• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাত গঁড় খৰ্গৰ পুনৰ পৰীক্ষণৰ দুদিনীয়া কাৰ্যৰ সামৰণি  : ৪৮০ টা খৰ্গৰ পৰীক্ষা সম্পন্ন

উত্তম শইকীয়া by উত্তম শইকীয়া
September 7, 2021 9:05 pm
IMG-2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা ৰেঞ্জত থকা বনবিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত ৬ চেপ্তেম্বৰৰ পৰা চলি থকা গঁড়ৰ খৰ্গ পুনৰ পৰীক্ষণ আৰু নমুনা সংগ্ৰহৰ অভিযান আজি বিয়লি সামৰণি পৰে ৷

আজি পুৱাৰে পৰা চলা দ্বিতীয় দিনৰ কাৰ্যসুচীত এই কাৰ্যৰ বাবে নিয়োজিত উচ্চপদস্থ বিশেষজ্ঞৰ দলে মুঠ ১৬৭ টা খৰ্গৰ পুনৰ পৰীক্ষণ কৰি বিধিগত ভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰে ৷

Apply Now

ইয়াৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন বনাঞ্চলত  ২০১৭ চনৰ পৰা জমা হৈ থকা ৪৮০ টা গঁড়ৰ খৰ্গৰ পৰীক্ষা কৰাৰ দুদিনীয়া কাৰ্যৰ সামৰণীপৰে ৷ যোৱা কালি ৩০০ খৰ্গৰ পৰীক্ষাৰ পিচত আজি মুঠ ১৬১ টা খৰ্গৰ পৰীক্ষা কৰা হয় যদিও আদালতত গোচৰ চলি থকা মুঠ ১৯ টা খৰ্গৰ পৰীক্ষা কৰাৰ পৰা বিৰত থাকে বিশেষজ্ঞৰ দল ৷

বন্যপ্ৰাণী প্ৰতিৰক্ষা আইন ১৯৭২ ৰ ৩৯ অনুচ্ছেদৰ অধীনত অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জমা হৈ থকা গঁড় খৰ্গ, হাতীৰ দাঁত বা তেনে জাতীয় অনুসুচীভুক্ত বন্যপ্ৰাণীৰ দেহাংশ ৰাজহুৱাকৈ বিনষ্ট কৰাৰ সিধান্ত গ্ৰহণ কৰে ৷

এই সিধান্তৰ অংশ হিচাবেই মৰিগাঁও, বৰপেটা,মংগলদৈ, গুৱাহাটী, তেজপুৰআৰুনগাওঁত চৰকাৰী কোষাগাৰত জমা থকা গঁড় খৰ্গৰ পৰীক্ষা কৰাৰ পিচত কাজিৰঙা  ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় জিম্মাত থকা গঁড়ৰ খৰ্গবোৰ পৰীক্ষা কৰা হয় ৷

লগতে খৰ্গবোৰ প্ৰণালীবদ্ধ ভাৱে নথিভুক্ত কৰি পৰৱৰ্তী সময়ত বিনষ্ট কৰিব পৰাকৈ সংৰক্ষণৰ ব্যৱস্থা কৰে বন বিভাগে  ৷

ইয়াৰ বাবে অসমৰ বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱক সভাপতি হিচাবে লৈ এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হয় ৷ এই সমিতিৰ অধীনতে এখন কাৰিকৰী সমিতি আৰু সাত খন জ’নাল সমিতি গঠন কৰা হৈছে ৷

কাৰিকৰী সমিতিত প্ৰকৃতি সংগঠন আৰণ্যক, বিশ্ব প্ৰকৃতি নিধি আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ উপৰিও পশু কল্যাণ বিভাগ আৰু ফৰেনচিক লেৱৰেটৰীৰ বিশেষজ্ঞৰ লগতে জ’নাল সমিতিত স্থানীয় লোকৰ প্ৰতিনিধিকো অন্তৰ্ভুক্ত কৰা হৈছে ৷

গঁড় খৰ্গ পৰীক্ষণৰ এই কাৰ্যত বনবিভাগক এমট্ৰন প্ৰতিষ্ঠানে বিশেষ ভাৱে সহযোগিতা আগবঢ়াইছে ৷

কাজিৰঙাত অন্ত পৰা এই কাৰ্যসুচীৰ পিচত গোলাঘাটত অহা ৯ চেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব গঁড় খৰ্গৰ পুনৰ পৰীক্ষণৰ অন্তিম কাৰ্যসুচী ৷

গোলাঘাটৰ জিলা কোষাগাৰত মজুত থকা মুঠ ১১ শ গঁড় খৰ্গৰ পুনৰ পৰীক্ষণ কৰিব বিশেষজ্ঞ সমিতিয়ে  ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd