কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কোভিড-১৯ সংকট শেষ হোৱাৰ পিছত নাগৰিকত্ব সংশোধনী আইন (CAA) কাৰ্যকৰী কৰা হ’ব বুলি কোৱাৰ পিছত শনিবাৰে খাচী ছাত্ৰ সন্থাই (কেএছইউ) ইয়াৰ বিৰুদ্ধে পুনৰ আন্দোলন আৰম্ভ কৰাৰ ভাবুকি দিছে।
কেএছইউ-য়ে কয় যে এই প্ৰতিবাদৰ লগতে তেওঁলোকে এতিয়াও মেঘালয়ত আন্ত:ৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা ৰূপায়ণৰ দাবী জনাইছে।
কেএছইউৰ সভাপতি লেম্বোকষ্টাৰ মাৰংনাৰে সংবাদ মাধ্যমক কয় যে যদি CAA ৰ কাৰ্যকৰীকৰণ প্ৰক্ৰিয়া আৰম্ভ হ’লে আন্দোলনটো “পুনৰ সক্ৰিয়” কৰি তোলা হ’ব।
লগতে পঢ়ক: যুদ্ধৰ বাহিৰৰ খৱৰ: বেলাৰুচত আটক সাংবাদিকৰ ৰাছিয়ান প্ৰেমিকাক ৬ বছৰৰ কাৰাদণ্ড
তেওঁ লগতে কয় যে CAA ৰ পৰিৱৰ্তে কেন্দ্ৰই মেঘালয়ত আইএলপি ৰূপায়ণতহে আগবাঢ়িব লাগে কিয়নো এয়া ৰাজ্য চৰকাৰৰ দ্বাৰা গৃহীত এক প্ৰস্তাৱ আছিল।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ এই আইনখনক এক বাস্তৱ বুলি অভিহিত কৰি কৈছিল যে কোভিড-১৯ পৰিস্থিতিৰ সমাপ্ত হোৱাৰ পিছতে নাগৰিকত্ব সংশোধনী আইন CAA) কাৰ্যকৰী কৰা হ’ব।
শ্বাহে পশ্চিমবংগৰ শিলিগুৰিৰ এখন ৰাজহুৱা সভাত ভাষণ দি কৈছিল যে নাগৰিকত্ব সংশোধনী আইনৰ ৰূপায়ণ কোভিড-১৯ পৰিস্থিতিৰ সৈতে জড়িত।
লগতে পঢ়ক: হিন্দুত্ববাদক ফেচীবাদৰ সৈতে জড়িত কৰি পৰীক্ষাত প্ৰশ্ন! বিতৰ্কত বেচৰকাৰী বিশ্ববিদ্যালয়
তেওঁ দাবী কৰে যে যদিও ইয়াৰ কাৰ্যকৰীকৰণ এতিয়াও কৰা হোৱা নাই, “ইয়াৰ পৰা উভতি যোৱাৰ কোনো প্ৰশ্নই নাই”।
তেওঁৰ ভাষণৰ এইটো সম্পূৰ্ণ স্পষ্ট আছিল যে বিতৰ্কিত CAA এতিয়াও বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্যসূচীত অগ্ৰাধিকাৰ পাই আছে।
ভাষণত শ্বাহে লগতে কৈছিল, ‘’তেওঁ স্পষ্ট কৰি দিব বিচাৰিছে যে তৃণমূল কংগ্ৰেছে CAA কাৰ্যকৰী নহ’ব বুলি উৰাবাতৰি বিয়পাই আছে।‘’
“মই ক’ব বিচাৰো যে কোভিডৰ ঢৌ মাৰ যোৱাৰ লগে লগে আমি CAA কাৰ্যকৰী কৰিম”, তেওঁ লগতে কয়।
লগতে পঢ়ক: অপ্ৰতিৰোধ্য মূল্যবৃদ্ধি! ৰাজ্যত শীঘ্ৰেই বৃদ্ধি পাব ফেৰী সেৱাৰ ভাড়া
শ্বাহে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক উদ্দেশ্যি কৈছিল, “মমতা দিদি, আপুনি অনুপ্ৰৱেশ অব্যাহত ৰাখিব বিচাৰিছিল নেকি? কিন্তু মই আপোনাক ক’ব বিচাৰো যে CAA এক বাস্তৱ আছিল আৰু ই বাস্তৱহৈ থাকিব আৰু টিএমচিয়ে ইয়াত একো কৰিব নোৱাৰে।”