ৰাছিয়াৰ জনতাই নিবিচাৰে যুদ্ধৰ ভয়াৱহতা! ৰাষ্ট্ৰপতি পুটিনে যি যুদ্ধ আৰম্ভ কৰিছে, তাক সমৰ্থন নকৰে ৰাছিয়াৰ জনতাই! ইতিমধ্যে মস্কোকে ধৰি দেশখনৰ শীৰ্ষ চহৰসমূহত প্ৰতিবাদী জনতাই যুদ্ধবিৰোধী সমদল বাহিৰ কৰিছে। সমুখীন হৈছে আৰক্ষীৰ নিৰ্যাতনৰ।
তেনে সময়তে ৰাছিয়াৰ চৰকাৰী নিউজ চেনেলত সোমবাৰে দেখা গ’ল এটা অভিনৱ দৃশ্য। চেনেল ৱান নামৰ চেনেলটোত সোমবাৰে আবেলিৰ বাতৰি পৰিৱেশন কৰি থকা হৈছিল।
কিন্তু বাতৰি পৰিৱেশকগৰাকীৰ পাছফালে এখন ফেষ্টুন দেখা পোৱা গ’ল। ফেষ্টুনখনত ৰাছিয়ান ভাষাত লিখা আছে- “যুদ্ধ নালাগে, যুদ্ধখন বন্ধ কৰক, প্ৰপাগাণ্ডা বিশ্বাস নকৰিবা…’’।
যুদ্ধবিৰোধী শ্লোগান সম্বলিত ফেষ্টুনখন প্ৰদৰ্শন কৰে এগৰাকী মহিলাই। মাৰিনা অৱছ্যান্নিকভা নামৰ উক্ত মহিলাগৰাকী চৰকাৰী চেনেলটোৰ এগৰাকী সম্পাদক বুলি জানিব পৰা গৈছে।
ফেষ্টুনখনৰ উপৰিও তেওঁ যুদ্ধবিৰোধী শ্লোগানো দিয়ে। বৰ্তমান তেওঁ আৰক্ষীৰ জিম্মাত আছে বুলি জনা গৈছে।
Anti-war protester runs onto stage of one of Russia’s most-watched news programs, telling viewers: “Don’t believe the propaganda. You’re being lied to” pic.twitter.com/MLC1lH6Ejr
— BNO News (@BNONews) March 14, 2022
উক্ত যুদ্ধবিৰোধী প্ৰতিবাদটোৰ পূৰ্বে তেওঁ এটা ভিডিঅ’ ৰেকৰ্ড কৰিছিল। উক্ত ভিডিঅ’টোত তেওঁ ইউক্ৰেইন যুদ্ধক ৰাছিয়াৰ অপৰাধ বুলি অভিহিত কৰিছিল।
ইয়াৰ উপৰিও যুদ্ধৰ প্ৰপাগাণ্ডা প্ৰচাৰ কৰাৰ বাবে ৰাছিয়াৰ চৰকাৰী চেনেলটোত কাম কৰি লজ্জিত হোৱা বুলিও জনাইছে।
উল্লেখযোগ্য যে উক্ত চৰকাৰী নিউজ চেনেলটোৱে সম্পৰ্ণৰূপে ৰাষ্ট্ৰপতি পুটিনৰ প্ৰপাগাণ্ডা প্ৰচাৰ কৰি আহিছে। ইউক্ৰেইন যুদ্ধৰ ফলত ই অতি বেছি বৃদ্ধি পাইছে।
যুদ্ধৰ বিৰোধিতা কৰাৰ বাবেই পুটিনে বিশ্বৰ বহুকেইটা আগশাৰীৰ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যম ৰাছিয়াত নিষেধ কৰিছে।
তেনেস্থলত খোদ চৰকাৰী চেনেলটোৰেই এগৰাকী কৰ্মচাৰীয়ে এইদৰে যুদ্ধৰ প্ৰতিবাদ কৰাটোৱে ব্যাপক তাৎপৰ্য বহন কৰিছে।