• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাৰাডোনাৰ ‘হেণ্ড অৱ গড’ খ্যাত বিশ্ব কাপৰ জাৰ্চি ৯.৩ মিলিয়ন ডলাৰত নিলাম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 5, 2022 4:56 pm
Maradona's 'Hand Of God' jersey auctioned
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৮৬ চনৰ ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেল। সমুখ সমৰত ইংলেণ্ড-আৰ্জেণ্টিনা। ফুটবলৰ ৰাজপুত্ৰ মাৰাডোনাৰ দুটাকৈ চাঞ্চল্যকৰ গল; এটা ‘হেণ্ড অৱ গড’, আনটো শতিকাৰ শ্ৰেষ্ঠ গল!কোনো ফুটবলপ্ৰেমীয়ে পাহৰিব পাৰে জানো এই গল দুটা!

উক্ত কোৱাৰ্টাৰ ফাইনেলখনত কিংবদন্তী ডিয়েগো মাৰাডোনা পৰিহিত আৰ্জেণ্টিনা দলৰ জাৰ্চিটো বুধবাৰে অভিলেখ দৰত নিলাম কৰা হয়। ২০ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা আৰু বুধবাৰে সমাপ্ত হোৱা এই নিলামত বিশষ জাৰ্চিটো ৯.৩ নিযুত ডলাৰত নিলাম কৰা হয় বুলি আন্ত: ৰাষ্ট্ৰীয় সংস্থা চৌথেবীজে প্ৰকাশ কৰিছে।

Apply Now

যিকোনো ক্ৰীড়া স্মাৰক সামগ্ৰীৰ নিলামৰ ক্ষেত্ৰত থকা পূৰ্বৰ সকলো অভিলেখ মাৰাডোনাৰ এই বিখ্যাত জাৰ্চিটোৱে ভংগ কৰিছে বুলি সংস্থাটোৱে লগতে প্ৰকাশ কৰিছে।

অৱশ্যে মুঠ সাতজন নিবিদাকাৰীয়ে অংশগ্ৰহণ কৰা নিলামত এই জাৰ্চিটো কোনে ক্ৰয় কৰিছে সেই বিষয়ে উল্লেখ কৰাৰ পৰা বিৰত থাকে চৌথেবীজ।

“এই ঐতিহাসিক জাৰ্চিটো কেৱল ক্ৰীড়া ইতিহাসৰে নহয়, বিংশ শতিকাৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্তৰ এক স্পষ্ট স্মাৰক।”- চৌথেবীজৰ ষ্ট্ৰীটৱেৰ আৰু আধুনিক সংগ্ৰাহকৰ মুৰব্বী ব্ৰাহ্ম ৱাচ্চাৰে নিলামৰ পিছত এক বিবৃতিত কয়।

তেওঁ কয়, “ই নিলামলৈ অহা আটাইতকৈ আকাংক্ষিত ফুটবল জাৰ্চি আৰু সেয়েহে ই যোগ্যভাৱেই এনে ধৰণৰ যিকোনো বস্তুৰ নিলামৰ ৰেকৰ্ড দখল কৰিছে।”

উল্লেখ্য যে মাৰাডোনাৰ এই জাৰ্চিটো দীৰ্ঘদিন ধৰি ইংলেণ্ডৰ মিডফিল্ডাৰ ষ্টিভ হজৰ সংগ্ৰহত আছিল। ৮৬ ৰ কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ড ২-১ গলত পৰাজিত হোৱাৰ পিছত মাৰাডোনাৰ সৈতে হজে জাৰ্চিৰ বিনিময় কৰিছিল।

লক্ষণীয়ভাৱে হজে নিজৰ আত্মজীৱনীখন “মাৰাডোনাৰ চাৰ্ট থকা মানুহ” শীৰ্ষক নামেৰেই নামাংকৃত কৰিছিল। তেওঁ ২০ বছৰ ধৰি মানচেষ্টাৰৰ ৰাষ্ট্ৰীয় ফুটবল সংগ্ৰহালয়ত ৰাজহুৱা প্ৰদৰ্শনৰ বাবে এই জাৰ্চিটো সংগ্ৰহালয়ক প্ৰদান কৰিছিল।

উল্লেখ্য যে ১৯৮৬ ৰ কোৱাৰ্টাৰ ফাইনেলত মেক্সিকো চিটিৰ চিথিং এজটেক ষ্টেডিয়ামত মাৰাডোনাৰ এই দুটা গ’ল ইতিহাসত বিশেষ মৰ্যদাৰে লিপিবদ্ধ হৈ আছে।

প্ৰথমাৰ্ধৰ কিছু সময়ৰ পিছতে ইংলেণ্ডৰ গ’লৰক্ষক পিটাৰ শিল্টনক পৰাভূত কৰি এক বিশেষ চাতুকাৰিতাৰে হাতেৰে বল নেটলৈ ঠেলি বিখ্যাত তথা কুখ্যাত ‘হেণ্ড অৱ গড’ গলটো স্ক’ৰ কৰিছিল মাৰাডোনাই।

ইয়াৰ ঠিক পিছতে নিপুণ ক্ৰীড়াশৈলীৰে পাঁচজন ইংৰাজ ডিফেণ্ডাৰক অতিক্ৰম কৰি শেষত গলৰক্ষককো পৰাভূত কৰি দ্বিতীয়টো গল স্কৰ কৰে মাৰাডোনাই। এই গলটোক ২০০২ চনৰ ফিফা জৰীপত “গ’ল অফ দ্য চেঞ্চুৰী” হিচাপে বাচনি কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd