• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 6, 2026 7:39 pm
51
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাৰাষ্ট্ৰৰ পুনে জিলাৰ পিম্প্ৰী-চিঞ্চৱাড় অঞ্চলত এক ধৰ্মীয় মেলাৰ পৰা ক্ৰয় কৰা বিছনাৰ চাদৰত মেড ইন পাকিস্তান বুলি টেগ থকাৰ দাবীয়ে এক নতুন বিতৰ্কৰ সৃষ্টি কৰিছে। ছচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে স্থানীয় আৰক্ষী আৰু প্ৰশাসন তৎপৰ হৈ পৰিছে। ভিডিঅ’টোত এগৰাকী মহিলাই দাবী কৰিছে যে তেওঁ মোৰয়া গোসাঁই মন্দিৰ প্ৰাংগণত বহা মেলাৰ পৰা এই চাদৰখন কিনিছিল। মহিলাগৰাকীৰ মতে, ঘৰত চাদৰখন ধুবলৈ লওঁতেই তাত পাকিস্তানত নিৰ্মিত বুলি লিখা থকা টেগটো চকুত পৰে। এই ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে গোচৰটোৰ তদন্ত আৰম্ভ কৰিছে আৰু বিক্ৰেতাসকলৰ তথ্য সংগ্ৰহ কৰি থকা হৈছে।

A Hindu woman bought a bedsheet at a religious fair in Pune, Maharashtra.

It had "Made in Pakistan" tag inside. She exposed how Pakistani goods are being sold openly at Hindu events to insult sentiments.@DGPMaharashtra pic.twitter.com/Zhr31Dpkho

— Angry Saffron (@AngrySaffron) June 6, 2026

ভাইৰেল হোৱা ভিডিঅ’টোত নিজকে পূজা সৰাফ বুলি পৰিচয় দিয়া মহিলাগৰাকীয়ে মাৰাঠী ভাষাত কয় যে প্ৰতি মাহে সংকষ্টী চতুৰ্থী উপলক্ষে মন্দিৰ প্ৰাংগণত এখন সৰু মেলা বহে, য’ত বহু লোকে ঘৰুৱা ব্যৱহাৰ্য সামগ্ৰী বিক্ৰী কৰে। মহিলাগৰাকীয়ে জানিবলৈ দিয়ে যে তেওঁ তাৰ পৰাই এখন বিছনাৰ চাদৰকে ধৰি কিছু সামগ্ৰী কিনিছিল। পিছত যেতিয়া তেওঁ চাদৰখন ধুবলৈ চাফা কৰিছিল, তেতিয়া তাত মেড ইন পাকিস্তান বুলি লিখা টেগ দেখা পালে। মহিলাগৰাকীয়ে ভিডিঅ’টোত কয় যে এই কথা গম পাই তেওঁ বৰ দুখ পাইছে, কাৰণ আন বহু লোকেও চাগে তাৰ পৰা এনে সামগ্ৰী কিনি ঘৰলৈ লৈ গৈছে। এই ভিডিঅ’টো ছচিয়েল মিডিয়াত অতি ক্ষিপ্ৰতাৰে বিয়পি পৰিছে।

Apply Now

ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে পিম্প্ৰী-চিঞ্চৱাড় আৰক্ষীয়ে নিজে পদক্ষেপ গ্ৰহণ কৰি এক বিশেষ তদন্তকাৰী দল গঠন কৰিছে। আৰক্ষী বিষয়াসকলে জনোৱা মতে এতিয়ালৈকে কোনো আনুষ্ঠানিক এজাহাৰ দাখিল হোৱা নাই, কিন্তু ভাইৰেল ভিডিঅ’টোৰ আধাৰতে তদন্ত চলাই থকা হৈছে। প্ৰশাসনে এই চাদৰখন ক’ৰ পৰা আহিল আৰু ইয়াক বিক্ৰী কৰা ব্যৱসায়ীজন কোন আছিল, সেই বিষয়ে বিচাৰ-খোচাৰ কৰিছে। ইয়াৰ লগতে পিম্প্ৰী-চিঞ্চৱাড় পৌৰ নিগমকো এনে সামগ্ৰী বিক্ৰী কৰা দোকানীবোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া হৈছে। বিষয়াসকলে জনাইছে যে তদন্ত সমাপ্ত হোৱাৰ পিছতহে পৰৱৰ্তী আইনী প্ৰক্ৰিয়া গ্ৰহণ কৰা হ’ব।

মহাৰাষ্ট্ৰত পাকিস্তানত নিৰ্মিত সামগ্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ এইটোৱে প্ৰথম ঘটনা নহয়। যোৱা মাহত ধুলে জিলাত আৰক্ষীয়ে দুজন ব্যৱসায়ীৰ বিৰুদ্ধে পাকিস্তানত তৈয়াৰী প্ৰসাধন সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগত গোচৰ ৰুজু কৰিছিল। অভিযানৰ সময়ত ফেচ ক্ৰীম, চাবোন, চিৰাম আদি বহু সামগ্ৰী উদ্ধাৰ কৰা হৈছিল। ইয়াৰ পূৰ্বে ছত্ৰপতি সম্ভাজিনগৰতো তিনিজন ব্যৱসায়ীৰ বিৰুদ্ধে পাকিস্তানৰ সামগ্ৰী ৰখা আৰু বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছিল। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে পাকিস্তানৰ পৰা অহা প্ৰত্যক্ষ আৰু পৰোক্ষ আমদানিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। গতিকে এই নতুন ঘটনাটোৱে এতিয়া প্ৰশাসনৰ চিন্তা আৰু সতৰ্কতা অধিক বৃদ্ধি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd