• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি চৰকাৰক বিভিন্ন বিষয়কলৈ তুলাধূনা প্ৰদেশ কংগ্ৰেছৰ  

'বিজেপি চৰকাৰে অসমৰ সহজ-সৰল জনতাক প্ৰতাৰণা কৰি আহিছে'

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
August 10, 2021 6:04 pm
BOBBEETA-SARMA-PRESS-MEET (1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মাই বিজেপি চৰকাৰৰ বিৰুদ্ধে চৰম প্ৰতিবাদ সাৱ্যস্ত কৰি কয় “বিজেপি চৰকাৰে অসমৰ সহজ সৰল জনতাক কেৱল মাত্ৰ প্ৰতাৰণাহে কৰি আহিছে।

তাৰ শেহতীয়া উদাহৰণ হিচাপে অসমৰ ছয় জনগোষ্ঠীৰ প্ৰতি কৰা প্ৰতাৰণাৰ কথা উল্লেখ কৰিব পাৰি।  তেখেতে কয় যে অসমৰ আহোম, কোচ ৰাজবংশী, চাহ জনগোষ্ঠীকে আদি কৰি ছয় জনগোষ্ঠীয়ে দীৰ্ঘ দিন ধৰি জনজাতিৰ মৰ্য্যদাৰ দাবীৰে যি আন্দোলন কৰি আহিছে সেই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই বিজেপি চৰকাৰ।

কিন্তু তাৰ বিপৰীতে অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ ১২ টা জনগোষ্ঠীৰ লোকক যোৱা ৯ আগষ্টত  অনুসূচিত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰাৰ উদ্দেশ্যে লোকসভাত বিল উত্থাপন কৰিলে।কিন্তু অসমৰ ছয় জনগোষ্ঠীৰ  দীৰ্ঘদিনীয়া দাবীৰ ক্ষেত্ৰত   কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে।”

তেওঁ পুনৰ কয় “অসমৰ স্বাভিমান গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো মোদীৰ আশীষধন্য পূঁজিপতি আদানীৰ হাতত ৫০ বছৰৰ বাবে গতাই দি বিমান বন্দৰটোৰ নতুন নামকৰণৰ  বাবে ফলক এখন  আঁৰি থোৱাৰ কথা জানিব পৰা গৈছে।এই   বিষয়টোৰো  অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে তীব্ৰ বিৰোধিতা কৰিছে আৰু তীব্ৰ ভাষাৰে গৰিহণা দিছে’।

বিজেপি চৰকাৰে আদানী গ্ৰুপৰ  লগত কৰা চুক্তিখনত লোকপ্ৰীয় গোপীনাথ বৰদলৈৰ নামটো যে উঠাই দিব নালাগে এই বিষয়ে চুক্তিপত্ৰত উল্লেখ আছিল নে নাই এই বিষয়টো  ৰাজহুৱা কৰিব লাগে বুলি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে সংবাদমেলত দাবী উত্থাপন কৰে।

শৰ্মাই  সংবাদ মেলত বিজেপি নেতৃত্বাধীন  কেন্দ্ৰীয় চৰকাৰে অসমৰ  বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তনৰ বিৰুদ্ধেও  তীব্ৰ ক্ষোভ  প্ৰকাশ কৰি কয়  যে এহাতে কেন্দ্ৰীয় চৰকাৰে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিছে , আনহাতে  একে সময়তে  জি এছ টিৰ জৰিয়তে ৰাজ্যখনৰ পৰা সংগ্ৰহ কৰা  প্ৰাপ্য অংশৰ  পৰাও অসমক  বঞ্চিত কৰা পৰিলক্ষিত হৈছে। তেখেতে কয় যে  অসমে জি এছ টিৰ অংশ হিচাপে পাবলগীয়া মুঠ ১৬২৩ কোটি টকা এতিয়ালৈকে  কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিয়া নাই।

সংবাদ মেলত  তেখেতে অসমত “প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত “সকলোৰে বাবে ঘৰ” আঁচনিৰ  ক্ষেত্ৰতো বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে  বুলি ক্ষোভ প্ৰকাশ কৰে।  ২০২০-২১ বিত্তীয় বৰ্ষৰ ভিতৰত অসমত ৮৮১ টা নামঘৰ  নিৰ্মাণৰ যি লক্ষ্য ধাৰ্য্য কৰিছিল তাৰ আধাও অৰ্থাৎ ৫০শতাংশ কামো সম্পন্ন কৰিবলৈ সক্ষম হোৱা নাই এতিয়ালৈ।

এনেবোৰ তথ্যই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ যে সৰ্ব দিশত সম্পূৰ্ণ ব্যৰ্থ হৈছে সেই কথাটো  প্ৰস্ফুটিত কৰিছে। তেওঁলোকৰ উন্নয়নৰ শ্লোগানটো  যে প্ৰকৃততে  ভুৱা  তাকেই প্ৰতিপন্ন কৰিছে।

সংবাদ মাধ্যমৰ ওপৰত বিজেপিৰ ৰঙাচকু প্ৰদৰ্শনৰ প্ৰসংগ উত্থাপন কৰাকলৈ তেওঁ কয় “শেহতীয়া উদাহৰণ “The Cross Current”নামৰ web portalৰ ওপৰত চলোৱা ভিত্তিহীন গোচৰ।এই ক্ষেত্ৰত চৰকাৰে জনসংযোগ বিভাগ তথা পুলিচ প্ৰশাসনৰ ওপৰত হেঁচা প্ৰয়োগ কৰি নিৰপেক্ষ বাতৰি পৰিৱেশন কৰা সকলৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি আহিছে। এনে কাৰ্যক অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা ধিক্কাৰ জনাইছোঁ’।

এই ঘটনাই এই কথা বাৰম্বাৰ  প্ৰমাণ কৰে যে আজিৰ পৰিবেশত সংবিধান প্ৰদত্ত বাক স্বাধীনতা সাংঘাতিক ধৰণে খৰ্ব কৰা হৈছে। সাংবাদিক সকলৰ দায়িত্ব অকল চৰকাৰৰে ভুলেই   নহয় ,ৰাইজ তথা সমাজতো কিবা ভুল ভ্ৰান্তি হ’লে উনুকিয়াই দিয়া।সেইটো তেওঁলোকৰ মহান কৰ্তব্য।যদি সাংবাদিকসকলে নিজৰ এই  দায়িত্ব পালন কৰিব নোৱাৰে তেন্তে তেওঁলোকে কি কৰিব।

যদি চৰকাৰক তোষামোদেই কৰিব লগা হয়  তেন্তে আমাৰ সমাজখন কোন দিশে গতি কৰিব? অসম  প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ” The Cross Current”  সংবাদ গোষ্ঠীৰ সাংবাদিক জনৰ প্ৰতি বিজেপি চৰকাৰৰ আচৰণক  কঠোৰ ভাষাৰে গৰিহণা দিছো।”

অসমৰ চুবুৰীয়া ৰাজ্যসমূহৰ লগত থকা সীমা বিবাদ সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপ সমূ্হৰ ওপৰত আমি সন্দেহ প্ৰকাশ কৰিছো।কিয়নো  মুখ্য মন্ত্ৰীয়ে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে সীমা বিবাদ সন্দৰ্ভত এক আলোচনাত মিলিত হৈছিল। সেয়া আমি ভাল পাইছো যদিও তেখেতে এই আলোচনাত কি সিদ্ধান্ত লোৱা হ’ল অসম বিধান সভাৰ যোগেদি অসমৰ ৰাইজক জনোৱা উচিত আছিল। কিন্তু আমি সংবাদ মাধ্যমৰ যোগেদিহে ইয়াৰ খবৰ পাইছো।

সোমবাৰে বিধানসভাৰ মজিয়াত এই বিষয়ৰ ওপৰত আলোচনা বিচাৰি কংগ্ৰেছ বিধায়িনী দলৰ নেতা  তথা বিৰুধী দলৰ দলপতি  দেৱব্ৰত শইকীয়াই অনুৰোধ জনাইছিল।তাৰ পিছতো এই সন্দৰ্ভত তেখেতৰ প্ৰশ্নৰ ওপৰত সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰীৰ পৰা  সঠিক উত্তৰ পোৱা নগ’ল।

অসমৰ  মুখ্যমন্ত্ৰীয়ে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত কি আলোচনা কৰিলে আৰু এই বিষয়ে প্ৰধানমন্ত্ৰীৰ লগত কি আলোচনা হ’ল  সেই সকলোবোৰ কথা ৰাজহুৱা কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছে দাবী উত্থাপন কৰিছে ।

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

August 17, 2025 4:20 pm
ডিমা হাচাওত ৪৫ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ : ধ*ৰ্ষণ আৰু হ*ত্যাৰ অভিযোগত পাঁচজনক গ্ৰেপ্তাৰ

ডিমা হাচাওত ৪৫ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ : ধ*ৰ্ষণ আৰু হ*ত্যাৰ অভিযোগত পাঁচজনক গ্ৰেপ্তাৰ

August 17, 2025 3:55 pm
‘আস্থাভিত্তিক শাসন’ নে ‘অপৰাধীক সুৰক্ষা প্ৰদানৰ কৌশল! লোকসভাত উত্থাপন হ’ব জন বিশ্বাস (সংশোধনী) বিধেয়ক-২০২৫

‘আস্থাভিত্তিক শাসন’ নে ‘অপৰাধীক সুৰক্ষা প্ৰদানৰ কৌশল! লোকসভাত উত্থাপন হ’ব জন বিশ্বাস (সংশোধনী) বিধেয়ক-২০২৫

August 17, 2025 3:47 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 17, 2025 2:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

আশ্ৰমৰ ভিতৰত শুই থকা মহিলাক ধ*ৰ্ষণ : গ্ৰেপ্তাৰ প্ৰধান পুৰোহিত

August 17, 2025 4:20 pm
ডিমা হাচাওত ৪৫ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ : ধ*ৰ্ষণ আৰু হ*ত্যাৰ অভিযোগত পাঁচজনক গ্ৰেপ্তাৰ

ডিমা হাচাওত ৪৫ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ : ধ*ৰ্ষণ আৰু হ*ত্যাৰ অভিযোগত পাঁচজনক গ্ৰেপ্তাৰ

August 17, 2025 3:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd