• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কৃষক আন্দোলনৰ পিছত এইবাৰ অগ্নিপথ আন্দোলনলৈ: যুৱ প্ৰজন্মলৈ সঁহাৰি জনাই ৰাজপথত ৰাকেশ টিকাইট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 18, 2022 6:30 pm
Rakesh Tikait on Agnipath protest
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ তিনিখন বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে দেশজুৰি সৃষ্টি হৈছিল এক অভূতপূৰ্ব কৃষক আন্দোলনৰ। দীৰ্ঘকালীন এই আন্দোলনৰ ওচৰত সেও মানি অৱশেষত তিনিওখন কৃষি আইন বাতিল কৰিবলৈ বাধ্য হৈছিল শাসনাধিষ্ঠ বিজেপি চৰকাৰ। এই ঐতিহাসিক কৃষক আন্দোলনৰ সফলতাত অন্যতম ভূমিকা লৈছিল কৃষক নেতা ৰাকেশ টিকাইটে।

কৃষক আন্দোলনৰ সফলতাৰ পিছত টিকাইটে এইবাৰ কেন্দ্ৰৰ আন এক সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথত নামিছে। সম্প্ৰতি দেশৰ বিভিন্ন প্ৰান্তত এক জংগী আন্দোলনে গা কৰি উঠা বিতৰ্কিত ‘অগ্নিপথ’ যোজনাৰ বিৰুদ্ধে এইবাৰ ৰাজপথত নামিল কৃষক নেতাগৰাকী।

কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিৰক্ষা খণ্ডত নিয়োগৰ বাবে ঘোষণা কৰা এই অগ্নিপথ যোজনাৰ বিৰুদ্ধে সমগ্ৰ দেশতে ক্ষোভৰ উদগীৰণ ঘটিছে। আন্দোলনত নামি পৰিছে সামৰিক বিভাগত নিযুক্তি প্ৰত্যাশী যুৱ প্ৰজন্ম। অগ্নিপথ বিৰোধী এই আন্দোলনে ঠায়ে ঠায়ে হিংসাত্মক ৰূপো ধাৰণ কৰিছে। আন্দোলন দমনৰ বাবে নামি পৰিছে সামৰিক বাহিনী।

এনে সময়তে অগ্নিপথ বিৰোধী প্ৰতিবাদত ৰাকেশ টিকাইটৰ অংশগ্ৰহণে এক নতুন জাগৰণৰ সৃষ্টি কৰিছে। আজি অগ্নিপথ বিৰোধী আন্দোলনৰ অংশ হিচাপে হৰিদ্বাৰৰ ৰাজপথত নামি পৰে ভাৰতীয় কিষাণ ইউনিয়ন। কৃষক সংগঠনটোৰ নেতা ৰাকেশ টিকাইটৰ নেতৃত্বত সহস্ৰাধিক কৃষকে হাতত ক’লা ফিটা বান্ধি এক দীঘলীয়া সমদল বাহিৰ কৰে।

ইয়াৰ পিছতে স্থানীয় বেলৱালা খেলপথাৰত সমবেত হয় প্ৰতিবাদী কৃষকসকল। অগ্নিপথ যোজনাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে দেশৰ যুৱচামৰ ভৱিষ্যতৰ সৈতে খেলা কৰাৰ অভিযোগ তুলি টিকাইটে এই যোজনা বাতিল কৰিবলৈ দাবী জনায়।

তেওঁ কয় যে এই যোজনাৰ অধীনত যুৱ চামক কেৱল মাত্ৰ চাৰি বছৰলৈ সেনা বাহিনীত নিযুক্তি দি তাৰ পিছত নিবনুৱা হিচাপে এৰি দিয়া হ’ব। এই নিবনুৱা যুৱক-যুৱতী সকলে ভৱিষ্যতে জীৱিকাৰ সমস্যাত ভুগিব।

চাৰি বছৰৰ নিযুক্তি দি পিছলৈ নিবনুৱা সৃষ্টিৰ এই পৰিকল্পনাক বাদ দি ১৮ বৰ্ষৰ উৰ্দ্ধৰ যুৱ চামটোক এবছৰীয়া সেনা প্ৰশিক্ষণ প্ৰদান কৰি তেওঁলোকক সক্ষম কৰি তোলা পৰিকল্পনা গ্ৰহণ কৰিবলৈ দাবী জনায় কৃষক নেতা গৰাকীয়ে।

তদুপৰি কৃষক নেতাগৰাকীয়ে অহা ৩০ জুনৰ পৰা অগ্নিপথৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ আৰম্ভ কৰাৰো ঈঙ্গিত দিয়ে। টিকাইটে কয়, “আমি অগ্নিপথ আঁচনিৰ বিৰুদ্ধে ৩০ জুনত জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ যাম। আমি তাত আমাৰ স্মাৰকপত্ৰ দিম। ইয়াৰ পিছতে আমি আমাৰ পৰৱৰ্তী সিদ্ধান্ত সম্পৰ্কে বিবেচনা কৰিম।আমি এই বিষয়টোত যুৱসকলক সম্পূৰ্ণৰূপে সমৰ্থন জনাইছো।”

উল্লেখ্য যে বৃহস্পতিবাৰে টিকাইটে অগ্নিপথৰ কাৰ্যকাৰিতা বাতিল কৰিবলৈ দেশজুৰি আন্দোলনৰ প্ৰয়োজন বুলি উল্লেখ কৰিছিল। টিকাইটে অভিযোগ কৰিছিল যে এই নতুন নিযুক্তি পৰিকল্পনা কৃষকসকলৰ সন্তানৰ স্বাৰ্থত নহয়।

তেওঁ কয় যে মোদী চৰকাৰে প্ৰথমে দেশৰ কৃষক সকলৰ বিৰুদ্ধে অসফল প্ৰচেষ্টা চলাইছিল আৰু এতিয়া দেশৰ যুৱ প্ৰজন্মৰ বিৰুদ্ধে এই ষড়যন্ত্ৰত লিপ্ত হৈছে।

কিন্তু তেতিয়া কৃষকে মূৰ তল নকৰাৰ দৰে যুৱ প্ৰজন্মইও হাৰি নিদিয়ে বুলি তেওঁ স্পষ্ট প্ৰত্যাহ্বান জনায়। কৃষকসকলে কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ বিৰুদ্ধে দেশজুৰি আন্দোলন আৰম্ভ কৰিব বুলি তেওঁ ঘোষণা কৰিছিল।

অৱশ্যে এই প্ৰতিবাদ হিংসাত্মক হ’ব নালাগে বুলি তেওঁ লগতে দোহাৰিছিল। কৃষক আন্দোলনৰ উদাহৰণ দি তেওঁ সমগ্ৰ দেশজুৰি হিংসাত্মক আন্দোলনৰ পৰিৱৰ্তে শান্তিপূৰ্ণ আন্দোলনৰ আহ্বান জনায়।

টিকাইটে কয়, “বৰ্তমান যুৱকসকলে সশস্ত্ৰ বাহিনীত কমেও ১৫ বছৰৰ চাকৰি আৰু অৱসৰৰ পিছত পেঞ্চন লাভ কৰিছিল। কিন্তু এই আঁচনি ৰূপায়ণৰ পিছত যেতিয়া তেওঁলোকে সশস্ত্ৰ বাহিনীৰ সেৱাৰ পৰা অৱসৰ লয়, তেওঁলোকে পেঞ্চন অবিহনে ঘৰলৈ উভতি আহিব।”

এই যুক্তি অনুসৰি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা বিধায়ক আৰু সাংসদসকলৰ বাবেও একে ধৰণৰ আইন থাকিব লাগে বুলি টিকাইটে মন্তব্য কৰিছিল।

দেশৰ বিধায়ক আৰু সাংসদসকলৰ উদাহৰণ দি টিকাইটে কয় যে তেওঁলোকে ৯০ বছৰ বয়সলৈকে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰে আৰু পেঞ্চনো লাভ কৰে।

কিন্তু চাৰি বছৰৰ চাকৰিৰ ঠিক পিছতে যুৱ প্ৰজন্মৰ ওপৰত অৱসৰ আৰোপ কৰাটো অনুচিত বুলি দাবী কৰি টিকাইটে এইয়া কোনো প্ৰকাৰে কাৰ্যকৰী হ’বলৈ নিদিয়ে বুলি ঘোষণা কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm
হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd