শীঘ্ৰে মেঘালয় ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি ৰাম নাথ ক’বিন্দে। ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ ১ বছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বে তেওঁ ৰাজ্যখনলৈ অহাৰ কথা।
যোৱা মঙলবাৰে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনাৰ্ড কে ছাংমাই ৰাজ্যখনৰ পৰ্যটন মন্ত্ৰী মেটবাহ লিংডো আৰু শক্তি মন্ত্ৰী জেমছ কে ছাংমাৰ সৈতে গৈ নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি গৰাকীক সাক্ষাৎ কৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে।
উক্ত আলোচনাত ঘাইকৈ ৰাজ্যখনৰ উন্নয়ণৰ বাবে লোৱা বিভিন্ন আঁচনি আৰু সাধাৰণ ৰাইজৰ কল্যাণৰ বিষয়সমূহে স্থান পায়।
মেঘালয়লৈ অহাৰ ইচ্ছা প্ৰকাশ কৰি উক্ত আলোচনাত ৰাষ্ট্ৰপতি গৰাকীয়ে দায়িত্বভাৰ সম্পূৰ্ণ কৰা ১ বছৰৰ ভিতৰত দেশৰ আটাইকেইখন ৰাজ্য ভ্ৰমণ কৰিব বিচাৰে বুলি দলটোক জানিবলৈ দিয়ে বুলি কনাৰ্ড ছাংমাই উল্লেখ কৰে।
উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ক’বিন্দে এতিয়ালৈকে মেঘালয়, ত্ৰিপুৰা আৰু ছিকিম ভ্ৰমণ কৰা নাই।তেওঁ ২০১৭ চনৰ ২৫ জুলাইত ভাৰতৰ ১৪তম ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।