অসমীয়া জাতীয়তাবাদৰ বুলিলে আমি যি বুজোঁ, সেইটো হৈছে অসমীয়াৰ মাতৃভূমি অসমত অসমীয়াৰ আৰ্থিক, সামাজিক, সাংস্কৃতিক অস্তিত্বৰ নিৰাপত্তা আৰু অব্যাহত প্ৰগতি। কিন্তু অসমত এনে আন কিছু সংখ্যক জনগোষ্ঠীও আছে, যিসকলক সেই বাটত নেওচা দি আমি অকলে আগবাঢ়িব পাৰোঁ। ই উদাৰতাৰ কথা নহয়। বাস্তৱ স্বাৰ্থৰ কথা। কাৰণ তেওঁলোকক লগত লৈ আগ নাবাঢ়িলে তেওঁলোকৰ বৰ্ধিত অসন্তোষে আমাৰ পিঠি অতৰ্কিতে পুৰি পেলাব।
তুলনা কৰক গণতন্ত্ৰৰ কথা। এজন নাগৰিকে তাত কেৱল নিজৰ অধিকাৰক লৈ ব্যস্ত হৈ থাকিলেই নহ’ব। আনৰ অধিকাৰো মানি ল’ব লাগিব, আৰু তাক সাব্যস্ত কৰাৰ অৱকাশো ৰক্ষা কৰিব লাগিব।
মুঠতে অন্যায়ৰ ওপৰত নিৰ্ভৰ কৰি কোনো সমাজ বা ৰাজনৈতিক গোট টিকি থাকিব নোৱাৰে। অথচ সদৌ অসম ছাত্ৰ সন্থাই প্ৰায় দমনমূলকভাৱে বহুদিন ধৰি ঘোষণা কৰি আহিছে যে অসমত ‘অসমীয়াৰ প্ৰভুত্ব স্থাপিত হ’ব লাগিব’। তাৰ অৰ্থ যদি আন জনগোষ্ঠীৰ বশ্যতা বা হীনতা হয়, তেনেহ’লে আমি পূৰ্বে উল্লেখ কৰা ন্যায়ৰ ভিত্তিত তাক প্ৰতিষ্ঠা কৰা নাযাব, আৰু সদায় তাৰ পৰা বিপদৰ ভয় থাকিব। তাহানিয়েই ৰাজনীতিৰ পৰিপক্ক দাৰ্শনিক এডমাণ্ড্ বাৰ্কে তেওঁৰ উদাৰপন্থী পৰ্যায়ত কৈছিল যে “বলপ্ৰয়োগৰ দ্বাৰা কিবা নীতি বা শাসন জাপি দিলে সদায় বল প্ৰয়োগৰ প্ৰয়োজন থাকি যাব”। কথাটো গভীৰভাৱে বিবেচনা কৰি চাব লাগিব। সকলোৱে। গতিকে প্ৰভুত্বৰ দ্বাৰা জাতীয়তাবাদ স্থাপন কৰাৰ ক্ষতিকৰ পথ বৰ্জন কৰিব লাগিব।
“প্ৰভূত্ব”ৰ কথা কোৱা সকলৰ লগত এতিয়া বিজেপি দল আৰু চৰকাৰৰ হলিগলি প্ৰকট। অৰ্থাৎ “প্ৰভূত্ব” স্থাপন কৰাৰ ক্ষমতা তেওঁলোকৰ নিজৰ নাই বুলি প্ৰকাৰান্তৰে স্বীকাৰ কৰি লোৱা হৈছে। বোধহয় বিজেপিৰ পৰাক্ৰমেৰে তেওঁলোকে এই “প্ৰভূত্ব” স্থাপন কৰাৰ কথা ভাবিছে। কিন্তু ই কাণ্ডজ্ঞানৰ কথা যে যি আনৰ সহায়ত তৃতীয় কোনো ব্যক্তি, সমাজ বা গোষ্ঠীক বশ কৰিব খোজে, সি প্ৰথমে আন কাৰোবাৰ বশ্যতা স্বীকাৰ কৰিব লাগিব। তেনেহ’লে “প্ৰভূত্ব” এটা ৰঙীন বেলুন নহয় নে ?
যি শিবিৰৰ সহায়ত আনৰ ওপৰত “প্ৰভূত্ব” স্থাপন কৰাৰ কথা ভবা হৈছে তাৰ নিজৰ এজেণ্ডা বা কাৰ্যসূচী আছে। অৰ্থাৎ প্ৰভূত্ব-বিলাসী দলটোৰ কাৰ্যসূচী প্ৰধান দলটোৰ অধীন আৰু আজ্ঞাৱহ।
এতিয়া এইটো আৰু গোপন হৈ থকা নাই যে গেৰুৱা শিবিৰৰ অন্যতম প্ৰধান কাৰ্যসূচী হৈছে মুছলমানৰ ওপৰত দমন-নিৰ্যাতন চলোৱা। হৰিদ্বাৰৰ “ধৰম-সংসদ”ৰ ৰোমহৰ্ষক মুছলমান নিধনৰ আহ্বান, আৰু তাৰ প্ৰতি আইন-শৃংখলাৰ দায়িত্বত থকা উত্তৰাখণ্ড আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্বিকাৰ মনোভাৱে প্ৰমাণ কৰে যে সেইটো আগন্তুক দিনবোৰত তাৰ অন্যতম প্ৰধান কাৰ্যসূচী হ’ব পাৰে। যেনেকৈ নাৎচী জাৰ্মানীত প্ৰায় নিশাটোৰ ভিতৰতে লাখ লাখ জাৰ্মান ইহুদীক নাগৰিকত্বহীন বিজাতীয় ভেঁজাল মানুহত পৰিণত কৰি সীমাহীন অত্যাচাৰ চলোৱা হৈছিল।আৰএছএছৰ মহানায়ক ‘গুৰুজী’ গোলৱালকাৰে তেওঁৰ ‘We or our nationhood defined” (১৯৩৮) গ্ৰন্থত হিটলাৰৰ এই নৃশংসতাক মুকলি প্ৰসংশা কৰিছিল।
অথচ অসমীয়া জাতীয়তাবাদ পূৰ্বে কদাপি ধৰ্মীয় ভিন্নতাৰ আশ্ৰয় লোৱা নাছিল। বংগৰ উপন্যাস-সম্ৰাট বংকিম চন্দ্ৰই তাহানিতে বংগৰ আধুনিক সমৃদ্ধ চিন্তাৰ বঙ্গতো ধৰ্মীয় উগ্ৰতাৰ বিষবৃক্ষ ৰুই দিছিল। কিন্তু আমাৰ ঢেকিয়াল ফুকন, বেজবৰুৱা, চন্দ্ৰকুমাৰ, কোনেও মুশ্লিম বিৰোধী অৱস্থান লোৱা নাছিল। অম্বিকাগিৰীয়েও প্ৰব্ৰজনৰ ধলৰ সমুখতো তেনে অৱস্থান লোৱা নাছিল। আৰু সেই পথৰ পৰা নিপিছলাকৈ আজিৰ জাতীয়তাবাদীয়েও ন্যায়ত: সেই অৱস্থান ল’ব নোৱাৰে। কিন্তু লৈছে। ইয়াৰ অৰ্থ পথভ্ৰষ্ট হোৱা।
সাহিত্য সভাৰ দুবাৰ সভাপতি হোৱা জন এতিয়া বিজেপিৰ বিধায়ক। আঞ্চলিকতাবাদৰ নামত জাতীয়তাবাদ কৰা অগপ এতিয়া বিজেপিৰ নুমলীয়া সহযোগী। ছাত্ৰ সন্থাৰ নেতা সকলৰ গেৰুৱা দল আৰু চৰকাৰৰ লগত হলিগলি এতিয়া দৃষ্টিকটু।
অৰ্থাৎ জাতীয়তাবাদৰ ধ্বনি দিয়াৰ অধিকাৰ সেইবিলাকে হেৰুৱাইছে।
নতুন নেতৃত্ব ভাপতে নোলায়। মুমূৰ্ষু জাতিৰ মেৰুদণ্ড চিধা কৰিবলৈ অৰ্থনৈতিক সংগ্ৰামৰ জৰিয়তে নতুন সামাজিক ঐক্য আৰু ভিত্তি ৰচনা কৰিবলৈ, নতুন ৰাজনীতি প্ৰতিষ্ঠা নতুন মানুহ ওলাব লাগিব নতুন কাৰ্যসূচী লৈ। ইতিমধ্যে খোপনি পুতি থকা দালাল ন্যস্ত স্বাৰ্থৰ পৰা জনগণক উদ্ধাৰ কৰি তেওঁলোকৰ সংগ্ৰামত নেতৃত্ব দিব পৰা সাহসী, তেজস্বী, ধৈৰ্যৱান মানুহ ওলাব লাগিব। আৰু তৃণমূল পৰ্যায়ত সেই সংগ্ৰাম চলাব পাৰিব লাগিব। নিৰাপদ দূৰত্বত সমাৱেশ পাতি হৈধ্বনি দি তেনে সংগ্ৰাম নচলে। সংগ্ৰাম আন এটি নাম জীৱনৰে।
জাতি আৰু মাটি
অসমৰ মাটি কাৰ ? ব্ৰিটিছৰ পূৰ্বে ৰজা বিলাকৰ আছিল। তাৰ পিছত ব্ৰিটিছৰ হৈছিল। স্বাধীনতা সংগ্ৰামৰ পিছত জনগণৰ হ’ল। চৰকাৰ আছলতে জনগণৰ মাটিৰ চকীদাৰ, মালিক কদাপি হ’ব নোৱাৰে।
অসমৰ জনগণৰ প্ৰয়োজন আৰু অধিকাৰ হানি কৰি চৰকাৰে সেই মাটি যাৰে-তাৰে হাতত গটাব নোৱাৰে। স্বাধীনতাৰ পূৰ্বে দেশত ব্ৰিটিছৰ আধিপত্য থকাৰ সময়ত যেতিয়া অসমলৈ অবাধ প্ৰব্ৰজন হ’ব ধৰিছিল, তেতিয়া অসমীয়া নেতা সকলে ব্যৱস্থাপক সভাত (বিধান সভাত) দাবী উত্থাপন কৰিছিল যে অসমীয়া ৰাইজৰ ভৱিষ্যত প্ৰয়োজনৰ বাবে মাটি সংৰক্ষণ কৰিহে প্ৰব্ৰজনকাৰীক মাটি বিলোৱা ন্যায়সংগত হ’ব। দায়িত্বশীল কথা হ’ব।
আজিৰ চৰকাৰৰ নেতৃত্বৰ মনত সেই ধাৰণা নাই। আজি তেওঁলোকে শ-শ একৰ মাটি সামান্য মূল্যত বহিৰাগত বণিকক বিনা চৰ্তে দান কৰিছে। তদুপৰি চৰকাৰী খৰচত পতা মৃতপ্ৰায় উদ্যোগবোৰৰ লগতে তাত থকা শ-শ বিঘা মাটিও তেনেকৈ বিলাই দিবলৈ ধৰিছে। থলুৱা কিমান লোকে চাকৰি পাব, কিমানে নতুন কামৰ প্ৰশিক্ষণ পাব, এনে কোনো চৰ্ত্ত নোহোৱাকৈ। বহু মেডিকেল ইঞ্জিনিয়াৰিং কলেজ পতাৰো গূঢ় কাৰণ সেইটোহে হ’ব পাৰে। কেন্দ্ৰই চৰকাৰ চলোৱাৰ খৰচ যেনেকৈ জনগণৰ ওপৰত টেটু-চেপা; কৰ-কাটল বহুৱাই সংগ্ৰহ কৰিছে, তেনেকৈ ৰাইজৰ ধনেৰে গঢ়া ৰাষ্ট্ৰীয় উদ্যোগো বৃহৎ বণিকৰ হাতত এৰি দিছে নামমাত্ৰ মূল্যত। তাৰে চৰকাৰৰ দৈনন্দিন কাৰ্যকলাপ চলাব! অসম চৰকাৰৰো কাৰ্যপন্থা সেয়ে।
এই কথাষাৰত ঢাকোন দিবলৈকে আগতে চন পৰি থকা চাপৰিবোৰত জাকে-জাকে বহি যোৱা প্ৰব্ৰজনমূলীয় মুশ্লিম খেতিয়কক ৪০/৫০ বছৰৰ স্থায়ী কৃষি আৰু বসবাসৰ পৰা নিষ্ঠুৰভাৱে উচ্ছেদ কৰা হৈছে। বিশাল হৈ-চৈৰ মাজেদি ৰাইজৰ মনত “মিঞা-বিৰোধী” উত্তেজনা সৃষ্টি কৰা হৈছে।
সত্ৰৰ মাটিত বেদখল কৰাৰ দাবীও অতিৰঞ্জিত। লাখ লাখ বিঘা মাটি “মিঞাই” বেদখল কৰা বুলি চিঞৰি থাকিলেও বিধানসভাত চৰকাৰৰ পিনৰ পৰাই ২০২১ চনত দিয়া পৰিসংখ্যা মতে সেই মাটিৰ সংখ্যা সুবৃহৎ নহয়। (এইটো সম্প্ৰতি কিবা কাৰণত Google ৰ পৰা অন্তৰ্হিত হৈছে!) কিন্তু জনজাতীয় বেষ্টনীৰ বহু মাটি প্ৰব্ৰজনকাৰীৰ বাহিৰে থলুৱা অজনজাতীয় লোকেও দখল কৰিছে।
অসম সত্ৰ মহাসভাৰ মতে ৭৭১২ বিঘা সত্ৰৰ মাটি বেদখল হৈছে। যদি সঁচা তাৰ চৰেজমীন তদন্ত কৰি প্ৰকৃত তথ্য উদ্ধাৰ কৰা দৰকাৰ।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, চৰকাৰে বহিৰাগত বণিয়াক কি কি চৰ্ত্তত, কি মূল্যত “ভূমিদান” কৰিছে ( বিক্ৰী কৰিছে বা পঞ্চাশ বছৰীয়া লীজত দিছে) সেই বিষয়ে চৰকাৰী দলিল (White paper) উলিওৱা সময়োচিত জৰুৰী কথা হ’ব।
এইটো জাতিৰ ভৱিষ্যতৰ বাবে বৰ জৰুৰী কথা। কাৰণ সেই মাটিৰ পৰা কেতিয়াও কাকো উচ্ছেদ কৰিব পৰা নাযাব।