উত্তৰ-পূবৰ যোগাযোগ ব্যৱস্থাৰ বাবে আন এক সু খবৰ। ভাৰতৰ আটাইতকৈ দীঘল দলং ড০ ভূপেন হাজৰিকা সেতুৰ পাছতেই এতিয়া দ্বিতীয়খন দীৰ্ঘতম দলং লাভ কৰিবলৈ সাজু হৈছে উত্তৰ-পূবৰ জনসাধাৰণ তথা অৰুণাচলবাসী।
এইবাৰ, অৰুণাচল প্ৰদেশৰ দিবাং নদীৰ ওপৰত প্ৰায় ৬.২০ কিলোমিটাৰ দূৰত্বৰ এই নৱনিৰ্মিত দলঙখনে নামনি দিবাং ভেলী জিলাৰ বমজীৰ সৈতে মেকাক সংলগ্ন কৰিব।
উল্লেখযোগ্য যে ড০ ভূপেন হাজৰিকা সেতুৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ নিলগত এই সেতুখনৰ নিৰ্মাণ কাৰ্য চলি আছে। জানিব পৰা মতে প্ৰায় সম্পূৰ্ণ হৈ উঠা দলঙখন এই বছৰৰে এপ্ৰিল বা মে মাহত ৰাইজৰ বাবে মুকলি কৰা হ’ব।
ড০ ভূপেন হাজৰিকা সেতু নিৰ্মাণ কৰা নৱযুগ ইঞ্জিনিয়াৰিং কোম্পানীটোৱে এই নতুন দলঙখনৰ নিৰ্মাণ কাৰ্য চলাই আছে। কোম্পানীটোৰ এজন বিষয়ববীয়াই কয় যে ড০ ভূপেন হাজৰিকা সেতুত যি ধৰণৰ সামগ্ৰী বা টেকন’লজী ব্যৱহাৰ কৰিছিলো ইয়াতো সেই একেই টেকন’লজী ব্যৱহাৰ কৰিছো।
এই দলঙখন মুকলি হোৱাৰ লগে লগে অৰুণাচল প্ৰদেশৰ যাতায়াত ব্যৱস্থাত আন এক বিপ্লৱৰ সূচনা হ’ব বুলি বহু লোকে ধাৰণা কৰিছে। কিয়নো এই দলঙখনে নামনি দিবাং ভেলী জিলাৰ সৈতে লোহিত, পূব চিয়াং, পশ্চিম চিয়াং জিলা আৰু অসমৰ সৈতে প্ৰত্যক্ষ সংযোগ স্থাপন কৰিব।
উত্তৰ-পূৰ্বাঞ্চলত যোগাযোগ ব্যৱস্থা উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে যি ধৰণৰ ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি আছে সেয়া অতিকৈ লক্ষ্যণীয়। তাৰোপৰি চীন সীমান্তৱৰ্তী অঞ্চল সমূহলৈ যোৱাৰ বাবে এই দলঙখনে বহু কম সময় ল’ব বুলিও ধাৰণা কৰিছে।