• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 5, 2026 4:07 pm
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে মোডী চৰকাৰৰ গ্ৰেট নিকোবৰ প্ৰকল্পক তীব্ৰ সমালোচনা কৰিছে। তেওঁ অভিযোগ কৰিছে যে চৰকাৰে তীব্ৰ পৰিৱেশগত চিন্তাক আওকাণ কৰি এই প্ৰকল্পটো আগুৱাই লৈ গৈছে। ইয়াৰ লগতে তেওঁ এই প্ৰকল্পৰ সামৰিক গুৰুত্বক লৈও প্ৰশ্ন উত্থাপন কৰিছে। ছচিয়েল মিডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ নেতাজনে কয় যে অতি সোনকালে গ্ৰেট নিকোবৰ বন্দৰ মোডী-আদানী সাম্ৰাজ্যৰ অংশ হৈ পৰিব। তেওঁৰ মতে এই প্ৰকল্পই আমাৰ সামৰিক আন্তঃগাঁথনিত কোনো ধৰণৰ অৰিহণা নোযোগায়, বৰঞ্চ কেম্পবেল বে’ত থকা আইএনএছ বাজৰ সম্প্ৰসাৰণ কৰিলেহে সামৰিক ক্ষমতা বৃদ্ধি পাব।

জয়ৰাম ৰমেশে বিগত কেইবাবছৰ ধৰি এই অঞ্চলত আৰম্ভ হ’বলগীয়া প্ৰকল্পসমূহৰ বিৰোধিতা কৰি আহিছে আৰু এই গ্ৰেট নিকোবৰ প্ৰকল্পক পৰিৱেশৰ বাবে অতি ধ্বংসাত্মক বুলি অভিহিত কৰিছে। পৰিৱেশ প্ৰভাৱ মূল্যায়নৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় যে দ্বীপটোৰ স্পৰ্শকাতৰ পৰিৱেশ তন্ত্ৰৰ বাবে কেৱল এটা ঋতুৰ ওপৰত ভিত্তি কৰি কৰা অধ্যয়নেই যথেষ্ট নহয়, বৰঞ্চ সকলো ঋতু সামৰি এক গভীৰ অধ্যয়নৰ প্ৰয়োজন আছে। ইয়াৰ উপৰি তেওঁ ৰাষ্ট্ৰীয় হৰিৎ প্ৰাধিকৰণ অৰ্থাৎ এনজিটিৰ মন্তব্যৰ কথা উল্লেখ কৰি কয় যে পূৰ্বৰ কাৰ্যবাহীত অনুমোদন প্ৰক্ৰিয়াত বহুতো ত্ৰুটি থাকি গৈছে। ইছৰোৰ এক প্ৰতিবেদনৰ উদ্ধৃতি দি তেওঁ গালাথিয়া বে’ৰ খহনীয়াপ্ৰৱণ অঞ্চলসমূহৰ দিশটো আঙুলিয়াই দিয়ে আৰু এনজিটিক বন্ধ খামৰ ভিতৰত জমা দিয়া উচ্চ ক্ষমতাসম্পন্ন কমিটিৰ প্ৰতিবেদনখন ৰাজহুৱা কৰিবলৈ দাবী জনায়।

Apply Now

কংগ্ৰেছ নেতাজনে এই প্ৰকল্পৰ সপক্ষে চৰকাৰে দিয়া যুক্তিৰ পৰিৱৰ্তনক লৈও প্ৰশ্ন তুলিছে। তেওঁ কয় যে আৰম্ভণিতে এই প্ৰকল্পটোক পৰিৱেশৰ প্ৰয়োজনীয়তা বুলি কোৱা হৈছিল, কিন্তু এতিয়া ইয়াক সামৰিক আৱশ্যকতা বুলিহে চৰকাৰে দাবী কৰিছে। তেওঁৰ মতে এই অঞ্চলত ভাৰতৰ প্ৰতিৰক্ষা সম্পৰ্কীয় প্ৰয়োজনীয়তাসমূহ আইএনএছ বাজৰ দৰে বৰ্তমানৰ আন্তঃগাঁথনি শক্তিশালী কৰিহে পূৰণ কৰিব পৰা যাব। বৰ্তমানৰ ৰূপত গ্ৰেট নিকোবৰ দ্বীপ প্ৰকল্পটো মূলত এক বাণিজ্যিক উদ্যোগ বুলি উল্লেখ কৰি ৰমেশে সতৰ্ক কৰি দিয়ে যে ইয়াৰ ফলত বহুতো বন্যপ্ৰাণীৰ বাসস্থান আৰু প্ৰজাতি চিনাক্তকৰণ বা তালিকাভুক্ত হোৱাৰ আগতেই সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd