• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰীয়ে পতা জালত ভৰি দিবলৈ সাজু আৰু কোন কোন কংগ্ৰেছী বিধায়ক?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
November 7, 2021 6:59 am
89f27367-264a-4d9c-aace-4ee97e511bac-1-750x375
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজনীতি….. এই শব্দটো যেন এতিয়া নিকা ভাৱমুৰ্তিসম্পন্ন, নীতি-আদৰ্শৰে পৰিপূৰ্ণ লোকৰ বাবে হৈ থকা নাই। একাংশ নীতি-আদৰ্শহীন নেতাৰ দপ দপনিত থৰকাছুটি হেৰুৱাইছে নীতিক সাৰোগত কৰি ৰাজনীতি কৰা নেতাসকলে।

আজি যদি এটা বিৰোধী ৰাজনৈতিক দলত থাকি দলটোৰ সপক্ষে বক্তব্য ৰাখি শাসকীয় শক্তিক পাৰ্য্যমানে গালি পাৰিছে, কাইলৈ আকৌ সেই দলটোৰ পৰা পদত্যাগ কৰি শাসকীয় পক্ষৰ সৈতে চামিল হৈছে।

তেনে সময়তে আকৌ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধী শূণ্য কৰাৰ কৌশল অব্যাহত থকাৰ প্ৰসংগ প্ৰচুৰ পৰিমাণে চৰ্চালৈ আহিছে।

Apply Now

ইতিমধ্যে, মুখ্যমন্ত্ৰীগৰাকীয়ে পতা বিৰোধী শূণ্য কৰা জালত ভৰি থৈ বিৰোধী কেইবাগৰাকী নেতা-বিধায়ক বিজেপিলৈ ঢাপলি মেলি পুনৰ সেই সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে।

উদাহৰণস্বৰূপে আমি নাম ল’ব পাৰো থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁই, মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, ভবানীপুৰ সমষ্টিৰ ফণীধৰ তালুকদাৰৰ।

তিনিওজনে শাসকীয় দললৈ জপিওৱাৰ কিছু দিন পূৰ্বলৈকে বিজেপিৰ নীতিৰ বিৰুদ্ধে সৰৱ হৈ আছিল। আনকি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীকো সমালোচনাৰে থকা সৰকা কৰিছিল তিনিওজনে।

কোনেও সপোনতো ভাবিব পৰা নাছিল যে তেওঁলোক এনেদৰে এটা ৰাতিৰ ভিতৰতে বিজেপিলৈ হাই জাম্প মাৰিব। ব্যতিক্ৰম নহয় বিত্ত, সমাজ কল্যাণ দপ্তৰৰ মন্ত্ৰীৰ দায়িত্বত থকা প্ৰাক্তন কংগ্ৰেছী নেত্ৰী অজন্তা নেওগো।

মুখ্যমন্ত্ৰীয়ে ৰচনা কৰা বিৰোধী শূণ্য জালত বেয়াকৈ ফাঁচিল এইসসমূহ ‘চেঙেলী মাছৰ’ দৰে নেতা।

আপুনি শুনিলে আচৰিত হ’ব শাসনৰ ক্ষমতা উপভোগৰ বাবে এতিয়া বিজেপিলৈ আহিবলৈ ঠেং দাঙি আছে বহু কংগ্ৰেছী বিধায়কে। চৰ্চাত বহু বাঘা বাঘা কংগ্ৰেছী নেতাৰ নাম আছে।

তাৰ ভিতৰত অন্যতম তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱাৰ নাম। তাৰ পাছতে চৰ্চাত আছে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ভুমিধৰ বৰ্মণৰ পুত্ৰ দিগন্ত বৰ্মণৰ নাম।

ঠিক সেইদৰে ছয়গাওঁ সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদৰ নামো চৰ্চালৈ নহা নহয়। শেহতীয়াকৈ দলৰ মজিয়াত থাকি ৰেকিবুদ্দিন আহমেদে সংবাদ মাধ্যমৰ আগত পোনপটীয়াকৈ কংগ্ৰেছ দলৰ বগা চোলা পিন্ধা নেতাৰ বিৰুদ্ধে সৰৱ হৈ পৰা পৰিলক্ষিত হৈছিল।  

চৰ্চা চলিছে বিজেপিলৈ আহি গেৰুৱা সাজ পিন্ধিব বকোৰ বিধায়িকা তথা অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী নন্দিতা দাসে।

ঠিক সেইদৰে বিজেপিত যোগদান কৰিব বুলি দুধনৈ সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰীৰ নামো চৰ্চালৈ আহিছে।

মুখ্যমন্ত্ৰীৰ বিৰোধী শূণ্য কৰাৰ চক্ৰান্তত এইসকলৰ অৰিহনা যেন অপৰিসীম হৈ ৰ’ব।

এনেয়ো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সৌ সিদিনা দুই-তিনিটা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছিল।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে বটদ্ৰৱা সমষ্টিৰ কংগ্ৰেছী বিধায়িকা শিৱামণি বৰাৰ নামো চৰ্চা চলিছিল বিজেপিলৈ আহিব বুলি। কিন্তু তেওঁ বিজেপিত যোগদান নকৰে বুলি ইতিমধ্যে স্পষ্ট কৰিছে যদিও সেয়া সময়ত লক্ষণীয় হ’ব।

ইপিনে, বিজেপিৰ লক্ষ্য আৰু উদ্দেশ্য এটাই ‘সকলো হিন্দু নেতা-বিধায়কক গেৰুৱা কৰা।’ 

মুঠৰ ওপৰত ক্ষমতাৰ ৰাগীত বলিয়ান কংগ্ৰেছী এতিয়া বিৰোধীৰ আসনত বহিবলৈ ইচ্ছা একেবাৰে নাই। তাতে আকৌ মুখ্যমন্ত্ৰীৰ আসনত আটাইতকৈ চতুৰ ৰাজনৈতিক নেতা ড০ হিমন্ত বিশ্ব শৰ্মা।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd