টীয়ক চন্দ্রকমল বেজবৰুৱা মহাবিদ্যালয়ৰ এগৰাকী মেধাৱী ছাত্রী স্মৃতি বড়াৰ জটিল ৰোগত আক্রান্ত হোৱাৰ বাবে অৰ্থ সাহায্য বিচাৰি দুখীয়া পৰিয়ালটোৱে বিভিন্ন সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমৰ যোগেদি আবেদন জনাইছিল।
উক্ত মাধ্যমসমূহত দুৰ্ভগীয়া পৰিয়ালটোৰ কথা প্ৰচাৰ হোৱাৰ পিছতে তেনে আহ্বানৰ প্ৰতি সঁহাৰি জনাই বহু হৃদয়বান লোকে বেংক একাউন্ট নম্বৰত অৰ্থ আগবঢ়াইছিল।
কিন্তু যোৱা নিশা এক দুষ্ট চক্র(হেকাৰ)ই নিজকে ইণ্ডিয়ান আৰ্মী বুলি পৰিচয় দি কিছু সহায়ৰ হাত আগবঢ়াব বুলি কৈ বিভিন্ন কৌশলেৰে ছাত্রী গৰাকীৰ একাউন্টৰ পৰা ৰাইজে আগবঢ়োৱা বৰঙণিৰ পৰাই প্ৰায় ৩০ হাজাৰ টকা লৈ যায় । ফলত এতিয়া পৰিয়ালটিৰ অৱস্থা শোচনীয় হৈ পৰিছে।
পৰিয়ালটিয়ে ইতিমধ্যে টীয়ক আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
এনে ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰ প্ৰতি প্ৰতিজন ব্যক্তিকে সচেতন হ’বলৈ আহ্বান জনাইছে আৰক্ষীয়ে।