• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোনে মাৰিব শেষ হাঁহি! আজি খিতাপ যুঁজত চেন্নাই চুপাৰ কিংছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 15, 2021 4:25 pm
IPL 2021 Final
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি অনুষ্ঠিত হ’ব ২০২১ বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ বহু আকাঙ্খিত ফাইনেল। আজি খিতাপ যুঁজত অৱতীৰ্ণ হ’ব ৩ বাৰৰ চেম্পিয়ন চেন্নাই চুপাৰ কিংছ আৰু দুবাৰৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ।

উল্লেখ্য যে এই বৰ্ষৰ আইপিএল টুৰ্নামেণ্টখন দুটা পৰ্বত অনুষ্ঠিত হৈছে। প্ৰথমে চলিত বৰ্ষৰ ৯ এপ্ৰিলৰ পৰা ভাৰতত অনুষ্ঠিত টুৰ্নামেণ্টখনত ক’ভিদ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৩ মে’ৰ খেল বাতিল কৰা হয়।

ইয়াৰ পিছতে ৪ মে’ত টুৰ্নামেণ্টখন অনিৰ্দিষ্ট সময়লৈ স্থগিত ৰখা হয়। ১৯ জুলাইত BCCI – এ আইপিএল- ৰ অৱশিষ্ট অংশ UAE ত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে আৰু ২৫ জুলাইত নতুন সময়সূচী ঘোষণা কৰে।

অৱশেষত UAE ত ছেপ্টেম্বৰৰ ১৯ তাৰিখৰ পৰা আইপিএল- ৰ দ্বিতীয় পৰ্ব আৰম্ভ হয়।

Apply Now

লীগৰ পইন্ট তালিকাৰ শীৰ্ষ চাৰি দল ক্ৰমে দিল্লী কেপিটেলছ্, চেন্নাই চুপাৰ কিংছ, ৰয়েল চেলেঞ্জাৰ্চ বাঙ্গালোৰ আৰু কলকাতা নাইট ৰাইডাৰ্ছে অন্তিম চাৰিলৈ নিৰ্বাচিত হয়।

প্ৰথমখন কোৱালিফায়াৰত দিল্লী কেপিটেলছক ৪ উইকেটত পৰাস্ত কৰি চেন্নাই প্ৰথমেই ফাইনেললৈ উন্নীত হয়।

এলিমিনেটৰত কলকাতাই বাংগালোৰক পৰাস্ত কৰি কোৱালিফায়াৰ ২ ত স্থান নিশ্চিত কৰাৰ পিছত কোৱালিফায়াৰত দিল্লীৰ বিৰুদ্ধে ৩ উইকেটত ৰোমাঞ্চকৰ জয়েৰে ফাইনেলত প্ৰৱেশ কৰে।

আইপিএল- ৰ ইতিহাসত চেন্নাই চুপাৰ কিংছৰ নামত আছে সৰ্বাধিক ফাইনেলত অৱতীৰ্ণ হোৱাৰ ৰেকৰ্ড। দলটোৱে ৯ বাৰ টুৰ্নামেণ্টখনৰ ফাইনেলত প্ৰৱেশ কৰিছে। চেম্পিয়ন হৈছে ৩ বাৰ।

আনহাতে কলকাতা নাইট ৰাইডাৰ্ছে দুবাৰেই ফাইনেল খেলি দুয়োবাৰেই চেম্পিয়ন হৈছে। ২০১২ চনত দলটোৱে চেন্নাইক পৰাস্ত কৰিয়েই চেম্পিয়নৰ সন্মান অৰ্জন কৰিছিল।

উল্লেখ্য যে কলকাতা আৰু চেন্নাই আইপিএল- ৰ ইতিহাসত ২৬ বাৰ মুখামুখি হৈছে। ইয়াৰে ১৭ বাৰ চেন্নাই জয়ী হোৱাৰ বিপৰীতে কলকাতা জয়ী হৈছে ৯ বাৰ। এই বৰ্ষৰ আইপিএল- তো দুয়োবাৰৰ মুখামুখিত জয় সাব্যস্ত কৰিছে চেন্নাই চুপাৰ কিংছে।

অৱশ্যে পূৰ্বৰ ফলাফলেই আজিৰ খেলত নিৰ্ণায়ক ভূমিকা ল’ব এনে নহয়। বিশেষকৈ দুৰ্দান্ত ফৰ্মত থকা কলকাতাৰ স্পিনাৰদ্বয় সুনীল নাৰাইণ আৰু বৰুণ চক্ৰৱৰ্তী চেন্নাইৰ বেটিং লাইন আনৰ বাবে বিপৰ্যয়ৰ কাৰণ হ’ব পাৰে।

সেইদৰে বেটিঙত দলটোৰ প্ৰধান ভৰসা হৈছে এইবৰ্ষৰ সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰখা ৰাহুল ত্ৰিপাঠী, শুভমন গিল, নিতীশ ৰানা আৰু ভেংকটেশ আয়াৰ। অৱশ্যে অধিনায়ক মৰ্গান আৰু দিনেশ কাৰ্তিকৰ ব্যৰ্থতাই চিন্তাত ৰাখিছে দলটোক।

আনহাতে মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন চেন্নাই চুপাৰ কিংছৰ প্ৰধান শক্তি হৈছে দলৰ বেটিং লাইন আপ। বিশেষকৈ দলৰ অপেনাৰদ্বয় ৰুতুৰাজ গাইকোৱাড আৰু ডু প্লেছিচে চমকপ্ৰদ প্ৰদৰ্শনেৰে চেন্নাইৰ জয়ত মুখ্য ভূমিকা লৈ আহিছে। উদীয়মান বেটচমেন গাইকোৱাড এইবাৰৰ টুৰ্নামেণ্ট খনত সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটচমেনৰ তালিকাত দ্বিতীয় স্থানত আছে। শীৰ্ষ স্থানত থকা ৰাহুলক অতিক্ৰম কৰিবলৈ তেওঁক মাত্ৰ ২৪ ৰানৰ প্ৰয়োজন।

প্ৰথম কোৱালিফায়াৰত ৰবীন উথাপ্পাইও এক নিৰ্ণায়ক ইনিংছেৰে চেন্নাইৰ জয়ত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছিল। মিডল অৰ্ডাৰত ৰায়ডু আৰু অধিনায়ক ধোনীয়ে দলক এক সুস্থিৰ স্থিতি প্ৰদান কৰিছে। অলৰাউণ্ডাৰত্ৰয় মঈন,জাদেজা আৰু ব্ৰেভোও সুন্দৰ ফৰ্মত আছে।

দলৰ বলিং আক্ৰমণ চম্ভালিব পেচ বলাৰ শাৰ্দুল ঠাকুৰে। তেওঁক ইতিমধ্যে যোগ্য সহযোগিতা আগবঢ়াই আহিছে হেজেলউদ আৰু দীপক চাহাৰে।

সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া ফাইনেলত কোনে শেষ হাঁহি মাৰিব সেইয়া নিশ্চিতভাৱে চাবলগীয়া হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

June 24, 2026 12:58 pm
দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

June 24, 2026 12:41 pm
৬৫৭ কোটি টকাৰ বেংক কেলেংকাৰী আৰু ৰাজ্যসভা নিৰ্বাচনৰ বিতৰ্ক: অতি সোনকালেই নিলম্বিত হ’ব আই এ এছ বিষয়া পংকজ আগৰৱালা

৬৫৭ কোটি টকাৰ বেংক কেলেংকাৰী আৰু ৰাজ্যসভা নিৰ্বাচনৰ বিতৰ্ক: অতি সোনকালেই নিলম্বিত হ’ব আই এ এছ বিষয়া পংকজ আগৰৱালা

June 24, 2026 11:40 am
ম্যানমাৰত  ছমাহত ৭০২ জন সাধাৰণ নাগৰিকক হত্যা কৰিলে সেনাই! পোহৰলৈ আহিল ৰাষ্ট্ৰসংঘৰ ভয়ংকৰ প্ৰতিবেদন

ম্যানমাৰত  ছমাহত ৭০২ জন সাধাৰণ নাগৰিকক হত্যা কৰিলে সেনাই! পোহৰলৈ আহিল ৰাষ্ট্ৰসংঘৰ ভয়ংকৰ প্ৰতিবেদন

June 24, 2026 10:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

June 24, 2026 12:58 pm
দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

June 24, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd