হিন্দুত্ববাদৰ দুই ঘাই প্ৰবক্তা সংগঠনে কাহানিও ভাৰতীয় মুছলমানক নাগৰিকৰ প্ৰাপ্য অধিকাৰ আৰু মৰ্যাদা দিব খোজা নাই। বৰং নিৰৱচ্ছিন্নভাৱে, হোৱাই-নোহোৱাই তেওঁলোকক দেশ তথা ৰাষ্ট্ৰৰ বাবে উঁইপোক ৰূপে চিনাক্ত কৰি তেওঁলোকক দমন কৰিবলৈ চেষ্টা কৰে। যাতে হয় তেওঁলোক দেশ এৰি পলায় অথবা প্ৰাচীন কালৰ অস্পৃশ্য সকলৰ দৰে সমাজ বহিৰ্ভূত হৈ দুখে-যন্ত্ৰণাৰে জীৱন যাপন কৰে।
অলপতে ডেৰশ জন মান মানুহৰ এখন সভাত সকলোৱে হিটলাৰী কাৰবাৰেৰে হাত এখন আগলৈ মেলি দি শপত খাইছে যে তেওঁলোকে ‘হিন্দুৰাষ্ট্ৰ’ গঠিত নোহোৱালৈ যুঁজি যাব। তাৰ ভিডিঅ’ প্ৰচাৰ হৈছে তেনে আৰু সভা-সমিতিক উৎসাহ দিবলৈ। তেনে হিন্দু ৰাষ্ট্ৰ ভাৰতৰ সংবিধানৰ বিপৰীত। অৰ্থাৎ নতুন সংবিধান ৰচনা কৰি নতুন স্বৈৰতন্ত্ৰী আদৰ্শৰ ভিত্তিত ৰাষ্ট্ৰ গঠনৰ আন্দোলন আৰম্ভ কৰাৰ যো-জা চলিছে। কোৱা বাহুল্য, আগতে উল্লেখ কৰা দুটা সংগঠনৰ নেতৃত্বত এনে আন্দোলন দেশ ব্যাপী হোৱাৰ পুৰা-পুৰি আশংকা আছে।
উত্তৰ ভাৰতৰ নানা ঠাইত মুছলমানসকলৰ ওপৰত আকস্মিক, অপ্ৰৰোচিত আক্ৰমণ কৰা আৰু তেওঁলোকক প্ৰৰোচিত কৰি আগ-পাছ নুগুনা মুছলমান ডেকা মানুহক শিলগুটি দলিয়াবলৈ উত্তেজিত কৰা ঘটনা সম্প্ৰতি প্ৰায়ে ঘটিবলৈ লৈছে। বিশেষকৈ মছজিদৰ আগেদি হিন্দু শোভাযাত্ৰা আগুৱাই নি মছজিদৰ সন্মুখত ৰখাই মুশ্লিম বিৰোধী শ্ল’গান দিয়া আদি কাৰ্য সাধাৰণ ঘটনা হৈ পৰিছে। মুছলমানসকল পেপুৱা লাগিছে। ন্যায়ালয়েও আইনৰ ধাৰাত মূৰ গুজি ন্যায় আৰু সাম্যৰ বহল লক্ষ্য অগ্ৰাহ্য কৰা হৈছে। চৰকাৰ স্বাভাৱিকতেই নিৰ্লিপ্ত। আচলতে মুশ্লিম মানুহৰ ওপৰত কৰা আক্ৰমণ আৰু উপদ্ৰৱ বিলাক যে এটা পৰিকল্পিত, প্ৰণালীবদ্ধ পদক্ষেপ, তেনে ধাৰণা আমাৰ মনত দৃঢ় হৈ উঠিছে। অৰ্থাৎ অঞ্চলে অঞ্চলে তেনে ঘটনা ঘটাই পিছত তাক দেশব্যাপী আন্দোলনত পৰিণত কৰাৰ এটা কৌশল হয় সম্ভৱ। এই ধাৰাৰ শেহতীয়া নিদৰ্শন হৈছে মুছলমানৰ কিবা ধৰ্মীয় উৎসৱৰ দিনাই কিবা অভিনৱ হিন্দু পৰৱ ঘোষণা কৰি উৎসৱস্থলী দখল কৰা আৰু তেনেকৈ সংঘৰ্ষৰ সূত্ৰপাত কৰা। চিৰকাল শান্তিৰে তেনে উৎসৱ বা পৰৱ পালন কৰা মুছলমান তেওঁলোকৰ ধৰ্ম পালনত বাধাগ্ৰস্ত হৈছে। যিটো সংবিধানে প্ৰদান কৰা ধৰ্মাচৰণৰ অধিকাৰৰ বিপৰীত। অলপতে ঈদৰ দিনা পৰশুৰাম জয়ন্তী ঘোষণা কৰি ঈদগাহ ময়দান দখলৰ চেষ্টা হৈছে কৰ্ণাটকত। ‘হনুমান জয়ন্তী’ মুছলিম বিৰোধৰ উপলক্ষ কৰা হৈছে।
অসমত ইমান দিনে হিন্দুৱে জন্মাষ্টমী পালনৰ বাহিৰে আন কোনো দেৱ-দেৱীৰ জয়ন্তী পালন কৰা নাই। শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালনৰ সময়ত আমি কেতিয়াও মুছলমানৰ কথা মনত নেপেলাওঁ। আৰু ৰাম নৱমীও ইয়াত কোনো হিন্দু পৰিয়ালে পালন কৰা দেখা নাই। গতিকে অসমৰ সুকীয়া ধৰ্ম আৰু সাংস্কৃতিক ঐতিহ্য অনুসৰি কেতবোৰ মতলবী মানুহৰ প্ৰৰোচনাত উটি গৈ আমি যাতে ধৰ্ম পালনক ধৰ্ম বিদ্বেষত পৰিণত নকৰোঁ!
জিঘাঙ্সু সমাজ!
আমি সৰু থকা কালত মানুহৰ মুখত বা বাতৰি কাকতত নৰহত্যাৰ ঘটনা বছৰত এটা বা দুটাহে ঘটাৰ কথা পোৱাৰ কথা মনত পৰে। কেতিয়াবা কোনো বছৰত নাছিলেই। হত্যাকাৰীক তেতিয়া মানুহৰ শাৰীত নপৰা নৰপশু যেন লাগিছিল। সেই সময়ত সমাজৰ ৮৯ শতাংশ মানুহে বস্তুগত সম্পদৰ অভাৱৰ লগত যুঁজিবলগীয়া হৈছিল। আজিৰ আধুনিক সমাজত অন্তত: তাৰ তুলনাত বেছিভাগ সাধাৰণ মানুহ অধিক সম্পদৰ গৰাকী হৈছে। সেয়ে অভাৱৰ কাৰণেই এনেবোৰ ৰোমহৰ্ষক অপৰাধ হোৱা বুলি ক’ব নোৱাৰি। অৱশ্যে ধন-সম্পত্তিৰ লোভতো এনে ভয়াৱহ কাণ্ড কিছুমানে নিশ্চয় ঘটায়। যি ধৰণে ধন-দৌলত বাঢ়িছে, সেইধৰণে সকলো মানুহ সমানে সমৃদ্ধ হোৱা নাই। সমসাময়িক সমাজৰ ই এক উদ্বেগজনক লক্ষণ। তথাপি ঈৰ্ষা, হিংসা, প্ৰতিযোগিতা বৃদ্ধি হোৱা বাবেই আজি হত্যা-হিংসা বৃদ্ধি পোৱা বুলি কোৱাটো সঠিক নহ’ব।
কিছুমানে কয় যে আধুনি সভ্যতাই মানুহৰ মনৰ পৰা শান্তিপ্ৰিয়তা, প্ৰেম, ভাতৃত্ব তথা সংযম দূৰ কৰা বাবেই এনে পাশৱিক প্ৰবৃত্তিয়ে মূৰ দাঙি উঠিছে। তেন্তে প্ৰশ্ন উঠে, আজি যে ঢোলে-দগৰে ভাৰতভূমিত হিন্দু সংস্কৃতিৰ গৌৰৱময় পুনৰুত্থানৰ কথা অহৰ্নিশে শুনাই থকা হয়, সেই পুনৰুত্থানে মানুহৰ নৈতিক চেতনা কিয় সতেজ কৰিব পৰা নাই। অথচ এই নব্য-হিন্দু সংস্কৃতি কেৱল ৰাজনৈতিক ভাষণতে আৱদ্ধ থকা নাই, বৰং শক্তিশালী সামাজিক সংগঠন আৰু সাংস্কৃতিক প্ৰচাৰ কাৰ্যই সমাজৰ সকলো স্তৰতে তাৰ বাৰ্তা পৌছাই দিছে। সেয়ে দ্বিতীয় প্ৰশ্ন উঠিছে যে তেনে সংস্কৃতিয়ে হত্যা-হিংসাত উচতনিহে দিছে নেকি। কাৰণ National Crime Records Bureau বা ৰাষ্ট্ৰীয় অপৰাধ পিয়ল কাৰ্যালয়ৰ সূত্ৰমতে যোৱা দহ বছৰে এনে হিংস্ৰ অপৰাধৰ সংখ্যা ভালেখিনি বৃদ্ধি পাইছে। কথাবোৰ ভালদৰে বিচাৰ কৰি চোৱা দৰকাৰ। তাৰ বাবে বিজ্ঞানসন্মত অধ্যয়ন আৰু সমীক্ষাৰ প্ৰয়োজন।
এনে অপৰাধৰ ভিতৰত আছে অতি জঘন্য কিশোৰী ধৰ্ষণ বা যুৱতী ধৰ্ষণৰ ঘটনা। পুলিচক অধিক উগ্ৰ আৰু ক্ষমাহীন হ’বলৈ নিৰ্দেশ দিয়া ইয়াৰ প্ৰতি চৰকাৰৰ তাৎক্ষণিক আৰু তৎকালীন প্ৰতিক্ৰিয়া। কিন্তু তাৰ গুৰি-গছ উলিয়াব নোৱাৰিলে তাক নিৰ্মূল বা প্ৰশমন কৰাও সম্ভৱ নহ’ব।
আমাৰ বা আমাৰ পিছৰ দুই তিনিটা প্ৰজন্মৰ বাবে এনে ধৰণৰ ধৰ্ষণ এক অভাৱনীয়, দু:স্বপ্ন-তুল্য ঘটনা। কিশোৰী বা যুৱতীগৰাকীক কোনো বন্ধুৱে মাতি নি এতিয়া লগৰ বন্ধু-বান্ধৱ মিলি ধৰ্ষণ কৰে। আজিকালি অপৰাধৰ সাক্ষ্য প্ৰমাণ নাৰাখিবলৈ পাশৱিক কামনা পূৰণ হোৱাৰ পিছত হত্যাও কৰে। নিৰীহ কিশোৰী বা যুৱতীগৰাকীৰ প্ৰতি কণমানো সহানুভূতি অনুভৱ নকৰে। যেন বেচেৰী এচপৰা মাটি বা এটুকুৰ প্ৰাণহীন পাথৰ হে।
নি:সন্দেহে পাশৱিক কামনা পূৰণৰ বাবেই এনে জঘন্য, ভয়াৱহ ঘটনা ঘটোৱা হয়। ঘটনা ঘটাই চুবুৰী বা ওচৰৰ চুবুৰীৰ ডেকা বা কিশোৰে। কেতিয়াবা আত্মীয়ই। ধৰ্ষিতা তৰুণীয়ে সন্দেহ কৰাৰ কাৰণো নাথাকে। কোনো গীতৰ অনুষ্ঠানৰ পৰা ঘৰত থৈ আহোঁ বুলি সন্ধিয়া লগ ধৰি বা অলপ দূৰলৈ কথা-বতৰা হওঁ বুলি ৰাতি মাতি নি অপৰাধটো কৰে। গাভৰু বা কিশোৰীহঁতৰ মনতো এনে পুৰুষ সংগৰ আকাংক্ষা বা হেঁপাহ থাকে, কিন্তু সদায় প্ৰেম বা দেহজ কাম বাসনাৰ বাবে নহয়। পুৰুষ সংগৰ আমেজ বা পুৰুষৰ আগ্ৰহৰ ফলত মনত জন্মা নিৰ্দোষ সুখানুভূতিৰ বাবেও ছোৱালীয়েও এনে সান্নিধ্যত আপত্তি নকৰিব পাৰে। কেতিয়াবা এইবোৰ একো নহয়, বিপদৰ উমান নোপোৱাৰ বাবেও ছোৱালী ভয়ানক বিপদৰ কবলত পৰে।
কোৱা বাহুল্য, অভিভাৱকে সময় থাকোঁতেই এনে ধৰণৰ বিপদৰ সম্ভাৱনাৰ কথা কিশোৰী কালৰ পৰা ছোৱালীক জনোৱা উচিত। বিশেষকৈ বন্ধুত্ব বা ভাতৃত্বৰ ভাও জোৰা কিশোৰ আৰু যুৱকৰ কথা সকীয়াই দিব লাগে। প্ৰচাৰ পোৱা ঘটনাবোৰৰ প্ৰতিও দৃষ্টি আকৰ্ষণ কৰিব লাগে। কামটো বিব্ৰতকাৰী হ’লেও নকৰাকৈ থাকিলে পৰিয়ালৰ মূৰত কেতিয়াবা বজ্ৰাঘাত পৰিব। ছোৱালীবোৰেও কেৱল সাজি-কাচি থাকিবলৈ শিকিলে নহ’ব, আত্মৰক্ষাৰ বল কৌশলো শিকা ভাল।
কিন্তু এইবোৰে ছোৱালীক বা নাৰীক কিছু সুৰক্ষা দিলেও সমাজখনত এনে ভয়ানক অপকৰ্মৰ অৱসান নহয়। কেতিয়াবা নিৰাপদ বুলি ভবা আপোন ঘৰতে সুবিধা বুজি কোনো অচিন যুৱক বা আদহীয়া মানুহেও অসৎ অভিপ্ৰায় পূৰণ কৰিব পৰা দিন আহি আছে। সেয়ে ঘটনাবোৰৰ আচল শিপা ক’ত আছে, বিচাৰ-খোচাৰ কৰা উচিত। টিভিত মনস্তত্ববিদ সকলে এনে অপৰাধীৰ বিকৃত মনস্তত্বৰ উদ্ভৱ কেনেকৈ হয় তাৰ বিস্তাৰিত বাখ্যা আগবঢ়ায়। কিন্তু তেনে বিকৃত মনস্তত্ব ইমানদূৰ কেনেকৈ শিপাইছে আৰু বিস্তাৰিত হৈছে সেই প্ৰশ্ন এৰাই যায়। সন্দেহ নাই যে আমাৰ সাম্প্ৰতিক সামাজিক পৰিবেশ তাৰ বাবে ঘাইকৈ দায়ী।
প্ৰথমতে আগৰ দিনৰ অভিজ্ঞতা থকা মানুহ মাত্ৰেই বুজে যে আজিৰ অৰ্থনীতিয়ে সকলো ব্যক্তিক আত্মপ্ৰতিষ্ঠা, আত্মবিকাশৰ সুযোগ দিলেও তাৰ লগে লগে আত্মকেন্দ্ৰিকতা আৰু স্বাৰ্থপৰতাও অপৰিমিতভাৱে বৃদ্ধি কৰে। ওচৰ চুবুৰীয়াৰ কথা বাদেই পৰিয়ালৰ আন মানুহৰ প্ৰতি (পিতৃ-মাতৃকে ধৰি) সহমৰ্মিতা, স্নেহ-মমতা, দায়িত্ববোধ লোপ কৰাৰ উপক্ৰম কৰে। ইয়াৰ প্ৰতিকাৰ কি হ’ব, কোনেও চিন্তা কৰা নাই। কি ৰাজনৈতিক, কি তথাকথিত সামাজিক নেতাই। গল্প-উপন্যাসতো ক্ষয়মান মানৱ সম্পৰ্কৰ বিষয়টো এৰাই যোৱা হয়।
নিজকে কেন্দ্ৰ কৰি সকলো ধ্যান-ধাৰণা, আকাংক্ষা-ৰুচি গঢ়ি তোলা মানুহজনে বাকী মানুহৰ ব্যক্তিগত সুখ-দুখ, আশা-আকাংক্ষাৰ প্ৰতি ভ্ৰুক্ষেপ নকৰে। এই দোষ সকলোৰে অল্প বিস্তৰ থাকিলেও জীৱনৰ অভিজ্ঞতাই সেই সম্পৰ্কে চকু মেল খুৱায়। আজিকালি সেই প্ৰক্ৰিয়া দুৰ্বল হৈছে ব্যক্তিস্বাৰ্থই অত্যধিক গুৰুত্ব লাভ কৰাৰ বাবে। সেয়ে শিক্ষানুষ্ঠান আৰু সকলো সামাজিক অনুষ্ঠানতে— য’ত বহু মানুহ একোটা বিশেষ উদ্দেশ্যত মিলিত হয়— পৰিকল্পিত আৰু প্ৰণালীবদ্ধভাৱে ইয়াৰ শিক্ষাদান কৰাৰ উপৰি তাৰ অনুশীলন কৰাব লাগে। কাৰণ মনত ৰাখিব লাগিব যে ব্যক্তিস্বাৰ্থই মানুহৰ একমাত্ৰ ধৰ্ম নহয়, আনৰ সংগ, সাহাচৰ্য আৰু সহমৰ্মিতা বিচৰাও মানৱ চৰিত্ৰৰ এক মৌলিক বৈশিষ্ট্য। সেয়ে সামাজিক মায়া-মমতাও মানুহৰ হৃদয়ত বিকশিত কৰা সম্ভৱ হয়। সেই ক্ষেত্ৰত বৰ্তমান পৰিবেশ মৰুময় হৈ আছে।
সসমসাময়িক সংস্কৃতিও তাৰবাবে কিছু জগৰীয়া। টিভি, জনপ্ৰিয় নাগৰিক জীৱন শৈলী, বিজ্ঞাপন সকলোতে ব্যক্তিৰ আকাংক্ষা আৰু কামনাক কেন্দ্ৰীয় স্থান দি সামাজিক আবেগ-অনুভূতি মুজুৰা কৰিবলৈ দিয়া হয়। বিজ্ঞাপন আৰু বিজ্ঞাপনৰ দৰেই ব্যৱসায়িক আমোদ-প্ৰমোদত অনস্বীকাৰ্যভাৱে আৰু অবাঞ্চিতভাৱে নাৰীক দৈহিক আকৰ্ষণ আৰু প্ৰলোভনৰ কেন্দ্ৰ কৰি থকা হয়। সেয়ে নাৰী আৰু দৈহিক কামনা উঠি অহা কিশোৰ আৰু যুৱকৰ মনত একাকাৰ হ’ব পাৰে। বিশেষকৈ নাৰীসংগৰ পৰা বঞ্চিত সমাজৰ ৰক্ষণশীল অংশৰ পুৰুষ সন্তানৰ বাবে। বিজ্ঞাপন আৰু বিনোদনমুখী সংস্কৃতিয়ে আনকি সংস্কৃতিৱান পৰিয়ালৰ সন্তানৰো ৰুচি বিকৃত কৰে।
এইটো আমি ভবাতকৈ গম্ভীৰ আৰু ব্যাপক প্ৰভাৱ। আনকি আজিকালিৰ জনপ্ৰিয় সংগীতত প্ৰেমতকৈ দৈহিক কামনাৰ পোৰণিহে বেছি প্ৰকট। ফলত নাৰীৰ আবেগ-অনুভূতি, সুকীয়া ব্যক্তিত্ব লোপ পাই কেৱল এক আকৰ্ষণীয় দেহৰ অধিকাৰী বুলিহে ধাৰণা বলবান হয়। তাতোকৈ হিন্দী চিনেমাৰ পুৰণি গীতবোৰতে কামনাৰ উপাদান বোৰক এক উচ্চতৰ অনুভূতিৰ স্তৰলৈ লৈ যোৱাৰ শক্তি আছিল। ব্যৱসায়িক অৰ্থনীতিৰ তীব্ৰতাই মানুহৰ পাশৱ চৰিত্ৰ কেনে নগ্ন ৰূপত উচতাই আছে, তাৰ আন প্ৰমাণ আৰু নালাগে। গল্প-উপন্যাস, কবিতাতো মানবীয় সম্পৰ্ক এনেবোৰ বিপদৰ পৰা ৰক্ষা কৰাৰ চেষ্টা থাকিব পাৰে। জনপ্ৰিয় সংগীতৰ এনে প্ৰভাৱ কেতিয়াও নুই কৰা নাযায়। কিন্তু জনপ্ৰিয় (অৰ্থাৎ প্ৰচলিত বিহুসুৰীয়া গীত) সংগীতত ঘাইকৈ কামনাৰ পোৰণিৰ কথাহে বেছি থাকে। তেনে গীতে নাৰীক নাৰীদেহৰ মাজতে সামৰি থয়, নাৰীৰ প্ৰতি সন্মান, সহমৰ্মিতা প্ৰকাশ নকৰে। আমাৰ মাজত যুৱকসকলৰ দৰে যুৱতী গায়িকাৰ উত্থান বেছি ঘটা নাই বাবে নাৰীৰ অন্তৰৰ কথা জনমানসৰ দাপোনত ফুটিয়েই নুঠে। এনেবোৰ কথায়ো পুৰুষতান্ত্ৰিক স্বেচ্ছাচাৰিতা আমাৰ চিন্তা, আবেগ, মনোভাবৰ পৰা আঁতৰি নাযায়।
জনপ্ৰিয় সংগীতৰ সীমাবদ্ধতা
এই কেইদিন বিহুৰ পয়োভৰ বাবে টি-ভিত অনবৰত বিহু নাম বা বিহুসুৰীয়া গীতেই বাজি আছিল। মাজে-মাজে কিছু সুৱদী কণ্ঠৰ গীতৰ কলি শুনিলেও মনত দ সাঁচ বহুৱাই নাযায়। দুদিনতে পাহৰোঁ।
ভাবি চালো যে সুৰ অতি পৰিচিত বাবে বৈচিত্ৰ্যহীন, কথাও প্ৰায় একেধৰণৰ। তেনেস্থলত বহুবাৰ শুনাৰ পিছত মনে তালৈ সঁহাৰি নিদিয়া হয়।
সমসাময়িক গীতৰ কথাত নতুনত্ব নথকা বাবে গায়িক-গায়িকাই কেতিয়াবা তাহানিৰ জনপ্ৰিয় আধুনিক গীতবোৰকে গাই শুনায়। গলা সুৱদী হ’লেও সেইবোৰ গানো সেৰেকা যেন লাগে। কাৰণ কি, উমান ল’বলৈ চেষ্টা কৰিছোঁ।
অলপতে অনিন্দিতা পালে টি-ভিত তেনে কিছুমান পুৰণি অসমীয়া গীত গাই শুনালে। তেওঁৰ কণ্ঠত কিন্তু সেই গীতকেইটাই প্ৰাণ পোৱা যেন লাগিল।
তাৰ কাৰণ বোধহয় এয়ে যে তেওঁ ধ্ৰুপদী সংগীত চৰ্চা কৰা বাবে এনে কিছুমান গুণ আয়ত্ত কৰিব পাৰিছে যিবোৰ তেওঁৰ গীতত এক সমৃদ্ধি আৰু বৈচিত্ৰ্য দান কৰিছে। সা-ৰে-গা-মাৰ অনুশীলনে গায়ক-গায়িকাৰ কণ্ঠক বিচিত্ৰ ভাব আৰু ধ্বনি ফুটাই তোলাৰ শক্তি দিয়ে। যন্ত্ৰৰ দৰে মানুহৰ কণ্ঠয়ো বিচিত্ৰ তাল, লয়, লালিত্য বা গাম্ভীৰ্য্য আৰু মাত্ৰা অৰ্জন কৰি বিভিন্ন ধৰণৰ সুক্ষ্ম ভাব-অনুভূতি প্ৰকাশ কৰিব পৰা শক্তি পায়। কেৱল বিহুতে আবদ্ধ থকা গায়ক-গায়িকাৰ কণ্ঠত সেই শক্তি নাহে। বা স্বৰৰ সেইবোৰ সম্পদ আয়ত্ত নকৰা গায়ক-গায়িকাই গীতৰ ভাষালৈ অপূৰ্ব যাদুকৰী শক্তি আনিব নোৱাৰে। কেৱল সুৱদী কণ্ঠই যথেষ্ট নহয়।
কথাটো আমাৰ গায়ক-গায়িকা সকলে মনত ৰাখি আগবাঢ়িলে ভাল। নতুবা তেওঁলোকে দুদিনীয়া চমকহে দিব পাৰিব। কিছুমান গায়ক-গায়িকাৰ তেনে দশা হৈছেই।