• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অৱশেষত গ্ৰেপ্তাৰ হ’ল মুছলমান মহিলাক ধৰ্ষণৰ ভাবুকি দিয়া হিন্দুত্ববাদী ধৰ্মগুৰু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 14, 2022 12:40 pm
Hindutva priest threatened Muslim women with rape
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুছলমান মহিলাক মুকলিকৈ ধৰ্ষণৰ ভাবুকি দিয়া হিন্দুত্ববাদী ধৰ্মগুৰু বজৰং মুনি দাসক অৱশেষত গ্ৰেপ্তাৰ কৰিলে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। উল্লেখ্য যে কিছুদিন পূৰ্বে আৰক্ষীৰ উপস্থিতিতে এক ধৰ্মীয় শোভাযাত্ৰাত তেওঁ মুছলমান মহিলাক ধৰ্ষণৰ ভাবুকি দিছিল।

এই সাম্প্ৰদায়িক ভাবুকিৰ মন্তব্যৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। প্ৰকাশ পোৱা ভিডিঅ’টোত বজৰঙে মুছলমান সম্প্ৰদায়ৰ মহিলাক অপহৰণ আৰু ধৰ্ষণ কৰাৰ মুকলি ভাবুকি দিয়া স্পষ্টকৈ শুনিবলৈ পোৱা গৈছিল।

Apply Now

উত্তৰ প্ৰদেশৰ সীতাপুৰ জিলাত এক সমাৱেশক সম্বোধন কৰি এই হিন্দুত্ববাদী ধৰ্মগুৰুজনে কয়, “এই অঞ্চলৰ ওচৰতে এখন ‘চোঁৱৰ’ৰ গাঁও আছে। যদি সেই গাঁৱৰ কোনোৱে এই অঞ্চলটোৰ কোনো হিন্দু ছোৱালীক হাৰাশাস্তি কৰে, মই তেওঁলোকৰ ঘৰৰ জীয়ৰী-বোৱাৰীক ঘৰৰ পৰা তুলি আনি ধৰ্ষণ কৰিম।”

লগতে মুছলমানক মুকলি হত্যাৰ ভাবুকি দি তেওঁ কৈছিল, “এই ‘চোঁৱৰ’বোৰে মোৰ হত্যাৰ বাবে ২৮ লাখ টকা জমা কৰিছে। চোঁৱৰ বোৰে শুনি লোৱা, না এই চোঁৱৰৰ অঞ্চল থাকিব না, চোঁৱৰ থাকিব।”

ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে সমগ্ৰ দেশজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়। ৰাষ্ট্ৰীয় মহিলা আয়োগেও ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

উল্লেখ্য যে এই ভিডিঅ’টো ২ এপ্ৰিলত দৃশ্যগ্ৰহণ কৰা হৈছিল। উক্ত সমাৱেশত আৰক্ষীৰ উপস্থিতিও ভিডিঅ’টোত স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে। তৎসত্বেও ধৰ্মগুৰুজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল আৰক্ষীয়ে।

কিন্তু ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশ আৰক্ষীয়ে পিছত তদন্তৰ নিৰ্দেশ দিয়ে।

অৱশেষত ঘটনাৰ ১১ দিন পিছত অভিযুক্ত বজৰং মুনি দাসক গ্ৰেপ্তাৰ কৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে।

বজৰং মুনি দাসৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ দিয়া, অপমানজনক মন্তব্য দিয়া আৰু যৌন নিৰ্যাতন সম্পৰ্কীয় ভাৰতীয় দণ্ডবিধিৰ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

উল্লেখ্য যে নিজকে আৰ এছ এছ আৰু বিজেপিৰ নেতাৰ ঘনিষ্ঠ বুলি উল্লেখ কৰা এই ধৰ্মগুৰুজনৰ বিৰুদ্ধে পূৰ্বেও ভূ-সম্পত্তিৰ অবৈধ দখলৰ অভিযোগ আছে। কিন্তু ইয়াৰ পিছতো তেওঁৰ বিৰুদ্ধে বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd