• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

বিধবা কিয় ৰং বিবৰ্জিতা!

মালৱিকা কলিতা by মালৱিকা কলিতা
April 5, 2022 6:46 pm
Widow
61
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অলপতে প্ৰাইম ভিডিঅ’ত এখন চিনেমা চাইছিলো, “দ্য লাস্ত কালাৰ”, য’ত এগৰাকী সৰু ছোৱালীয়ে এগৰাকী বিধবা মহিলাৰ লগত হোলি খেলাৰ সপোন দেখে আৰু ডাঙৰ হৈ উকিল হৈ বাৰাণসীৰ বিধবাসকলক ৰঙৰ অধিকাৰ প্ৰদান কৰিবলৈ সক্ষম হয়।

যদিও আইনগতভাৱে বিধবাসকলক ৰঙ খেলাৰপৰা কোনেও বাৰণ কৰিব নোৱাৰে কিন্তু বাস্তৱত সেয়া হয়নে? বিধবা মহিলা এগৰাকীয়ে হোলীৰ ৰঙেৰে ৰঞ্জিত হ’লে এক বৃহৎ সংখ্যক লোকে তাৰ বিৰোধিতা কৰিব, যিটো চিনেমাখনত বৰ সুন্দৰ আৰু সঠিকভাৱে ৰূপায়ন কৰা হৈছে।

Apply Now

চিনেমাখনে মোক বেছিকৈ আকৰ্ষণ কৰাৰ এক বিশেষ কাৰণ মোৰ এক ব্যক্তিগত অভিজ্ঞতা। মই ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে মোৰ জেঠা (জেঠপেহা) ঢুকাল। সেইদিনা দেখিছিলো কেনেদৰে জেঠীমাৰ (জেঠাই) কপালত উজ্জ্বল হৈ জিলিকি থকা ৰঙা সেন্দুৰৰ ফোঁট মচি পেলোৱা হ’ল, কেনেদৰে সালংকৃতা জেঠীমাৰ ডিঙিৰ মণি, হাতৰ খাৰু, কানৰ ফুল খুলি পেলোৱা হ’ল!

সেই পৰিস্থিতিত উদয় হোৱা বিভিন্ন প্ৰশ্নই তেতিয়া মোৰ মনত প্ৰচণ্ড ধুমুহাৰ সৃষ্টি কৰিব ধৰিলে। কিয় এই যন্ত্ৰণা? স্বামী ঢুকাল বাবেই এগৰাকী নাৰীয়ে মনৰ সকলো ৰং মচি পেলাব লাগিব নেকি চিৰ জীৱনলৈ? কিয় এই অন্যায়? কপালৰ ফোঁট, হাতৰ কাণৰ অলংকাৰ হ’ল নাৰীৰ শৃংগাৰৰ একো একোটা উপাদান।

কোনোৱে ফোঁট লগাওক বা নলগাওক, অলংকাৰ পিন্ধক বা নিপিন্ধক, ৰঙীণ কাপোৰেই পিন্ধক বা ৰংবিহীন সেয়া হ’ব লাগে তেওঁৰ নিতান্তই ব্যক্তিগত পচন্দ। কিন্তু সততেই দেখা যায় নাৰীৰ ক্ষেত্ৰত এয়া কেৱল এক সামাজিক বান্ধোন।

এগৰাকী বিবাহিতা নাৰীয়ে যদিহে কেতিয়াবা কেনেবাকৈ কপালত ফোঁট আঁকি নলয় সেয়া এক অপৰাধ। কিন্তু একেগৰাকী নাৰীয়েই যদি স্বামী(?)ৰ মৃত্যুৰ পাছত সেন্দুৰ স্পৰ্শও কৰে সেয়াও আকৌ পাপ। নাৰীৰ ইচ্ছা, অনিচ্ছা সকলোবোৰ যেন পুৰুষজনৰ জীৱনৰ লগত শিকলিবদ্ধ। নাৰীৰ নিজস্বতা যেন একোৱেই নাই!

সপ্তম শ্ৰেণীতেই চাগে পঢ়িছিলো সৌ তাহানিতেই ৰাজা ৰামমোহন ৰায়ে বিধবা বিবাহৰ পক্ষে লোৱা স্থিতিৰ কথা। কিন্তু আজিও যে সমাজত বিধবা নাৰীসকলক কিমান মৰ্যদাপূৰ্ণ স্থান দিয়া হয় সেয়া সন্দেহৰ আৱৰ্তত।

এবাৰ বন্ধু এগৰাকীৰ সৈতে বিধবা মহিলা সন্দৰ্ভত আলোচনা কৰোঁতে তেখেতে কৈছিল যে আজিকালিনো ক’ত বিধবা ৰং বিবৰ্জিতা? প্ৰায় সকলো বিধবাইতো ৰঙীণ কাপোৰ পিন্ধা দেখা যায়।

হয়, আপাতদৃষ্টিত চালে আমি দেখোঁ যে আজিকালি হয়তো বহু ক্ষেত্ৰত বিধবা মহিলাৰ লগত হোৱা সামাজিক ৰীতি নীতি শিথিল হৈছে। কিন্তু বিধবাৰ প্ৰতি আমাৰ ধাৰণা সলনি হৈছেনে? কেৱল ৰঙীণ কাপোৰ পিন্ধিলেই জীৱন ৰঙীণ হয়নে?

কোনো শুভ কামত ওলাই যাওঁতে বিধবা মহিলা দেখা পালে যাত্ৰা নাস্তি আজিও হয়, আনকি নিজ সন্তানৰ বিয়াৰ লগত জড়িত অনেক নীতি নিয়মৰপৰা এগৰাকী বিধবা মাতৃক আঁতৰাই ৰখা হয়। এয়া কেৱল ককা আইতাৰ দিনৰ মানুহৰেই নহয়, আজিৰ ইণ্টাৰনেটৰ যুগৰ যুৱক-যুৱতীৰ মনবোৰো সেই একেই পৌৰাণিক ধ্যান ধাৰণাৰেই ভৰা।

উদাহৰণ চাবলৈ বেছি দুৰ যাব নালাগে। কোনোবা বিধবা নাৰীয়ে যদি পুনৰ্বিবাহ কৰা ফটো ভিডিঅ’ ফেচবুক, ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে তাৰ তলৰ কমেণ্টবোৰ চালেই গম পোৱা যায়।

ভাৰতত বৰ্তমান বিধবা নাৰীৰ পৰিসংখ্যা ৪ কৌটি (২০১১), যিটো ভাৰতৰ মুঠ নাৰীৰ সংখ্যাৰ ১০ শতাংশ। যিটো হয়তো আজিৰ তাৰিখত আৰু অধিক হৈছে। এই নাৰীসকলৰ অধিকাংশৰেই জীৱন অতি দুৰ্বিসহ। ভাৰততেই এতিয়াও এনেকুৱা বহু ঠাই আছে য’ত কেৱল নিয়মৰ চেলু উলিয়াই নাৰী এগৰাকীৰ স্বামীৰ মৃত্যুৰ পাছত ৰঙীণ কাপোৰ পিন্ধাতো দূৰৰ কথা, শাড়ীৰ তলত ব্লাউজ পিন্ধাও মানা।

বহু ঠাইত বিধবা নাৰীৰ মূৰৰ চুলি একেবাৰে ছুটিকৈ কাটি দিয়ে, কিছুমানেতো চুলি খুৰাইও দিয়ে। খাৱন-পিয়নতো অনেক বাধা। আমিষ খাদ্যতো দূৰৰ কথা, তেল মছলাযুক্ত খাদ্য খোৱাও মানা।

কোৱা হয় বৈধব্য এক তপস্যা, আৰু সামাজিক নীতি-নিয়মৰ আশ্ৰয় লৈ এই তপস্বীসকলৰ ওপৰত অতপস্বীসকলে চলাই যায় অকথ্য নিৰ্যাতন। যদিহে এই “তপস্বী” নাৰীগৰাকী সুন্দৰী যুৱতী হয় তেতিয়াহ’লেতো কথাই নাই, দিনৰ পোহৰত সন্তৰ ভাও লৈ বৰ্তি থকা পাষণ্ড কিছুমানৰ লোলুপ দৃষ্টি তেওঁৰ ওপৰত সদা নিবদ্ধ।

প্ৰতিদিনে ভুগিবলগা এই মৃত্যুসম যন্ত্ৰণাৰপৰা মুক্তি পাবলৈয়ে হয়তো সতীদাহ প্ৰথা নিৰ্মূল হোৱাৰ শতাধিক বছৰৰ পিছতো ১৯৮৭ চনৰ ৪ ছেপ্তেম্বৰ তাৰিখে ৰাজস্থানৰ অষ্টাদশী গাভৰু ৰূপ কানোৱাৰে স্বামীৰ মৃত্যুৰ পাছত স্বামীৰ চিতাতে আত্মজাহ দিছিল। আৰু আচৰিত ধৰণে আজিও ৰাজস্থানৰ বহু ঠাইত ৰূপ কানোৱাৰৰ মৃত্যুক লৈ গৌৰৱ কৰে আৰু ৰূপ কানোৱাৰক সতী দেৱী আখ্যা দি দেৱীৰ আসনত ৰাখে।

কেৱল বিধবা বুলিয়েই নহয় আমাৰ সমাজত নাৰী জাতিকেই দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি গণ্য কৰা হয়। আজি ভাৰত যেতিয়া সকলো দিশতে দোপতদোপে আগবাঢ়ি গৈ আছে নাৰী সম্পৰ্কে আমাৰ ধ্যান ধাৰণা এতিয়াও তেনেই সামান্তযুগীয়।

আপাতদৃষ্টিত চালে আমি দেখিম যে আজিৰ ভাৰতীয় সমাজত নাৰীৰ স্থান যথেষ্ট অগ্ৰগামী, যথেষ্ট প্ৰগতিশীল হৈছে কিন্তু ভালদৰে মন কৰিলে আমি দেখিম যে আমাৰ সমাজত নাৰীৰ স্থান এতিয়াও সেই একেই মান্ধাতাকলীয়া হৈয়েই আছে। আজিও বহু ক্ষেত্ৰত নাৰীক এগৰাকী মানুহ বুলি গণ্যই কৰা নহয়। নাৰীৰ নিজস্ব সত্বাক আজিও স্বীকাৰ কৰিবই নিবিচাৰে বহু ভাৰতীয়ই।

ভাৰতীয় সমাজত নাৰীয়ে মানৱীয় মৰ্যাদা পাবলৈ হয়তো আমি বহু দূৰ আগুৱাব লাগিব। প্ৰথমে নাৰীসকলে নিজেই নিজকে চিনি পাব লাগিব। কোনোবাৰ পত্নী, কোনোবাৰ ভগ্নী, কোনোবাৰ মাতৃ বা জীয়ৰী হিচাপে নহয় নিজৰ ব্যক্তিত্বৰেহে নিজকে চিনি পাব লাগিব আজিৰ নাৰীয়ে। নাৰীয়ে যদি নিজেই নিজকে এক মৰ্যাদাপূৰ্ণ আসনত চাব নিবিচাৰে পৃথিৱীৰ আন কোনো শক্তিয়েই তেওঁক উচ্চ স্থান দিবলৈ সক্ষম নহয়।

জৱাহৰলাল নেহৰুৰ ভাষাত ক’বলৈ গ’লে “এখন সমাজক তেতিয়ালৈ উন্নত সমাজ আখ্যা দিব নোৱাৰি যেতিয়ালৈ সেই সমাজৰ নাৰীসকলৰ উন্নতি নহয়।” একে সময়তে যেতিয়ালৈ নাৰী কেৱল পুৰুষৰ অৰ্দ্ধাংগিনী হিচাপেহে পৰিচিত হয় নিজৰ সত্ত্বাৰে নহয়, তেতিয়ালৈ নাৰীৰ উন্নতি এক অলীক কল্পনাহে মাথোন হৈ থাকিব।

মালৱিকা কলিতা

মালৱিকা কলিতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

August 25, 2026 6:08 pm
হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

August 25, 2026 5:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd