• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

caretaker arrested উপকাৰীক অজগৰে খায়! এইবাৰ টিয়কত ‘কেয়াৰ টেকাৰে’ ঘটালে অঘটন

নিৰ্মলেন্দু পাঠক, টীয়ক by নিৰ্মলেন্দু পাঠক, টীয়ক
November 3, 2021 2:14 pm
291
VIEWS
Share on FacebookShare on Twitter

“কাকো বিশ্বাসত নল’ব,মই যেনেকৈ কান্দিছো নহ’লে আপুনিও কান্দিব লাগিব, গাখীৰ খুৱাই সাপ পুহিছিলো”- এই ভাষ্য এগৰাকী অৱসৰপ্ৰাপ্ত অসহায় ব্যক্তিৰ।

হয়, ব্যক্তিগৰাকীৰ নাম গৌৰী নাথ ভট্টাচাৰ্য, ঘৰ টীয়কৰ হাঁহচৰা অঞ্চলত।চাকৰি সুত্ৰে ঘৰৰ বাহিৰত থাকিবলগীয়া হোৱাত পৰিবাৰ মিনু দেৱীৰ লগত সহায়ক হিচাপে থাকিবলৈ ফুলকুমলীয়া বয়সতে নুমলীগড়ৰ পৰা সুৰেশ তাঁতি নামৰ এটি ল’ৰাক মাক দেউতাকৰ অনুমতি সাপেক্ষে নিজৰ ঘৰলৈ লৈ আনি পঢ়াশুনা কৰোৱাৰ লগতে সকলো সা সুবিধা প্ৰদান কৰিছিল।

দুৰ্ভাগ্যক্ৰমে আজিৰ পৰা পাঁচ বছৰ পূৰ্বে মিনু দেৱীয়ে এই ইহ সংসাৰ ত্যাগ কৰে আৰু তাৰ পাছত সেই ল’ৰাটোক নুমলীগড়ৰ নিজৰ পিতৃগৃহত থ’বলৈ দিহা কৰে ভট্টাচাৰ্যই।

কিন্তু যথেষ্ট সা সুবিধা অকৃত্ৰিম মৰমক নেওচিব নোৱাৰি ল’ৰাটোৱে পিতৃ গৃহত নাথাকি পুনৰ হাঁহচৰালৈ ভট্টাচাৰ্যৰ লগত গুচি আহে।সকলো ঠিকেই চলি আছিল।

ইপিনে ভট্টাচাৰ্য অৱসৰ পাছতে ঘৰৰ চৌহদতে তেওঁৰ পৰিবাৰৰ পবিত্ৰ স্মৃতিত অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ক্ষেত্ৰত সুবিধা হোৱাকৈ মিনু দেৱী মেমৰিয়েল নামৰ এখনি কনিষ্ঠ মহাবিদ্যালয় স্থাপন কৰে আৰু ল’ৰাটোকে ঘৰ তথা মহাবিদ্যালয়ৰ সমস্ত দায়িত্ব অৰ্পণ কৰে।

কিন্তু কালক্ৰমত সেই ল’ৰাটোৱে ভট্টাচাৰ্য পৰিয়ালৰ সুদীৰ্ঘ কালৰ মৰম স্নেহ সকলো পাহৰি ঘৰত ভট্টাচাৰ্য নথকাৰ সুযোগ গ্ৰহণ কৰি যোৱা ২৫ অক্টোবৰত প্ৰায় আঠ লাখ টকা বহু সোণৰ আ অলংকাৰ আৰু ঘৰৰে এখন মটৰচাইকেল লৈ পলায়ন কৰে।

শেহতীয়াকৈ কালি টীয়ক আৰক্ষীৰ তৎপৰতাত মটৰচাইকেলসহ আৰু এজন ওচৰৰ যুৱক জিৎপল চাংমাইৰ সৈতে বিশ্বাসঘাতক ল’ৰাটোক গ্ৰেপ্তাৰ কৰে।

ইতিমধ্যে ল’ৰাটোৱেও সমগ্ৰ ঘটনা স্বীকাৰ কৰিছে।

সঁচাই যাক নিজৰ বুলি আঁকোৱালি লৈছিল তথা সপোন ৰচিছিল সিয়ে আজি প্ৰতাৰক আৰু বিশ্বাসঘাতক হৈ ধৰা দিলে ।এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাক লৈ সকলোকে সতৰ্ক হ’বলৈ আহ্বান জনাইছে অসহায় ভট্টাচাৰ্যই।

Recent News

আদানিৰ স্বাৰ্থত জলাঞ্জলি জনজাতিৰ ভূমি! ভূমিপুত্ৰৰ প্ৰতিবাদে চকু মেল খুৱাবনে ‘খিলঞ্জীয়া’ চৰকাৰৰ?

আদানিৰ স্বাৰ্থত জলাঞ্জলি জনজাতিৰ ভূমি! ভূমিপুত্ৰৰ প্ৰতিবাদে চকু মেল খুৱাবনে ‘খিলঞ্জীয়া’ চৰকাৰৰ?

ব্ৰহ্মপুত্ৰত আবদ্ধ ফকিৰগঞ্জ-ধুবুৰী যাত্ৰীবাহী নাও: ২০০ৰো অধিক লোকক উদ্ধাৰ

ব্ৰহ্মপুত্ৰত আবদ্ধ ফকিৰগঞ্জ-ধুবুৰী যাত্ৰীবাহী নাও: ২০০ৰো অধিক লোকক উদ্ধাৰ

ইৰাণ আৰু ইজৰাইলৰ পৰা নাগৰিকক ঘূৰাই অনাৰ উদ্যোগ ভাৰতৰ

ইৰাণ আৰু ইজৰাইলৰ পৰা নাগৰিকক ঘূৰাই অনাৰ উদ্যোগ ভাৰতৰ

কৰ্ণাটকত বন্ধ হ’ল অনলাইন বাইক টেক্সি, অসমতো হ’ব নেকি বন্ধ? কি নিৰ্দেশ দিলে উচ্চ ন্যায়ালয়ে?

কৰ্ণাটকত বন্ধ হ’ল অনলাইন বাইক টেক্সি, অসমতো হ’ব নেকি বন্ধ? কি নিৰ্দেশ দিলে উচ্চ ন্যায়ালয়ে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd