হাইকামাণ্ডৰ কামাণ্ড মানি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে নিজৰ গালত নিজে চৰ মাৰি ক্ষমা বিচাৰি আজি পুনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিনৰ এই পবিত্ৰ ক্ষণত ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈ নেদেখাজনৰ চৰণত প্ৰাৰ্থনা জনায় মৰিয়নি সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।
হয়, অসম বিজেপিয়ে দেশৰ প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষ্যে ২০টাকৈ দিন উলহ মালহে উদযাপন কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰে অংশস্বৰূপে আজিৰ এই পবিত্ৰ দিনটোত যুৱনেতাগৰাকীয়ে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈ ভকত বৈষ্ণৱৰ বাবে প্ৰায় ডেৰশ খন দলিচা যোগান ধৰিছে বুলি মন্তব্য কৰিছে।
সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাতত উপ- নিৰ্বাচন সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত কয় যে কোনো কাৰণতে মৰিয়নিবাসীয়ে তেওঁক প্ৰত্যাখ্যান নকৰে।
মৰিয়নিবাসীয়ে তেওঁক কংগ্ৰেছী বুলি ভোট নিদিয়ে,প্ৰতিজন সমষ্টিবাসীৰ সৈতে থকা সু সম্পৰ্কৰ বাবেহে চৰিবাৰকৈ তেওঁ জয়ী হৈছে, সমষ্টি তথা ৰাইজৰ উন্নয়নৰ স্বাৰ্থত দল সলনি কৰিছে যদিও ৰাইজে তেওঁক আগৰ দৰেই আকোৱালি লৈছে।
লগতে কংগ্ৰেছক বৰ্তমান দুবন্ত নাওঁ বুলি আখ্যা দি ৰাইজৰ দল অসম জাতীয় পৰিষদ সকলো একলগ হ’লেও অনাগত নিৰ্বাচনত ৰাইজে সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত পুনৰ তেওঁৰ সপক্ষেই ভোট প্ৰদান কৰিব বুলি মন্তব্য কৰিছে নেতাগৰাকীয়ে।লগতে ইতিমধ্যে সমষ্টিৰ কংগ্ৰেছৰ ৮০% কৰ্মী তেওঁৰ সমৰ্থনত আছে বুলি মত প্ৰকাশ কৰিছে।