• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত স্বাধীনতা সংগ্ৰামী নন্দেশ্বৰ তালুকদাৰৰ জন্ম শতবৰ্ষ উপলক্ষে আলোচনা সভা

বৰ্তমান সময়ত বামপন্থী দলে কৌশলৰ ক্ষেত্ৰত পিছুৱাই থাকিলে নহ'ব, কিন্তু নিজস্বতা বজাই ৰাখিব লাগিব - সুপ্ৰকাশ তালুকদাৰ

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
November 14, 2021 3:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দল এটা চলোৱাটো সহজ নহয় ৷ যুদ্ধৰ সময়ত সেনা বাহিনীক পৰিচালনা কৰাটো যেনেদৰে সহজ নহয় ৷ এতিয়া যুদ্ধ নাই, সেনা বাহিনী বেৰেকত আছে ৷ গতিকে অসুবিধা একো নাই ৷ কিন্তু অসম আন্দোলনৰ সময়ত বামপন্থীসকলে ধৈৰ্য ধৰি মানুহক নেতৃত্ব দিয়া কামটো কৰিছিল৷ এই মন্তব্য বামপন্থী দলৰ কেন্দ্ৰীয় সদস্য তথা সাপ্তাহিক গণশক্তি কাকতৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰৰ ৷

বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা অসমৰ সাম্যবাদী আন্দোলনৰ অন্যতম পুৰোধা ব্যক্তি নন্দেশ্বৰ তালুকদাৰৰ জন্ম শতবৰ্ষ উপলক্ষে বঙাইগাঁৱৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত এখন আলোচনা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য কৰে ৷ চি পি আই (এম) ৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত আয়োজিত আলোচনা সভাত বামপন্থী দলৰ কেন্দ্ৰীয় সদস্য তথা সাপ্তাহিক গণশক্তি কাকতৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয় যে অসমৰ ব্ৰিটিছ বিৰোধী প্ৰগতিশীল ছাত্ৰ আন্দোলনৰ অন্যতম সৈনিকৰ ভুমিকা গ্ৰহণ কৰা কমৰেড নন্দেশ্বৰ তালুকদাৰে সমগ্ৰ জীৱনটো শ্ৰমজীৱী জনগণৰ নিমিত্তে উচৰ্গিত কৰিছিল ৷

Apply Now

নন্দেশ্বৰ তালুকদাৰে জীৱনৰ অধিকাংশ সময় শ্ৰমজীৱী জনগণ,দুখীয়া জনসাধাৰণ বিশেষকৈ জনজাতি সম্প্ৰদায়ৰ লোক সকলৰ মাজত অতিবাহিত কৰি সংগঠন গঢ়ি তুলিছিল৷

পৰৱৰ্তী সময়ত চিপি আই(এম) দল গঠনতো তেওঁ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল৷ তদুপৰি আন্দোলন গঢ়ি তোলাত নন্দেশ্বৰ তালুকদাৰে কেবা বছৰ কাৰাবাস খাটিব লগা হৈছিল৷ বৰ্তমান সময়ত চলি থকা দূৰ্নীতি-পংকিলতাৰ বিপৰীতে তেওঁ মূল্যবোধৰ ৰাজনীতিৰে মানুহক উদ্বুদ্ধ কৰিবলৈ জীৱনৰ শেষলৈকে যুঁজিছিল৷

সেয়ে নীতিৰ ক্ষেত্ৰত দৃঢ় ৰাখি বিভিন্ন জাতি জনজাতিৰ অধিকাৰক মৰ্যাদা দি ঐক্যবদ্ধ কৰাটো আজি সময়ৰ আহ্বান বুলিও কয় ৷ তেওঁ কয় যে এনে ব্যক্তিসকলৰ জন্ম শতবাৰ্ষিকী পালন কৰাৰ পৰা আমি কি শিকিম সেয়াহে মূল কথা ৷ কাৰণ মূল্যবোধৰ ৰাজনীতি বামপন্থী দলে যে দি থৈ গৈছে এইটো হ’ল আমাৰ কাৰণে এটা ডাঙৰ মূলধন ৷ অসমৰ বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটত চি পি আই ( এম ) ৰ মাত্ৰ এজন বিধায়ক ৷

কিন্তু চি পি আই (এম) ক সকলোৱে সমীহ কৰে ৷ আপুনি বিজেপিৰ মানুহৰ লগত কথা পাতিব ,কংগ্ৰেছৰ মানুহৰ লগত কথা পাতিব বা বি পি এফৰ মানুহৰ লগত কথা পাতক, কিন্তু চি পি আই (এম)ৰ প্ৰতি এটা বেলেগ ধৰণৰ সন্মান দেখিবলৈ পাব ৷

ইয়াৰ কাৰণ হ’ল মূল্যবোধৰ ৰাজনীতি ৷ যি মূল্যবোধৰ ৰাজনীতি পূৰ্বৰ ব্যক্তিসকলে দেখুৱাই থৈ গ’ল ৷ সেয়ে এই মূল্যবোধৰ ৰাজনীতিটো আমাৰ কাৰণে মূলধন আৰু সেই মূল্যবোধৰ ৰাজনীতিটো আমি সযতনে ৰক্ষা কৰিব লাগিব ৷ এইটো আমি কোনো মতে কম্প্ৰমাইজ কৰিব নোৱাৰো ৷

আমি সেই ৰাজনীতি আগুৱাই নিব লাগিব ৷ দ্বিতীয়তে হ’ল নীতিৰ ক্ষেত্ৰত দৃঢ় ৷ বামপন্থীসকলে কেতিয়াও আদৰ্শৰ পৰা আতৰি অহা নাই ৷

গতিকে নীতিৰ ক্ষেত্ৰত যে দৃঢ় এইটো আমি পূৰ্বৰ বামপন্থীসকলৰ জীৱনৰ পৰা শিক্ষা ল’বলগীয়া ৷ তৃতীয়তে হ’ল অসমৰ দৰে এখন ৰাজ্য যিখন ৰাজ্যত বিভিন্ন ভাষা- ভাষী আৰু জনগোষ্ঠী আছে সকলোকে সমমৰ্যদা দিয়া , সকলোৰে সমস্যাবিলাক আমি গুৰুত্ব দিয়াটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ ৷

অসমত জাতি – জনগোষ্ঠীবিলাকৰ যিটো সম্পৰ্ক তাকলৈ অসমৰ মানুহ অত্যন্ত আবেগিক ৷ কোনো জাতি – জনগোষ্ঠীৰ প্ৰতি যাতে অসন্মান নহয় সেয়া নিশ্চিত কৰিব লাগিব ৷

কাৰণ কোনো এটা জাতি – জনগোষ্ঠীকে অৱজ্ঞা কৰি বামপন্থী দলক আগবঢ়াই লৈ যাব নোৱাৰে আৰু অসমকো আগবঢ়াই নিব নোৱাৰে ৷ গতিকে অসমৰ জাতি – জনগোষ্ঠীৰ ঐক্যৰ কাৰণে আগৰ বামপন্থীসকলে যিটো প্ৰথমৰে পৰা দৃঢ় স্থিতি দেখুৱাইছিল সেই ঐক্যটো আমি ৰক্ষা কৰিব লাগিব ৷

উল্লেখ্য যে চি পি আই (এম) ৰ বঙাইগাঁও জিলা সমিতিৰ সম্পাদক পৰিমল চক্ৰৱৰ্তীৰ পৌৰহিত্যত অনুষ্ঠিত আলোচনা৷সভাত সাপ্তাহিক গণশক্তি কাকতৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰে লগতে আৰু কয় যে বৰ্তমান সময়ত বামপন্থী দলে কৌশলৰ ক্ষেত্ৰত পিছুৱাই থাকিলে নহ’ব ৷ কিন্তু কৌশল ললেও বামপন্থী দলে নিজস্বয়তা আমি বজাই ৰাখিব লাগিব ৷

কাৰণ অসমত যেতিয়া বিজেপিৰ বিপদটো আগবাঢ়ি আহিল তেতিয়া কংগ্ৰেছ এটা ডাঙৰ শক্তি আৰু অগপ এটা ডাঙৰ শক্তি আছিল ৷ কংগ্ৰেছক পৰাজিত কৰিব লাগিব ৷ কাৰণ কংগ্ৰেছক মানুহে বেয়া পায় ৷

গতিকে কংগ্ৰেছক পৰাজিত কৰাৰ বাবে আমি অগপৰ লগ লাগিম নে নাই সেই লৈ বহু বিতৰ্ক গৈছে অসমত ৷ কিন্তু বামপন্থী দলৰ নেতৃত্বই যি অগপৰ নেতৃত্বই অসম আন্দোলনৰ সময়ত অসমত ৫০ জন কমৰেডক হত্যা কৰাৰ কাৰণে দোষী , সেই অগপৰ লগতে সম্পৰ্ক গঢ়ি তলিছিল ৷ ইয়াৰ কাৰণ কংগ্ৰেছক পৰাজিত কৰা আৰু বিজেপিৰ বাঢ়ি অহা আগ্ৰাসনক প্ৰতিহিত কৰা ৷ আমাৰ কৌশলে কামত দিছিল ৷

কংগ্ৰেছ ১৯৯৬ চনত পৰাজিত হৈছিল আৰু অগপৰ চৰকাৰ হৈছিল ৷ অগপৰ চৰকাৰ হোৱাৰ পিচত আমি যি পৰিমাণে অগপৰ দু্স্কাৰ্যৰ বিৰোধিতা কৰিব লাগিছিল সেই ক্ষেত্ৰত আমি ব্যৰ্থ হৈছিলো ৷ সেইটো আন এটা অধ্যায় ৷ সেইদৰে কেৰলাত মূল শক্ৰ হ’ল কগ্ৰেছ ৷ পশ্চিমবংগতো ৭১ চনত এঘাৰশ কৰ্মীক হত্যা কৰিছিল ৷

অথচ সেই কংগ্ৰেছৰ লগত আমি বিজেপিক পৰাভূত কৰাৰ কাৰণে কিবা নহয় কিবা প্ৰকাৰে বুজাবুজি কৰিছো ৷ কিয় কৰিছো কাৰণ কৌশল বাদ দি বামপন্থী দল হ’ব নোৱাৰে ৷ কিন্তু দলৰ নিজস্বয়তা বজাই ৰাখিব লাগিব ৷ আমি কাৰ লগত গৈছো কাৰ লগত যোৱা নাই সেইটো কৌশল ৷

পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ কাৰণে কৌশল ল’বলগীয়া হয় ৷ কিন্তু কৌশল ললেও বামপন্থী দলৰ নিজস্বয়তা যদি আমি বজাই ৰাখিব নোৱাৰো তেতিয়াহলে আমি যিবিলাক লক্ষ্যৰ কাৰণে কাম কৰি আছো সেই লক্ষ্যত আমি কেতিয়াও উপনীত হ’ব নোৱাৰিম ৷ আলোচনা সভাত বামপন্থী দলৰ ৰাজ্যিক সদস্য তথা অধিবক্তা হৰেশ্বৰ দাস আৰু ৰবীন দাসেও বক্তব্য ৰাখে৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

গৰচুক ফ্লাইঅভাৰৰ সমীপত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী! তালাচীত বাহনৰ পৰা উদ্ধাৰ তিনিটাকৈ গৰু

June 13, 2026 9:08 pm
ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

ৰাম মন্দিৰত চুৰিৰ ঘটনা, অভিযুক্তৰ পিতৃয়ে ক’লে যি হ’বলগীয়া আছিল সেয়া হৈ গ’ল

June 13, 2026 9:22 pm
এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

এছিয়ান গেমছৰ বাবে ভাৰতীয় বেডমিণ্টন দল ঘোষণা, পি ভি সিন্ধু আৰু সাত্বিক-চিৰাগৰ কান্ধত মূল দায়িত্ব

June 13, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd