অলপতে প্ৰাইম ভিডিঅ’ত এখন চিনেমা চাইছিলো, “দ্য লাস্ত কালাৰ”, য’ত এগৰাকী সৰু ছোৱালীয়ে এগৰাকী বিধবা মহিলাৰ লগত হোলি খেলাৰ সপোন দেখে আৰু ডাঙৰ হৈ উকিল হৈ বাৰাণসীৰ বিধবাসকলক ৰঙৰ অধিকাৰ প্ৰদান কৰিবলৈ সক্ষম হয়।
যদিও আইনগতভাৱে বিধবাসকলক ৰঙ খেলাৰপৰা কোনেও বাৰণ কৰিব নোৱাৰে কিন্তু বাস্তৱত সেয়া হয়নে? বিধবা মহিলা এগৰাকীয়ে হোলীৰ ৰঙেৰে ৰঞ্জিত হ’লে এক বৃহৎ সংখ্যক লোকে তাৰ বিৰোধিতা কৰিব, যিটো চিনেমাখনত বৰ সুন্দৰ আৰু সঠিকভাৱে ৰূপায়ন কৰা হৈছে।
চিনেমাখনে মোক বেছিকৈ আকৰ্ষণ কৰাৰ এক বিশেষ কাৰণ মোৰ এক ব্যক্তিগত অভিজ্ঞতা। মই ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে মোৰ জেঠা (জেঠপেহা) ঢুকাল। সেইদিনা দেখিছিলো কেনেদৰে জেঠীমাৰ (জেঠাই) কপালত উজ্জ্বল হৈ জিলিকি থকা ৰঙা সেন্দুৰৰ ফোঁট মচি পেলোৱা হ’ল, কেনেদৰে সালংকৃতা জেঠীমাৰ ডিঙিৰ মণি, হাতৰ খাৰু, কানৰ ফুল খুলি পেলোৱা হ’ল!
সেই পৰিস্থিতিত উদয় হোৱা বিভিন্ন প্ৰশ্নই তেতিয়া মোৰ মনত প্ৰচণ্ড ধুমুহাৰ সৃষ্টি কৰিব ধৰিলে। কিয় এই যন্ত্ৰণা? স্বামী ঢুকাল বাবেই এগৰাকী নাৰীয়ে মনৰ সকলো ৰং মচি পেলাব লাগিব নেকি চিৰ জীৱনলৈ? কিয় এই অন্যায়? কপালৰ ফোঁট, হাতৰ কাণৰ অলংকাৰ হ’ল নাৰীৰ শৃংগাৰৰ একো একোটা উপাদান।
কোনোৱে ফোঁট লগাওক বা নলগাওক, অলংকাৰ পিন্ধক বা নিপিন্ধক, ৰঙীণ কাপোৰেই পিন্ধক বা ৰংবিহীন সেয়া হ’ব লাগে তেওঁৰ নিতান্তই ব্যক্তিগত পচন্দ। কিন্তু সততেই দেখা যায় নাৰীৰ ক্ষেত্ৰত এয়া কেৱল এক সামাজিক বান্ধোন।
এগৰাকী বিবাহিতা নাৰীয়ে যদিহে কেতিয়াবা কেনেবাকৈ কপালত ফোঁট আঁকি নলয় সেয়া এক অপৰাধ। কিন্তু একেগৰাকী নাৰীয়েই যদি স্বামী(?)ৰ মৃত্যুৰ পাছত সেন্দুৰ স্পৰ্শও কৰে সেয়াও আকৌ পাপ। নাৰীৰ ইচ্ছা, অনিচ্ছা সকলোবোৰ যেন পুৰুষজনৰ জীৱনৰ লগত শিকলিবদ্ধ। নাৰীৰ নিজস্বতা যেন একোৱেই নাই!
সপ্তম শ্ৰেণীতেই চাগে পঢ়িছিলো সৌ তাহানিতেই ৰাজা ৰামমোহন ৰায়ে বিধবা বিবাহৰ পক্ষে লোৱা স্থিতিৰ কথা। কিন্তু আজিও যে সমাজত বিধবা নাৰীসকলক কিমান মৰ্যদাপূৰ্ণ স্থান দিয়া হয় সেয়া সন্দেহৰ আৱৰ্তত।
এবাৰ বন্ধু এগৰাকীৰ সৈতে বিধবা মহিলা সন্দৰ্ভত আলোচনা কৰোঁতে তেখেতে কৈছিল যে আজিকালিনো ক’ত বিধবা ৰং বিবৰ্জিতা? প্ৰায় সকলো বিধবাইতো ৰঙীণ কাপোৰ পিন্ধা দেখা যায়।
হয়, আপাতদৃষ্টিত চালে আমি দেখোঁ যে আজিকালি হয়তো বহু ক্ষেত্ৰত বিধবা মহিলাৰ লগত হোৱা সামাজিক ৰীতি নীতি শিথিল হৈছে। কিন্তু বিধবাৰ প্ৰতি আমাৰ ধাৰণা সলনি হৈছেনে? কেৱল ৰঙীণ কাপোৰ পিন্ধিলেই জীৱন ৰঙীণ হয়নে?
কোনো শুভ কামত ওলাই যাওঁতে বিধবা মহিলা দেখা পালে যাত্ৰা নাস্তি আজিও হয়, আনকি নিজ সন্তানৰ বিয়াৰ লগত জড়িত অনেক নীতি নিয়মৰপৰা এগৰাকী বিধবা মাতৃক আঁতৰাই ৰখা হয়। এয়া কেৱল ককা আইতাৰ দিনৰ মানুহৰেই নহয়, আজিৰ ইণ্টাৰনেটৰ যুগৰ যুৱক-যুৱতীৰ মনবোৰো সেই একেই পৌৰাণিক ধ্যান ধাৰণাৰেই ভৰা।
উদাহৰণ চাবলৈ বেছি দুৰ যাব নালাগে। কোনোবা বিধবা নাৰীয়ে যদি পুনৰ্বিবাহ কৰা ফটো ভিডিঅ’ ফেচবুক, ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে তাৰ তলৰ কমেণ্টবোৰ চালেই গম পোৱা যায়।
ভাৰতত বৰ্তমান বিধবা নাৰীৰ পৰিসংখ্যা ৪ কৌটি (২০১১), যিটো ভাৰতৰ মুঠ নাৰীৰ সংখ্যাৰ ১০ শতাংশ। যিটো হয়তো আজিৰ তাৰিখত আৰু অধিক হৈছে। এই নাৰীসকলৰ অধিকাংশৰেই জীৱন অতি দুৰ্বিসহ। ভাৰততেই এতিয়াও এনেকুৱা বহু ঠাই আছে য’ত কেৱল নিয়মৰ চেলু উলিয়াই নাৰী এগৰাকীৰ স্বামীৰ মৃত্যুৰ পাছত ৰঙীণ কাপোৰ পিন্ধাতো দূৰৰ কথা, শাড়ীৰ তলত ব্লাউজ পিন্ধাও মানা।
বহু ঠাইত বিধবা নাৰীৰ মূৰৰ চুলি একেবাৰে ছুটিকৈ কাটি দিয়ে, কিছুমানেতো চুলি খুৰাইও দিয়ে। খাৱন-পিয়নতো অনেক বাধা। আমিষ খাদ্যতো দূৰৰ কথা, তেল মছলাযুক্ত খাদ্য খোৱাও মানা।
কোৱা হয় বৈধব্য এক তপস্যা, আৰু সামাজিক নীতি-নিয়মৰ আশ্ৰয় লৈ এই তপস্বীসকলৰ ওপৰত অতপস্বীসকলে চলাই যায় অকথ্য নিৰ্যাতন। যদিহে এই “তপস্বী” নাৰীগৰাকী সুন্দৰী যুৱতী হয় তেতিয়াহ’লেতো কথাই নাই, দিনৰ পোহৰত সন্তৰ ভাও লৈ বৰ্তি থকা পাষণ্ড কিছুমানৰ লোলুপ দৃষ্টি তেওঁৰ ওপৰত সদা নিবদ্ধ।
প্ৰতিদিনে ভুগিবলগা এই মৃত্যুসম যন্ত্ৰণাৰপৰা মুক্তি পাবলৈয়ে হয়তো সতীদাহ প্ৰথা নিৰ্মূল হোৱাৰ শতাধিক বছৰৰ পিছতো ১৯৮৭ চনৰ ৪ ছেপ্তেম্বৰ তাৰিখে ৰাজস্থানৰ অষ্টাদশী গাভৰু ৰূপ কানোৱাৰে স্বামীৰ মৃত্যুৰ পাছত স্বামীৰ চিতাতে আত্মজাহ দিছিল। আৰু আচৰিত ধৰণে আজিও ৰাজস্থানৰ বহু ঠাইত ৰূপ কানোৱাৰৰ মৃত্যুক লৈ গৌৰৱ কৰে আৰু ৰূপ কানোৱাৰক সতী দেৱী আখ্যা দি দেৱীৰ আসনত ৰাখে।
কেৱল বিধবা বুলিয়েই নহয় আমাৰ সমাজত নাৰী জাতিকেই দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি গণ্য কৰা হয়। আজি ভাৰত যেতিয়া সকলো দিশতে দোপতদোপে আগবাঢ়ি গৈ আছে নাৰী সম্পৰ্কে আমাৰ ধ্যান ধাৰণা এতিয়াও তেনেই সামান্তযুগীয়।
আপাতদৃষ্টিত চালে আমি দেখিম যে আজিৰ ভাৰতীয় সমাজত নাৰীৰ স্থান যথেষ্ট অগ্ৰগামী, যথেষ্ট প্ৰগতিশীল হৈছে কিন্তু ভালদৰে মন কৰিলে আমি দেখিম যে আমাৰ সমাজত নাৰীৰ স্থান এতিয়াও সেই একেই মান্ধাতাকলীয়া হৈয়েই আছে। আজিও বহু ক্ষেত্ৰত নাৰীক এগৰাকী মানুহ বুলি গণ্যই কৰা নহয়। নাৰীৰ নিজস্ব সত্বাক আজিও স্বীকাৰ কৰিবই নিবিচাৰে বহু ভাৰতীয়ই।
ভাৰতীয় সমাজত নাৰীয়ে মানৱীয় মৰ্যাদা পাবলৈ হয়তো আমি বহু দূৰ আগুৱাব লাগিব। প্ৰথমে নাৰীসকলে নিজেই নিজকে চিনি পাব লাগিব। কোনোবাৰ পত্নী, কোনোবাৰ ভগ্নী, কোনোবাৰ মাতৃ বা জীয়ৰী হিচাপে নহয় নিজৰ ব্যক্তিত্বৰেহে নিজকে চিনি পাব লাগিব আজিৰ নাৰীয়ে। নাৰীয়ে যদি নিজেই নিজকে এক মৰ্যাদাপূৰ্ণ আসনত চাব নিবিচাৰে পৃথিৱীৰ আন কোনো শক্তিয়েই তেওঁক উচ্চ স্থান দিবলৈ সক্ষম নহয়।
জৱাহৰলাল নেহৰুৰ ভাষাত ক’বলৈ গ’লে “এখন সমাজক তেতিয়ালৈ উন্নত সমাজ আখ্যা দিব নোৱাৰি যেতিয়ালৈ সেই সমাজৰ নাৰীসকলৰ উন্নতি নহয়।” একে সময়তে যেতিয়ালৈ নাৰী কেৱল পুৰুষৰ অৰ্দ্ধাংগিনী হিচাপেহে পৰিচিত হয় নিজৰ সত্ত্বাৰে নহয়, তেতিয়ালৈ নাৰীৰ উন্নতি এক অলীক কল্পনাহে মাথোন হৈ থাকিব।