• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দুৰ্নীতিৰ অভিযোগ: নিজ কেবিনেটৰ স্বাস্থ্য মন্ত্ৰীক বৰ্খাস্ত কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে, গ্ৰেপ্তাৰ অভিযুক্ত মন্ত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 24, 2022 4:06 pm
Punjab CM Mann Sacks A Minister For Corruption
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজনৈতিক নেতা তথা মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে বিভিন্ন সময়ত সততে দুৰ্নীতিৰ অভিযোগ উত্থাপন হয়। কিন্তু ক্ষমতাৰ বলত এনে অভিযুক্ত নেতা, মন্ত্ৰী-বিধায়কসকল কোনো সমস্যাৰ সন্মুখীন নহয়।

কিন্তু এনে ঘটনাৰ ক্ষেত্ৰত এক নজিৰ সৃষ্টি কৰি নিজ মন্ত্ৰীসভাৰ স্বাস্থ্যমন্ত্ৰীকে নিলম্বন কৰি আলোড়নৰ সৃষ্টি কৰিছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে।

Apply Now

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে আজি নিজ কেবিনেটৰ স্বাস্থ্য মন্ত্ৰী বিজয় চিংলাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত দৃঢ় প্ৰমাণ পোৱাৰ পিছতে মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰে।

স্বাস্থ্যমন্ত্ৰী চিংলাই চৰকাৰী নিবিদাৰ ওপৰত এক শতাংশ কমিছন দাবী কৰিছিল বুলি অভিযোগ উত্থাপন হৈছিল। ১০ দিন পূৰ্বে মন্ত্ৰীজনৰ বিৰুদ্ধে এই অভিযোগ লাভ কৰিছিল মুখ্যমন্ত্ৰী মানে।

ইয়াৰ পিছতে প্ৰাথমিক অনুসন্ধানত চিংলাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ প্ৰমাণ লাভ কৰি মুখ্যমন্ত্ৰী মানে স্বাস্থ্যমন্ত্ৰীগৰাকীক অপসাৰণ কৰে। অপসাৰণৰ পিছতে পঞ্জাৱ আৰক্ষীৰ দুৰ্নীতি বিৰোধী শাখাই চিংলাক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে দেশৰ ইতিহাসত দ্বিতীয়বাৰৰ বাবে কোনো এজন মুখ্যমন্ত্ৰীয়ে নিজ কেবিনেট মন্ত্ৰীৰ বিৰুদ্ধে এনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে আম আদমী পাৰ্টিৰ আহ্বায়ক আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ২০১৫ চনত দুৰ্নীতিৰ অভিযোগত তেওঁৰ এজন মন্ত্ৰীক বৰ্খাস্ত কৰিছিল।

এজন চৰকাৰী বিষয়াই ১০ দিন আগতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত চিংলাৰ দুৰ্নীতিৰ বিষয়ে অভিযোগ কৰিছিল। মুখ্যমন্ত্ৰীয়ে ব্যক্তিগতভাৱে বিষয়াজনক বিহিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে ভগৱন্ত মানে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰিছিল। এই প্ৰতিশ্ৰুতি পুনৰ দোহাৰি মানে এক ভিডিঅ’ বাৰ্তাযোগে যে “এক শতাংশ দুৰ্নীতিও সহ্য কৰা নহ’ব” বুলি উল্লেখ কৰে।

“ৰাইজে যথেষ্ট আশাৰে আপ চৰকাৰক ভোট দিছে, আমি এই আস্থাক সন্মান কৰিব লাগিব। যেতিয়ালৈকে ভাৰত মাতৃৰ অৰবিন্দ কেজৰিৱালৰ দৰে পুত্ৰ আৰু ভগৱন্ত মানৰ দৰে সৈনিক আছে, তেতিয়ালৈকে দুৰ্নীতিৰ বিৰুদ্ধে মহাযুদ্ধ অব্যাহত থাকিব।”- মানে কয়।

আনহাতে মানৰ এই পদক্ষেপৰ পাছতে কেজৰিৱালে ভগৱন্ত মানক প্ৰশংসা কৰে। এক টুইটযোগে তেওঁ সমগ্ৰ ৰাষ্ট্ৰই আজি আপক লৈ গৌৰৱান্বিত অনুভৱ কৰিছে বুলি মন্তব্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

July 5, 2026 9:58 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

July 5, 2026 9:58 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd