কোনো মতাদৰ্শ, দৃষ্টিভংগী বা তত্ত্বই যিহেতু শেষ সত্যৰ ঠিকনা দিব নোৱাৰে, গতিকে এইবোৰেও যথা সময়ত উত্তৰপৰ্বক বাট এৰি দিবলগীয়া হয়। পুৰুষতন্ত্ৰৰ প্ৰতিৰোধকল্পে নাৰীবাদী চিন্তাৰ উন্মেষ ঘটিছিল যদিও নাৰীবাদৰ কিছুমান বিশেষ সীমাবদ্ধতাৰ পৰিপ্ৰেক্ষিতত উত্তৰ-নাৰীবাদী চিন্তাৰ ক্ষীণ প্ৰবাহ এটাইও এচাম পৃষ্ঠপোষকৰ সৃষ্টি নকৰাকৈ থকা নাই।
মজাৰ কথা যে উত্তৰপৰ্বৰ সূচনা কৰা দৃষ্টিভংগী আৰু তত্ত্ববোৰক অন্য এক উত্তৰপৰ্বই সম্পূৰ্ণভাৱে নস্যাৎ নকৰিলেও পৰবৰ্তী সময়ত প্ৰশ্ন নকৰাকৈ নাথাকে। উত্তৰ আধুনিকতাবাদ আৰু উত্তৰ- উত্তৰ ঔপনিবেশিকতাবাদ তেনেকুৱা দুটি উত্তৰপৰ্বৰ উত্তৰ প্ৰবাহ।
সম্প্ৰতি আমাৰ আলোচ্য বিষয় হৈছে উত্তৰ-উত্তৰ ঔপনিবেশিকতাবাদ। ‘Preface for a Post Postcolonial Criticism’ শীৰ্ষক এখন ৰচনাত সমালোচক E O’Connor -এ উত্তৰ ঔপনিবেশিক সমালোচনাতত্বৰ অন্যতম কাণ্ডাৰী গায়ত্ৰী চক্ৰৱৰ্ত্তী স্পিভাকক কঠোৰভাৱে সমালোচনা কৰিছে, কাৰণ স্পিভাকে ভিক্তোৰিয়া যুগৰ উপন্যাসত কেবল ঔপনিবেশিকতাবাদৰ প্ৰশস্তিহে দেখা পাইছে।
‘Three women’s Tesets and a Critique of Imperialism’ – নামৰ ৰচনাখনত স্পিভাকে চাৰ্লট্ ব্ৰন্টিৰ ‘Jane Eyre’ নামৰ ভিক্টোৰিয়ান যুগৰ বিখ্যাত উপন্যাসখনক উত্তৰ ঔপনিবেশিক দৃষ্টিকোণেৰে বিচাৰ কৰিছে। উনৈশ শতিকাৰ ব্ৰিটিছ সাহিত্যই ঔপনিবেশিকতাবাদক এক গুৰুত্বপূৰ্ণ সামাজিক প্ৰকল্প হিচাপে উপস্থাপন কৰাৰ উদ্দেশ্যেৰে তাৰ সাংস্কৃতিক ৰূপায়নৰ ওপৰত দিয়া অগ্ৰাধিকাৰৰ এটা দৃষ্টান্ত হৈছে ‘জেন আয়াৰ’ নামৰ উপন্যাসখন।
স্পিভাকৰ মতে নাৰীবাদী দৃষ্টিকোণেৰে ‘জেন আয়াৰ’ক বিচাৰ বিশ্লেষণ কৰিবলৈ গ’লে সাংস্কৃতিক ৰূপায়নৰ ঔপনিবেশিক আধাৰসম্পৰ্কীয় মূল প্ৰসংগটোক উপেক্ষা কৰি চলাটোহে বুজাব। স্পিভাকৰ বক্তব্যই সমসাময়িক সমালোচনা সাহিত্যক কেনেদৰে প্ৰভাৱিত কৰিছিল তাৰ এটা উদাহৰণ হৈছে এডৱাৰ্ড চাঈদৰ ‘Culture and Imperialism’ ত সন্নিৱিষ্ট ‘Mansfield Park’ আৰু ‘Great Expectations’ ৰ বিষয়ে আগবঢোৱা উত্তৰ ঔপনিবেশিক পুনৰপঠন।
আনকি নাৰীবাদী সমালোচক সকলেও উত্তৰ ঔপনিবেশিক চিন্তাধাৰাটোৰ পৰা নাৰীবাদী সমালোচনা যে বিছিন্ন নহয় সেই কথাটো প্ৰমাণ কৰাত উঠি পৰি লাগিছিল। ইৰেণ অ’কন্নৰৰ (Erin O’ Connor) মতে এয়া হৈছে সমালোচনাত্মক কল্পনাৰ ঔপনিবেশীকৰণ। ‘জেন আয়াৰ’ক ইংৰাজী ভাষাত লিখা ঊনৈশ শতিকাৰ সকলো উপন্যাসৰ প্ৰতিনিধি বুলি ভবা আৰু সকলোবোৰ উপন্যাসতে সাম্ৰাজ্যবাদৰ সাংস্কৃতিক ৰূপায়ন ঘটিছে বুলি ব্যাখ্যা আগবঢ়োৱাটো সমালোচনাত্মক চিন্তাৰ ঔপনিবেশিকীকৰণৰ ফচল।
এয়াই উত্তৰ ঔপনিবেশিক চিন্তাৰ সীমাবদ্ধতা আৰু সেই সুৰুঙাবোৰ চিনাক্ত কৰি তাৰ বাহিৰলৈ ওলাব বিচৰা প্ৰয়াসটোতেই মূলতঃ উত্তৰ উত্তৰ ঔপনিবেশিক চিন্তাই শিপা মেলিছে। সংস্কৃত আৰু পাৰ্চী ভাষাৰ কোনো জ্ঞান নথকাকৈয়ে লৰ্ড মেকলেই যিদৰে এই দুই ভাষাৰ সাহিত্যক তুচ্চ তাচ্ছিল্য কৰি নিজৰ অজ্ঞাতে ঔপনিবেশিক চিন্তাৰ সংকীৰ্ণতাৰহে প্ৰমাণ কৰি দেখুৱাইছিল, একেদৰে গায়এী স্পিভাকেও ঊনৈশ শতিকাৰ ভিক্ট’ৰিয়ান যুগৰ উপন্যাসত, সাম্রাজ্যবাদী সংস্কৃতিৰ ৰূপক-ভিন্ন অন্য তাৎপৰ্য বিচাৰি নোপোৱাটো হৈছে উত্তৰ-ঔপনিবেশিকতাবাদী চিন্তাৰ সীমাবদ্ধতাৰ পৰিচায়ক।
অ’কন্নৰৰ বিশ্লেষণ উলাই কৰিব পৰা ধৰণৰ নহয়।‘জেন আয়াৰ’ৰ কাহিনীত মেহগনি কাঠৰ আচবাববোৰক উপনিবেশত অবিৰত গতিত চলি থকা বন-ধ্বংস আৰু শোষণৰ সূচক হিচাপে মূল্যায়ন কৰি উত্তৰ ঔপনিবেশিক ব্যাখ্যা এটা নিশ্চয় আৰোপ কৰিব পাৰি। কিন্তু সেয়া কাহিনীৰ মূলভাগ নহয়।
উত্তৰ-ঔপনিবেশিক ব্যাখ্যাত কহিনীৰ কোনোবা এঠাইত উল্লেখিত সামান্য প্রসঙ্গ এটাই ৰাজনৈতিক মতাদৰ্শৰ বোজা যিদৰে কঢ়িয়াবলগীয় হয়, সেয়া বহু সময়তে খাপচৰা অথবা অস্বাভাৱিক যেন বোধ হয়। সাহিত্য আৰু সমালোচনা সাহিত্যত উত্তৰ- ঔপনিবেশিক দৃষ্টিকোণৰ প্ৰাসঙ্গিকতা ক্রমান্বয়ে হ্রাস পাই অহাৰ মূল কাৰণ নিশ্চয় এইটোৱেই। আৰু তাতেই গুৰুত্বপূৰ্ণ হৈ পৰিছে উত্তৰ উত্তৰ ঔপনিবেশিক দৃষ্টিকোণৰ।
অসমীয়া উপন্যাস সাহিত্যলৈ উত্তৰ ঔপনিবেশিক স্তৰ এটা আহিছিল বুলি কব নোৱাৰি। ফ্রেডেৰিক জে’মচনে তৃতীয় বিশ্বৰ সাহিত্যক ‘National allegory’ অর্থাৎ জাতি-জাতীয়তাকেন্দ্ৰিক সাহিত্য বুলি অভিহিত কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত আইজাজ আহমেদে তৃতীয় বিশ্বৰ সাহিত্য যে একমাত্রিক নহয় সেই কথাৰ সমৰ্থনত যুক্তি প্ৰদর্শন কৰিছে।
আমি অসমীয়া উপন্যাস সাহিত্যৰ প্ৰসঙ্গতো সেই কথা দোহাৰিব পাৰো- আমাৰ সাহিত্যও ‘national allegory’ নহয়। জাতীয়তা, জাতি-নিৰ্মাণৰ প্ৰসঙ্গবোৰে আমাৰ উপন্যাসত যে কেন্দ্ৰীয় স্থান লাভ কৰা নাই যোৱা শতিকাৰ অসমীয়া উপন্যাস সাহিত্যৰ বিষয়বস্তু-কেন্দ্রিক ধাৰাটোলৈ লক্ষ্য কৰিলেই উমান লাভ কৰিব পাৰি।
আনহাতে উত্তৰ-পূৰ্বাঞ্চল আৰু অসমে জাতি আৰু জাতীয়তাৰ প্ৰসঙ্গত সৰ্বভাৰতীয় (?) অৱস্থানৰ সৈতে একাত্মবোধ অনুভৱ কৰিব নোৱৰাৰ পৰিপ্ৰেক্ষিতত -‘Nation from below’, অৰ্থাৎ জাতিসত্তাৰ সৈতে উপাংগ এলেকা আৰু প্ৰান্তীয় সংস্কৃতিৰ সংঘাতৰ বিষয়টো মূলতঃ এক উত্তৰ ঔপনিবেশিক বিষয় যদিও অসমীয়া উপন্যাসত এই বিষয়টোৰ অবতাৰণা লক্ষণীয় হৈ উঠা নাই।
ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘ইয়াৰুঈঙ্গম’ ত কেন্দ্ৰ আৰু প্ৰান্তৰ মাজৰ সংঘাতৰ প্ৰশ্নটোৱে উত্তৰাধুনিক আয়তন লাভ কৰিব নোৱাৰিলে- এক দেশ, এক জাতি, ৰাইজৰ শাসন আদি আদৰ্শৰ হেঁচাত প্ৰান্তীয় জাতিসত্বাৰ সুকীয়া অস্তিত্বৰ প্ৰসঙ্গটো অৱশেষত নীৰৱ হৈ পৰিল।
উমাকান্ত শৰ্মাৰ “ভাৰত পখীৰ জাক” নামৰ উপন্যাসখনত ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি-জনগোষ্ঠীসমূহৰ পৰিচয়-কেন্দ্ৰিক ৰাজনীতিয়ে উত্তৰঔপনিবেশিক বিস্তাৰ লাভ কৰা নাই, কিয়নো এই বিষয়টোক ঔপনিবেশিক শাসন আৰু তাৰ পৰবর্তী স্বৰাজোত্তৰ কালৰ দেশীয় শাসন ব্যৱস্থাৰ বহল ঐতিহাসিক প্ৰেক্ষাপটত উপস্থাপন কৰা হোৱা নাই।
ৰীতা চৌধুৰীৰ “মাকাম”তো ৰাষ্ট্ৰ, নাগৰিকত্ব, স্বদেশচ্যুত মানুহৰ পৰিচয়-সংকট আদি বিষয়বোৰৰ উত্তৰ ঔপনিবেশিক দিশসমূহ মানবীয়তাৰ মহাভাষ্যত লীন হৈ গৈছে।
কিন্তু উত্তৰ ঔপনিবেশিক দৃষ্টিকোণৰ প্ৰাধান্য অবিহনেও অসমীয়া ভাষাৰ উপন্যাসত জাতি, জাতীয়তা, জনগোষ্ঠীয় পৰিচয়, সংশ্লেষিত পৰিচয় আদি ৰাজনৈতিক বিষয়স্তুবোৰ সম্পূৰ্ণ উপেক্ষিত হৈ আছে বুলি কোৱাৰ যুক্তি নাই। অৰুণ শৰ্মাৰ “আশীৰ্বাদৰ ৰং” উত্তৰ ঔপনিবেশিক উপন্যাসৰ শ্ৰেণীভূক্ত নহয়, কিন্তু ৰাজনৈতিক বিষয়বস্তু আৰু মানৱীয় দৃষ্টি কোণেৰে সমৃদ্ধ।
ধ্ৰুৱজ্যোতি বৰাৰ “আজাৰ” নামৰ উপন্যাসখনৰ বিষয়বস্তু আৰু পটভূমি স্পষ্টত: উত্তৰ ঔপনিবেশিক বৈশিষ্ট্যসম্পন্ন। কিন্তু সেইটোও এই উপন্যাসখনৰ একমাত্ৰ দিশ নহয়। সোতৰ শতিকাৰ মোৱামৰীয়া বিদ্ৰোহৰ সময়ৰ পৰা ব্ৰিটিছে অসম দখল কৰালৈকে এছোৱা দীঘলীয়া সময়ৰ দস্তাবেজ “আজাৰ”ত ঔপনিবেশিক শাসন, শোষণ আৰু মহামাৰীকেন্দ্ৰিক ৰাজনীতিক বহুলাংশে দেশীয় ৰাজন্যবৰ্গৰ দুৰ্বলতা আৰু অপশাসনৰ স্বাভাৱিক ফলশ্ৰুতি হিচাপেহে গণ্য কৰা হৈছে। তদুপৰি উপন্যাসখনৰ মূল চৰিত্ৰ কেইটা কেৱল উত্তৰ ঔপনিবেশিক কাঠামোত বান্ধি লৈ বিচাৰ কৰিলে চৰিত্ৰ কেইটাই ত্ৰিমাত্ৰিক চৰিত্ৰ হেৰুৱাই পেলাব।
মূল কথা, এখন ভাল উপন্যাস কেৱল এখন উত্তৰ ঔপনিবেশিক পাঠ হব নোৱাৰে, সেইখন এখন উত্তৰ উত্তৰ ঔপনিবেশিক (Post Postcolonial ) উপন্যাসো হ’ব লাগিব। গায়ত্ৰী স্পিভাকে আগবঢ়োৱা উনৈশ শতিকাৰ ইংৰাজী উপন্যাসৰ উত্তৰ ঔপনিবেশিক বাখ্যা নাকচ কৰি ইৰেণ অ’কন্নৰে সেয়েহে এনেদৰে মন্তব্য কৰিছে- “A novel is smarter than her paradigm admits.”।
হয়, কেৱল উত্তৰ ঔপনিবেশিকেই কিয় , যিকোনো একদেশদিশদৰ্শী ব্যাখ্যা সুত্ৰই বান্ধি দিয়া সীমা চেৰাই যাব পৰা সাহিত্যহে কালজয়ী সাহিত্য হ’ব পাৰে। উত্তৰ উত্তৰ ঔপনিবেশিক চিন্তা সূত্ৰই আমাৰ চেতনাক সেই সীমা পাৰ হবলৈ বাট দেখুৱাই দিয়ে।