• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বৌদ্ধিক স্বাধীনতাৰ দমনে বিপদত পেলাব দেশৰ গণতন্ত্ৰক: উচ্চ ন্যায়ালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 27, 2021 7:24 pm
Delhi High Court says Right to dissent essence of a vibrant democracy
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাক স্বাধীনতা সম্পৰ্কে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। এক শুনানিৰ সময়ত ন্যায়ালয়ে কয় যে সৃষ্টিশীল কণ্ঠস্বৰ যদি নি: শেষ কৰা হয় বা বৌদ্ধিক স্বাধীনতা দমন কৰা হয় বা ৰুদ্ধ কৰা হয় আইনৰ শাসনৰ দ্বাৰা পৰিচালিত গণতন্ত্ৰ গুৰুতৰ বিপদত পৰিব।

ফৰাচী লেখক ভলটেয়াৰৰ উদ্ধৃতি দি আদালতে কয়, “যদিও কাৰোবাৰ কথাৰ সৈতে মই সম্পূৰ্ণৰূপে অসন্মত, তথাপিও তেওঁৰ কোৱাৰ অধিকাৰক মই ৰক্ষা কৰিব লাগিব।”

“অনুচ্ছেদ ১৯ ৰ দ্বাৰা নিশ্চিত স্বাধীনতা মুক্তভাৱে প্ৰকাশ কৰাৰ ক্ষেত্ৰত সংখ্যাগৰিষ্ঠতাবাদী দৃষ্টিভংগীৰ সৈতে খাপ খাব লাগিব বুলি দায়বদ্ধ নহয়। সাম্প্ৰতিক ঘটনা বা ঐতিহাসিক ঘটনাৰ সন্দৰ্ভত ভিন্নমত পোষণ কৰা বা বিপৰীত দৃষ্টিভংগী প্ৰকাশ কৰাৰ অধিকাৰ হৈছে এক জীৱন্ত গণতন্ত্ৰৰ সাৰাংশ।” ন্যায়াধীশ যশৱন্ত বৰ্মাই আদেশটোত কয়।

Apply Now

কংগ্ৰেছ নেতা চলমান খুৰ্ছিদৰ শেহতীয়া গ্ৰন্থ ‘ছানৰাইজ অভাৰ অযোধ্যা’ৰ ওপৰত নিষেধাজ্ঞা বিচাৰি কৰা এখন আবেদন খাৰিজ কৰি আদালতে এই মন্তব্য কৰে। উল্লেখ্য যে গ্ৰন্থখনত খুৰ্ছিদে হিন্দুত্ববাদী গোটবোৰক ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইছিছ আৰু বকো হাৰামৰ সৈতে তুলনা কৰিছিল।

আদালতে কয় যে সংবিধানৰ দ্বাৰা নিশ্চিত মৌলিক আৰু মূল্যৱান অধিকাৰক কেৱল কিছুলোকৰ অস্বাভাৱিক বা অসন্মত হোৱাৰ আশংকাৰ ওপৰত সীমাবদ্ধ বা অস্বীকাৰ কৰিব নোৱাৰি।

ন্যায়াধীশ বাৰ্মাই কয়, “মুক্তভাৱে ধাৰণা আৰু মতামত প্ৰকাশ কৰাৰ স্বাধীনতাক বাধাপ্ৰাপ্ত হোৱাৰ অশুভ ডাৱৰৰ দ্বাৰা আচ্ছন্ন হ’বলৈ অনুমতি দিব নোৱাৰি।”

উচ্চ ন্যায়ালয়ে কয় যে সংবিধানৰ অনুচ্ছেদ ১৯ ৰ দ্বাৰা প্ৰদান কৰা আৰু নিশ্চিত কৰা বাক স্বাধীনতা আদালতৰ দ্বাৰা সুৰক্ষিত কৰিব লাগিব যদিহে ই চূড়ান্তভাৱে প্ৰমাণিত নহয় যে প্ৰযোজ্য সেই অধিকাৰ প্ৰয়োগে সাংবিধানিক বা আইনী প্ৰতিবন্ধকতাৰ ক্ষতিগ্ৰস্ত কৰিব।

আৱেদনখনৰ শুনানিৰ সময়ত আদালতে কয়, “কোনেও তেওঁলোকক গ্ৰন্থখন পঢ়িবলৈ কোৱা নাছিল। তেওঁলোকে চকু বন্ধ কৰিব পাৰিলেহেঁতেন আৰু ইয়াক নপঢ়াকৈও থাকিব পাৰিলেহেঁতেন।”

আবেদনখনত দাবী কৰা হৈছিল যে কিতাপখনৰ ফলত চাৰিটা স্থানত সাম্প্ৰদায়িক ঘটনা ঘটিছিল। এই সম্পৰ্কত ন্যায়াধীশ বাৰ্মাই কয়, “যদি মানুহে ইমান সংবেদনশীল অনুভৱ কৰে তেন্তে আমি কি কৰিব পাৰোঁ!”

ন্যায়াধীশ বৰ্মাই আদেশটোত উল্লেখ কৰিছিল যে উত্থাপিত অভিযোগ আৰু আশংকাবোৰ খুৰ্ছিদৰ দ্বাৰা ৰচনা কৰা গ্ৰন্থখন সামগ্ৰিক পঢ়াৰ ওপৰত আধাৰিত নহয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

June 20, 2026 9:00 pm
মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

June 20, 2026 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd