নিশা জব্দ কৰা হৈছে এখন কাঠভৰ্তি ট্ৰাক জব্দ ।
অৰুণাচলৰ নামফাইৰ পৰা নলবাৰীলৈ কাঠ সৰবৰাহ কৰাৰ অৱস্থাতে আৰক্ষীৰ অভিযানত জব্দ হয় BR 06 GB 9408 নম্বৰৰ ট্ৰাকখন ।
তিনিচূকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত নিয়মিত আৰক্ষীৰ তালাচীত BR 06 GB 9408 নম্বৰৰ কাঠভৰ্তি ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰে।
জানিব পৰা মতে কেইবালক্ষ টকাৰ কাঠ আছে ট্ৰাকখনত ।
উল্লেখ্য যে – অৰুণাচল প্ৰদেশৰ নামচাইৰ পৰা আহিছিল ট্ৰাকখন ।
নলবাৰী অভিমুখে আহি থকা ট্ৰাকখনৰ নথিপত্ৰকলৈ সন্দেহ হোৱাৰ বাবেই এইদৰে জব্দ কৰে আৰক্ষীয়ে ।
ইতিমধ্যে বন বিভাগে গাড়ীখন চমজি লৈ তদন্ত আৰম্ভ কৰিছে ।
তদন্তৰ পাছতহে স্পষ্ট হ’ব গাড়ীখনত থকা কাঠখিনি বৈধ নে অবৈধ ।
উল্লেখ্য ফটোকপি কৰা নথিপত্ৰৰেই নিয়মিত এইদৰে কাঠ পৰিবহন কৰা বাহনৰ চলাচল হৈ থকা দেখা গৈছে।
জব্দ কৰা কাঠখিনি জনৈক ভাইকণৰ হয় বুলি ট্ৰাক চালকে জানিবলৈ দিছে।