• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 27, 2022 8:43 pm
CBI summoned Rubaiya Sayeed
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সন্ত্ৰাসবাদীক অৰ্থৰ যোগান ধৰাৰ অভিযোগত অভিযুক্ত জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যোৱা বুধবাৰে নিয়াৰ আদালতে আজীৱন কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত কৰে। নিষিদ্ধ ঘোষিত সংগঠন জম্মু-কাশ্মীৰ লিবাৰেচন ফ্ৰণ্ট (জেকেএলএফ) ৰ মুৰব্বী য়াছিন মালিক সম্প্ৰতি আন একাধিক অভিযোগত অভিযুক্ত হৈ আছে।

য়াছিন মালিকৰ বিৰুদ্ধে উত্থাপিত এনে এক অভিযোগৰ সৈতে এইবাৰ নাম সাঙোৰ খাইছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুফতি মহম্মদ চৈয়দৰ কন্যা ৰুবাইয়া চৈয়দৰ। ১৯৮৯ চনৰ এক গোচৰ সংক্ৰান্তত ৰুবাইয়ালৈ আজি চমন জাৰি কৰিছে চিবিআই- এ। অৱশ্যে এই গোচৰৰ অভিযুক্ত হিচাপে নহয়, সাক্ষী হিচাপেহে ৰুবাইয়াৰ নাম জড়িত হৈ পৰিছে গোচৰটোত।

Apply Now

জম্মু-কাশ্মীৰ লিবাৰেচন ফ্ৰণ্টে ১৯৮৯ চনৰ ৮ ডিচেম্বৰত ৰুবাইয়া চৈয়দক অপহৰণ কৰিছিল। সংগঠনটোৱে ৰুবাইয়াৰ মুক্তিপণ হিচাপে তেওঁলোকৰ পাঁচজন বন্দীৰ মুক্তি দাবী কৰিছিল।

সেই সময়ৰ বিজেপি সমৰ্থিত ভি পি সিং চৰকাৰে জম্মু-কাশ্মীৰ লিবাৰেচন ফ্ৰণ্টৰ দাবী মানি পাঁচজন সন্ত্ৰাসবাদী সদস্যক মুকলি কৰি দিয়ে। সন্ত্ৰাসবাদী সদস্যকেইজনৰ মুক্তিৰ পাঁচ দিন পিছত ৰুবাইয়াকো বন্দীত্বৰ পৰা মুকলি কৰি দিয়ে জেকেএলএফে।

এই অপহৰণৰ গোচৰটোৰ সাক্ষী হিচাপে তদন্তকাৰী সংস্থা চিবিআই- এ ৰুবাইয়া চৈয়দক ১৫ জুলাইৰ ভিতৰত আদালতত হাজিৰ হ’বলৈ চমন জাৰি কৰিছে। উল্লেখ্য যে জেকেএলএফৰ মুৰব্বী য়াছিন মালিক এই গোচৰটোৰ অন্যতম অভিযুক্ত।

ৰুবাইয়া অপহৰণ গোচৰত মালিককে ধৰি ১০ জন লোকৰ বিৰুদ্ধে যোৱা বৰ্ষৰ জানুৱাৰীত চিবিআইয়ে অভিযোগ দাখিল কৰিছিল। চিবিআইৰ তদন্তৰ সময়ত এই দহগৰাকী অভিযুক্তই স্বেচ্ছাই দণ্ডাধীশৰ সন্মুখত দোষ স্বীকাৰ কৰাৰ লগতে ৰুবাইয়াৰ অপহৰণ কাণ্ডত য়াছিন মালিকৰ লগতে আন কেইবাজনো অভিযুক্ত জড়িত থকাৰ কথা নিশ্চিত কৰে।

ইয়াৰ পিছতে চিবিআইয়ে আদালতত দাখিল কৰা অভিযোগপত্ৰত এই ১০ গৰাকী সদস্যসহ মুঠ ২৪ গৰাকী অভিযুক্তৰ নাম সন্নিবিষ্ট কৰিছিল। অৱশ্যে গোচৰটোৰ দুই প্ৰধান অভিযুক্ত জেকেএলএফৰ শীৰ্ষ কমাণ্ডাৰ মহম্মদ ৰফিক দাৰ আৰু মুস্তাক আহমেদ লৌনৰ ইতিমধ্যে মৃত্যু হৈছে। আনহাতে আন ১২ জন অভিযুক্ত বৰ্তমান পলাতক অৱস্থাত আছে।

উক্ত গোচৰত সাক্ষ্যদান কৰা ১০ গৰাকী অভিযুক্তৰ সাক্ষ্যক পলাতক অভিযুক্ত সকলৰ বিৰুদ্ধে প্ৰমাণ হিচাপে ব্যৱহাৰ কৰিব পৰা হ’ব বুলি যোৱা বৰ্ষৰ জানুৱাৰীত আদালতে ঘোষণা কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

July 5, 2026 12:13 pm
অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

July 5, 2026 11:20 am
ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

ভাৰতৰ ইথানল মিহলি পেট্ৰ’ল ক্ৰয় কৰিবলৈ অস্বীকাৰ ভূটানৰ; নাকচ কৰিলে E20-ৰ প্ৰস্তাৱ

July 5, 2026 9:58 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

July 5, 2026 12:13 pm
অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

অৱনমিত ভাৰতৰ পাছপ’ৰ্ট ৰেংকিং, ১০০-ৰ তালিকাতো নাই; শীৰ্ষ ১০-ত কোনবোৰ দেশ?

July 5, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd