পঞ্জাৱৰ পিছত এইবাৰ গ্ৰেপ্তাৰ হ’ল দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈন।
এনফোৰ্চমেণ্ট সঞ্চালকালয়ে আজি দিল্লী চৰকাৰৰ মন্ত্ৰীগৰাকীক কলকাতাস্থিত কোম্পানীসমূহৰ সৈতে সম্পৰ্কিত হাৱালা লেনদেনৰ এটা গোচৰত গ্ৰেপ্তাৰ কৰে।
জৈন আপ নেতৃত্বাধীন দিল্লী চৰকাৰৰ স্বাস্থ্য, গৃহ, শক্তি আৰু গড়কাপ্তানি মন্ত্ৰী।
ইডিয়ে কলকাতাস্থিত কোম্পানীবোৰৰ জৈনে হাৱালাৰ জৰিয়তে ৪.৮১ কোটি টকা লোৱা বুলি অভিযোগ কৰিছে।
আম আদমী পাৰ্টিয়ে এয়া বিজেপি চৰকাৰৰ ষড়যন্ত্ৰ বুলি কোৱাৰ লগতে চৰকাৰে এনফোৰ্চমেণ্ট সঞ্চালকালয়ক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ লোৱা বুলি মন্তব্য কৰিছে।





