• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Supreme Court: টেলিভিচনৰ নিউজ চেনেলৰ বিতৰ্কই আন কাৰকতকৈ সৃষ্টি কৰে প্ৰদূষণ ! কিয় ক’লে উচ্চতম ন্যায়ালয়ে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2021 5:36 pm
Supreme Court says TV News Debates Causing More Pollution Than Anybody
244
VIEWS
Share on FacebookShare on Twitter

টিভি নিউজ চেনেলসমূহত হোৱা বিতৰ্কৰ ফলত অন্য কাৰণতকৈ অধিক প্ৰদূষণৰ সৃষ্টি হয়!— আদালতত দিয়া বিবৃতিৰ মাজতে উচ্চতম ন্যায়ালয়ে এই মন্তব্য কৰে।

মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ নেতৃত্বত এখন বিচাৰপীঠে কয় যে সকলোৰে নিজা এজেণ্ডা আছে আৰু এই বিতৰ্কবোৰত প্ৰসংগৰ বাহিৰত এজেণ্ডা অনুসৰি বিবৃতিবোৰ লোৱা হয়।

“এই বিতৰ্কবোৰে কিছুমান বিষয় ব্যৱহাৰ কৰিব বিচাৰে, আমাক পৰ্যবেক্ষণ কৰিব বিচাৰে আৰু তাৰ পিছত ইয়াক বিতৰ্কিত কৰিব বিচাৰে আৰু তাৰ পিছতেই দোষাৰোপৰ খেল খেলে।” ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু সূৰ্য কান্তক লৈ গঠিত বিচাৰপীঠে এইদৰে মন্তব্য কৰে।

বিচাৰপীঠে লগতে কয়, “টিভিত হোৱা বিতৰ্কই যিকোনো লোকতকৈ অধিক প্ৰদূষণ সৃষ্টি কৰিছে। তেওঁলোকে বুজি নাপায় কি হৈ আছে আৰু সমস্যাটো কি। বিবৃতিবোৰ প্ৰসংগৰ বাহিৰত লোৱা হয়। সকলোৰে নিজা এজেণ্ডা আছে।”

দিল্লী আৰু কাষৰীয়া অঞ্চলত বায়ু প্ৰদূষণ সম্পৰ্কীয় এখন আবেদনৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে এই মন্তব্য কৰে।

ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই দূৰদৰ্শনত হোৱা বিতৰ্কৰ কথা উল্লেখ কৰি কয় যে বায়ু প্ৰদূষণত কৃষকসকলে নৰা জ্বলোৱাৰ অৱদানৰ ওপৰত শীৰ্ষ আদালতক বিপথে পৰিচালিত কৰিছিল বুলি টেলিভিচনৰ বিতৰ্কসমূহে দাবী কৰিছে।

কিন্তু শীৰ্ষ ন্যায়ালয়ে ইয়াৰ প্ৰত্যুত্তৰত কয় যে, “আমি কোনোপধ্যেই বিপথে পৰিচালিত কৰা হোৱা নাই। আপুনি প্ৰদূষণৰ ক্ষেত্ৰত নৰা জলোৱাৰ অৱদান ১০ শতাংশ বুলি কৈছিল কিন্তু শপতনামাত উল্লেখ আছে যে ইয়াৰ পৰিমাণ ৩০ ৰ পৰা ৪০ শতাংশ আছিল।”

উল্লেখ্য যে সম্প্ৰতি মূল সুঁতিৰ ইলেক্ট্ৰনিক মিডিয়াত বিতৰ্ক অনুষ্ঠান সমূহে কিছু বিশেষ এজেণ্ডা সমাজত প্ৰচাৰ কৰি আহিছে। এই অনুষ্ঠান সমূহকলৈ সততে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তেনে সময়তে উচ্চতম ন্যায়ালয়ৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে।

Recent News

ৰিজভিৰ বিজয়ী ইনিংছৰ সন্মুখত ম্লান শ্ৰেয়াছৰ দুৰ্দান্ত ইনিংছ! জয়েৰে আই পি এল সামৰিলে দিল্লীয়ে

ৰিজভিৰ বিজয়ী ইনিংছৰ সন্মুখত ম্লান শ্ৰেয়াছৰ দুৰ্দান্ত ইনিংছ! জয়েৰে আই পি এল সামৰিলে দিল্লীয়ে

দিল্লী-নয়দাত ৰেড এলাৰ্ট জাৰি, ধাৰাবাহিক বৰষুণৰ ফলত জলমগ্ন চহৰ; ১০০ৰো অধিক বিমান বাতিল

দিল্লী-নয়দাত ৰেড এলাৰ্ট জাৰি, ধাৰাবাহিক বৰষুণৰ ফলত জলমগ্ন চহৰ; ১০০ৰো অধিক বিমান বাতিল

দাগ লাগিছে! জানি লওক ঘৰৰ পৰা কঠিন পানীৰ দাগ আঁতৰোৱাৰ ফলপ্ৰসূ টিপছ

দাগ লাগিছে! জানি লওক ঘৰৰ পৰা কঠিন পানীৰ দাগ আঁতৰোৱাৰ ফলপ্ৰসূ টিপছ

কুন্দুলী খাই আপুনি ভাল পায়নে? যিকোনো চৰ্মৰোগৰ বাবে উপকাৰী এইবিধ পাচলি

কুন্দুলী খাই আপুনি ভাল পায়নে? যিকোনো চৰ্মৰোগৰ বাবে উপকাৰী এইবিধ পাচলি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd