• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী

“বিশ্বই কিয় নীৰৱে আমাক মৰি যোৱা চাই আছে”— বিশ্ব সম্প্ৰদায়লৈ প্ৰশ্ন আফগানিস্তানৰ প্ৰতিবাদী মহিলাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 27, 2021 8:22 am
Afghan women protest again world silence
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তালিবান অধৃকীত আফগানিস্তানত নাৰী অধিকাৰক লৈ এতিয়াও চলি আছে প্ৰতিবাদ। দেশখনৰ কিছু সংখ্যক সাহসী মহিলাই তালিবানৰ নাৰী অধিকাৰ বিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

মঙলবাৰেও তালিবানী নীতিৰ বিৰুদ্ধে প্ৰতিবাদত ভাগ লয় ১২ গৰাকী মহিলাই। কিন্তু মঙলবাৰৰ প্ৰতিবাদ আছিল কিছু পৃথক।

এই প্ৰতিবাদত প্ৰতিবাদী মহিলা সকলে কেৱল আফগানিস্তানৰ তালিবানী শাসকৰ প্ৰতিয়ে নহয়, বিশ্ব সম্প্ৰদায়ৰ প্ৰতিও ক্ষোভ উজাৰে।

আফগানিস্তানৰ এই নাৰী অধিকাৰ কৰ্মীসকলে তালিবানৰ নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ লগতে ৰাজধানী কাবুলত আফগান সংকটক লৈ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ নিষ্ক্ৰিয়তাৰ বিৰুদ্ধেও প্ৰতিবাদ কৰিছে।

বিশ্ব সম্প্ৰদায়ৰ প্ৰতি ক্ষোভেৰে হাতে-হাতে প্লে’কাৰ্ড লৈ মহিলা সকলে প্ৰতিবাদ কৰে। প্লে’কাৰ্ডত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক প্ৰশ্ন কৰি লিখা হৈছে, “বিশ্বই কিয় নিঃশব্দে আমাক মৰি যোৱা চাই আছে ?”

সংবাদ সংস্থা AFPৰ এক প্ৰতিবেদন অনুসৰি, তালিবানে যোৱা আগষ্টত ক্ষমতা দখল কৰাৰ পিছত সকলো প্ৰতিবাদ নিষিদ্ধ কৰিছিল। এই নিষেধাজ্ঞাক উপেক্ষা কৰি প্ৰায় ১২গৰাকী নাৰী অধিকাৰ কৰ্মীয়ে অকলে নাৰীৰ “শিক্ষাৰ অধিকাৰ” আৰু “কাম কৰাৰ অধিকাৰ” দাবী কৰা বেনাৰেৰে তালিবানৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে।

আফগানিস্তানত নাৰী অধিকাৰৰ সংগঠন মুভমেণ্ট অৱ ৱমেন এক্টিভিষ্টৰ অন্যতম সংগঠক ৱাহিদা আমিৰীয়ে কয়, “আমি ৰাষ্ট্ৰসংঘৰ মহাসচিবক আমাৰ অধিকাৰ, শিক্ষা, কামত সমৰ্থন কৰিবলৈ আহ্বান জনাইছোঁ। আমি আজি সকলোবোৰৰ পৰা বঞ্চিত হৈছোঁ।’

কাবুলৰ কূটনৈতিক অঞ্চল হিচাপে পৰিচিত গ্ৰীন জ’নত এই প্ৰতিবাদ মহিলা সকলে প্ৰতিবাদ সাব্যস্ত কৰে। সেই অঞ্চলত কিছুমান পশ্চিমীয়া দেশৰ দূতাবাস অৱস্থিত। মহিলা সকলৰ এই প্ৰতিবাদত তালি‍বানে বাধা দিছে। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ ওপৰতো আক্ৰমণ কৰিছে তালিবানে।

“তালিবানৰ বিৰুদ্ধে আমাৰ একো নাই, আমি কেৱল শান্তিপূৰ্ণভাৱে আমাৰ অধিকাৰৰ দাবীত প্ৰতিবাদ কৰিব বিচাৰো।” আমিৰীয়ে কয়।

তালিবানে আফগানিস্তান অধিগ্ৰহণ কৰাৰ পিছত মহিলা সকলক এতিয়াও কামলৈ ঘূৰি আহিবলৈ অনুমতি দিয়া নাই বা বেছিভাগ ছোৱালীক বিদ্যালয়লৈ যাবলৈ অনুমতি দিয়া নাই। ইয়াৰ বিৰুদ্ধে শেহতীয়াকৈ কিছু দিন ধৰি কাবুলত মহিলাসকলৰ দ্বাৰা প্ৰতীকী প্ৰতিবাদ এক নিয়মীয়া ঘটনা হৈ পৰিছে।

যোৱা বৃহস্পতিবাৰে প্ৰায় ২০ গৰাকী মহিলাক ৯০ মিনিটতকৈও অধিক সময় প্ৰতিবাদত ভাগ লোৱাৰ অনুমতি দিয়া হৈছিল। কিন্তু প্ৰতিবাদৰ কভাৰ কৰা কেইবাজনো বিদেশী আৰু স্থানীয় সাংবাদিকক তালিবানে প্ৰহাৰ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd