• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কমলা বিক্ৰেতাৰ পৰা পদ্মশ্ৰী সন্মানলৈ! কি মহৎ কৰ্মৰ বাবে স্বীকৃত হ’ল পদ্মশ্ৰী সন্মানেৰে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2021 5:27 pm
Harekala Hajabba
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ ক’ভিন্দে বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱা ব্যক্তি সকলক পদ্ম সন্মান প্ৰদান কৰে। কৰ্ণাটকৰ মেংগালুৰুৰ এজন কমলা বিক্ৰেতা হৰেকলা হাজাব্বাক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।

মাংগালুৰুৰ হাৰেকলা-নিউপাদপু গাঁৱত এখন বিদ্যালয় নিৰ্মাণ কৰি গ্ৰাম্য শিক্ষাত বিপ্লৱ অনাৰ বাবে ৬৬ বছৰীয়া হাজাব্বাই এই বঁটা লাভ কৰে। বিদ্যালয়খনত বৰ্তমান ১৭৫ জন দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰি আছে।

১৯৭৭ চনৰ পৰা মেংগালুৰু বাছ ডিপোত কমলা বিক্ৰী কৰা হাজাব্বা এজন নিৰক্ষৰ ব্যক্তি আৰু কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাই।

১৯৭৮ চনত এজন বিদেশী পৰ্যটকে কমলা বিক্ৰেতা হাজাব্বাক কমলাৰ দৰৰ বিষয়ে সোধোঁতেই হাজাব্বাৰ মনলৈ তেওঁৰ গাঁৱত শিক্ষাৰ ক্ষেত্ৰত বিপ্লৱ অনাৰ আকাংক্ষা আহিছিল।

পদ্ম বঁটা বিজয়ী ব্যক্তি গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, “যিহেতু মই বিদেশী পৰ্যটক গৰাকীৰ সৈতে যোগাযোগ কৰিব পৰা নাছিলো, মই দুখ অনুভৱ কৰিছিলো আৰু গাওঁখনত এখন বিদ্যালয় নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছিলো।”

Apply Now

মই কেৱল কানাড়া ভাষাহে জানো, ইংৰাজী বা হিন্দী ভাষা মই ক’ব নোৱাৰোঁ। গতিকে মই বিদেশী পৰ্যটক গৰাকীক সহায় কৰিব নোৱাৰাৰ বাবে হতাশাগ্ৰস্ত হৈ পৰিছিলো। মই মোৰ গাঁৱত এখন বিদ্যালয় নিৰ্মাণ কৰাৰ বিষয়ে চিন্তা কৰিছিলো।” তেওঁ লগতে কয়।

হাজাব্বাৰ এখন বিদ্যালয় নিৰ্মাণৰ এই সপোন দুটা দশকৰ পাছত বাস্তৱায়িত হৈছিল।

হাজাব্বাই তেওঁৰ এই মহৎ সপোনটিক সাকাৰ ৰূপ দিয়াৰ উদ্দেশ্যে জনহিতকৰ কামৰ জৰিয়তে অক্ষৰা ছাণ্টা (লেটাৰ ছেইণ্ট) উপাধিৰে আখ্যায়িত প্ৰাক্তন বিধায়ক ইউটি ফৰিদৰ ওচৰলৈ গৈছিল। তেওঁ ২০০০ চনত বিদ্যালয় নিৰ্মাণৰ অনুমোদন দিয়ে।

হাজাব্বাৰ এই মহৎ উদ্দেশ্যৰ ফলত গঢ় লৈ উঠা বিদ্যালয়খন ২৮ জন শিক্ষাৰ্থীৰ সৈতে আৰম্ভ হৈছিল আৰু এতিয়া দশম শ্ৰেণীলৈকে ১৭৫ জন শিক্ষাৰ্থীয়ে বিদ্যালয় খনত শিক্ষা গ্ৰহণ কৰি আছে।

বিগত বৰ্ষ সমূহত তেওঁৰ এই মহান কৰ্মৰ বাবে হাজব্বাই বিভিন্ন পুৰস্কাৰ লাভ কৰিছে আৰু এই পুৰষ্কাৰৰ ধন বিনিয়োগ কৰি গাঁৱত নতুনকৈ বিদ্যালয় স্থাপন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।

“মোৰ লক্ষ্য হৈছে মোৰ গাঁৱত অধিক বিদ্যালয় আৰু মহাবিদ্যালয় নিৰ্মাণ কৰা। বহুলোকে ধন দান কৰিছে আৰু মই বিদ্যালয় আৰু মহাবিদ্যালয় নিৰ্মাণৰ বাবে মাটি ক্ৰয় কৰাৰ বাবে পুৰষ্কাৰৰ ধন জমা কৰিছো।”- সংবাদ মাধ্যমৰ আগত হাজাব্বাই কয়।

হৰেকলা হাজাব্বাই ইতিমধ্যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত হাজাব্বাৰ গাঁৱত এখন মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱ দাঙি ধৰিছে।

তেওঁৰ জনহিতকৰ কামৰ স্বীকৃতি দিয়াৰ বাবে হাজাব্বাই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, সাংসদ নলিন কুমাৰ কাটিল, জিলা ভাৰপ্ৰাপ্ত মন্ত্ৰী কোটা শ্ৰীনিবাস পূজাৰী আৰু বিধায়ক ইউটি খাদৰক ধন্যবাদ জ্ঞাপন কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am
সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

October 10, 2026 9:53 am
‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

October 10, 2026 8:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd