• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিভাজনৰ কৌশল প্ৰয়োগ নকৰাকৈ ৰাজধর্ম পালন কৰক: কংগ্ৰেছ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 22, 2021 9:06 pm
AKHIL VS HIMANTA
287
VIEWS
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ সৈতে হোৱা আলোচনাত দিয়া উন্নয়নৰ আশ্বাসৰ দৰে আন বিধায়কসকলৰ সৈতেও আলোচনা কৰি প্ৰতিটো সমষ্টি উন্নয়ন কৰাৰ আশ্বাস প্ৰদান কৰক আৰু বিৰোধী দলৰ বিধায়কৰ মাজত বিভাজন অনাৰ নতুন কৌশল প্ৰয়োগ নকৰাকৈ ৰাজধর্ম পালন কৰক—এই দাবী কৰিছে অসম প্ৰদেশ কংগ্ৰেছে ।

আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ।ববিতা শৰ্মাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত এনেদৰে কয়— ‘ডঃ শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছৰে পৰা বিৰোধী বিধায়কক তুলুঙা মন্তব্য কৰাৰ উপৰিও বিৰোধী বিধায়কৰ সমষ্টি উন্নয়নৰ কাম শাসকীয় দলৰ বিধায়কৰ সমষ্টিত কৰাৰ দৰে নহব বুলি পৰিবেশ এটা সৃষ্টি কৰি বিৰোধী দলৰ বিধায়কক সমষ্টি উন্নয়নৰ দোহাই দি দলত্যাগ কৰাই শাসক দলত যোগদান কৰাবলৈ বাধ্য কৰালে আৰু অপ্ৰয়োজনীয় উপ নিৰ্বাচন এটা যোৱা মাহত অসমৰ জনসাধাৰণে দেখা পালে।

অসমত হোৱা তিনিটা সমষ্টিৰ উপ নিৰ্বাচনৰ মূল কাৰণ আছিল সমষ্টি উন্নয়ন। উপ নিৰ্বাচন সময়ত মুখ্যমন্ত্ৰীৰ নির্বাচনী ভাষণ, তথা সমষ্টি উন্নয়নৰ বাবে বিৰোধী দলৰ পৰা গৈ শাসক দলত যোগদান কৰি শাসক দলৰ প্রার্থী হোৱা সকলৰ ভাষণত প্ৰকাশ পাইছিল যে বিৰোধী দলৰ বিধায়ক হৈ সমষ্টি উন্নয়ন কৰিব নোৱাৰিব বুলি আৰু শাসক দলৰ বিধায়ক হ’লেহে সমষ্টিৰ উন্নয়ন হব বুলি।

আনকি বিৰোধী দলৰ বিধায়ক এজনে শাসক দলত যোগদান কৰাৰ সময়ত মূখ্যমন্ত্ৰীয়ে তেখেতক সমষ্টি উন্নয়নৰ স্বাৰ্থত আলোচনাৰ বাবে সময় নিদিয়া বুলিও উল্লেখ কৰিছিল।

কিন্তু কালি আমি দেখিলো শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ সৈতে মুখ্যমন্ত্ৰীয়ে এঘণ্টা সময় আলোচনাত বহিল, সমষ্টি উন্নয়নৰ সন্দৰ্ভত আলোচনা কৰিলে। এয়া ভাল কথা।

এয়া তেখেতৰ কৰণীয়। কাৰণ মূখ্যমন্ত্ৰী হিচাপে তেখেত অসমৰ মুখ্যমন্ত্ৰী। ৰাজ্যখনৰ ১২৬ সমষ্টিৰ উন্নয়নৰ দায়িত্ব তেখেতৰ আছে। সেয়ে শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ দায়িত্বও তেখেতৰ আছে। 

ইয়াৰ বাবে উক্ত সমষ্টিৰ বিধায়কৰ সৈতে আলোচনাত বহি সমষ্টি উন্নয়নৰ আলোচনা কৰা বিষয়টো ইতিবাচক।
কিন্তু তেখেতে বিৰোধী বিধায়কে বিধানসভাৰ অধিৱেশনত বক্তব্য ৰখাৰ বাহিৰে আন বিষয়ত সমষ্টিত থকা অভিভাৱক মন্ত্ৰী সকলেহে সকলো কাম কৰিব বুলি ৰাজহুৱা ভাবে বক্তব্য কিয় প্ৰকাশ কৰিছিল, সমষ্টি উন্নয়নৰ দোহাই দি কিয় তিনি গৰাকী বিধায়কক দলত্যাগ কৰাই উপ নিৰ্বাচন পাতি ৰাজহুৱা ধন খৰচ কৰিলে?

ৰাজ্যৰ আৰ্থিক অৱস্থা ধাৰৰ কবলত। SDG india index ৰ সমীক্ষাত উন্নয়ণৰ শেষৰ স্থানত অসম। বাকী থকা ৪ বছৰত অসমৰ স্থান উন্নত হব নে?

প্ৰসূতিৰ মৃত্যুৰ হাৰ বৃদ্ধি হোৱাৰ লগতে নৱজাতকৰ মৃত্যুৰ হাৰত দেশৰ ভিতৰতে অসমৰ স্থান তৃতীয়।
প্ৰতি হাজাৰ নৱজাতকৰ ভিতৰত ৪০ জনৰ হয় মৃত্যু। ৰাজ্যখনৰ ১৬ খন জিলাৰ হস্পিতালত নাই আই চি ইউ। এনে এক অবস্থাত থকা ৰাজ্যখনৰ উন্নয়নৰ বাবে শাসক আৰু বিৰোধীয়ে মিলি কাম কৰিব লাগে, কিন্তু সেয়া এতিয়াও মুখ্যমন্ত্ৰীৰ কামত প্ৰত্যক্ষ হোৱা নাই।

এখেতে কংগ্ৰেছ দলৰ বিধায়কৰ সৈতে আলোচনাৰ বাবে, কংগ্ৰেছ দলৰ বিধায়কৰ সমষ্টি উন্নয়নৰ বাবে সময় দিব পৰা নাই, আঁচনি দিব পৰা নাই,  বৰং উন্নয়নৰ আশ্বাস দি দলত্যাগ কৰাইছে।

এয়া নিম্ন মানদণ্ডৰ ৰাজনীতি, জনতাৰ স্বাৰ্থৰ পৰিপন্থী। এয়া ৰাজ্যবাসীৰ উন্নয়নৰ  অন্তৰায়।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা এনে কাৰ্যক নিন্দা কৰো। আমি মূখ্যমন্ত্ৰীক জনাওঁ যে তেখেতে  অসমৰ মুখ্যমন্ত্ৰী হিচাপে অসমৰ ১২৬ সমষ্টিৰ উন্নয়নৰ হকে কাম কৰক, অসমৰ ১২৬ জন বিধায়ককে সময় দি প্ৰতিটো সমষ্টি উন্নয়নৰ বাবে আলোচনাত বহক।

অন্যথা মুখ্যমন্ত্ৰীয়ে অসমক দেশৰ পাচ খন উন্নত ৰাজ্যৰ মাজত স্থান দখল কৰিবলৈ সক্ষম কৰাৰ যি সপোন দেখুৱাই আছে সেয়া বাস্তৱ নহব, বৰং ৰাজ্যৰ ৰাজনীতিত এক অস্থিৰ পৰিবেশ সৃষ্টি কৰা বুলি কুখ্যাতি ৰৈ যাব’।

Recent News

পুৰীৰ জগন্নাথ মন্দিৰৰ গাতে লাগি থকা এলেকাত সুৰা আৰু মাংস নিষিদ্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

পুৰীৰ জগন্নাথ মন্দিৰৰ গাতে লাগি থকা এলেকাত সুৰা আৰু মাংস নিষিদ্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰিব ১২ খনকৈ দেশৰ নাগৰিকে : নতুন নীতি ড’নাল্ড ট্ৰাম্পৰ

আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰিব ১২ খনকৈ দেশৰ নাগৰিকে : নতুন নীতি ড’নাল্ড ট্ৰাম্পৰ

আমেৰিকাৰ পৰা বিতাৰিত ভাৰতীয় ছাত্ৰক বিমান বন্দৰত অকথ্য নিৰ্যাতন

আমেৰিকাৰ পৰা বিতাৰিত ভাৰতীয় ছাত্ৰক বিমান বন্দৰত অকথ্য নিৰ্যাতন

চীন-পাকিস্তানৰ ওপৰত চকু ৰাখিব দেশতে নিৰ্মাণ হোৱা ISTAR চোৰাংচোৱা বিমানে

চীন-পাকিস্তানৰ ওপৰত চকু ৰাখিব দেশতে নিৰ্মাণ হোৱা ISTAR চোৰাংচোৱা বিমানে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd