• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিয়ে মহাৰাষ্ট্ৰৰ বিসম্বাদী ৰাজনীতিৰ অভিকেন্দ্ৰত পৰিণত কৰিছে বানে ধোৱা অসমকঃ অসম জাতীয় পৰিষদ

বছৰৰ দ্বিতীয়টো বানত আক্ৰান্ত ৫৫ লাখ, খবৰ লবলৈ আহৰি নাই প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
June 23, 2022 3:37 pm
133
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে এক সংবাদমেল যোগে বানে ধোৱা অসমক মহাৰাষ্ট্ৰৰ বিসম্বাদী ৰাজনীতিৰ অভিকেন্দ্ৰত পৰিণত কৰাৰ বিজেপিৰ ষড়যন্ত্ৰক গৰিহণা দিয়ে অসম জাতীয় পৰিষদে।

তেওঁলোকে কয় “অসমৰ এক তৃতীয়াংশ বর্তমানে বানৰ কৱলত৷ ৰাজ্যৰ ১৮ হাজাৰ গাঁৱৰ ভিতৰত ৫ হাজাৰ ৫০০তকৈ অধিক গাওঁ বানত ডুবি আছে৷ কিন্তু এইখিনি সময়ত বানাক্ৰান্তক সাহায্য আৰু পুনৰ সংস্থাপনত আত্মনিয়োগ কৰাৰ সলনি অসমৰ মুখ্যমন্ত্ৰীয়ে মহাৰাষ্ট্ৰত চৰকাৰ ভঙা পতাত আত্মনিয়োগ কৰি অসমখনকে মহাৰাষ্ট্ৰৰ বিসম্বাদী ৰাজনীতিৰ অভিকেন্দ্ৰত পৰিণত কৰাৰ ষড়যন্ত্ৰ চলাইছে৷”

অসম জাতীয় পৰিষদে বিজেপি দল আৰু ইয়াৰ চৰকাৰী বৰমুৰীয়াসকলৰ এনে অনৈতিক ৰাজনৈতিক কার্যকলাপক তীব্ৰ গৰিহণা দিয়ে৷

বানপানীয়ে সৃষ্টি কৰা বৰ্তমানৰ পৰিস্থিতি অতিশয় উদ্বেগজনক৷ অসম ৰাজ্যিক দুর্যোগ প্রসমন প্ৰাধিকৰণ (Assam State Disaster Management Authority)ৰ প্রতিবেদনৰ মতে, চলিত বানত ৰাজ্যৰ ৩২খন জিলাৰ ১২১ টা ৰাজহ চক্ৰ এলেকাৰ ৫,৫৭৭ খন গাঁৱৰ ৫৫,৪২,০৫৩ গৰাকী লোক আক্ৰান্ত হৈছে৷

মাত্র এমাহ পূর্বে অহা বছৰৰ প্ৰথমটো বানত (১৯ মে’, ২০২২ তাৰিখৰ প্ৰতিবেদন মতে), ৰাজ্যৰ ২৭খন জিলাৰ ৭৫টা ৰাজহ চক্ৰ এলেকাৰ ১,৭৯০খন গাঁৱৰ ৭ লাখ ১৭ হাজাৰ লোক আক্ৰান্ত হৈছে৷

আক্রান্ত লোকসকলকৰ উদ্ধাৰ, সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰি আছে যদিও সেয়া পর্যাপ্ত হোৱা নাই৷ ৰাজ্যৰ প্ৰায়বোৰ আক্ৰান্ত এলাকাৰ লোকে পর্যাপ্ত সাহায্য নোপোৱাৰ খবৰ আহি আছে৷ সাহায্য নিবলৈ অহা লোকৰ ওপৰত ঠাই বিশেষে আৰক্ষীয়ে লাঠিচালনা কৰিবলগা পৰিস্থিতিৰো সৃষ্টি হৈছে৷ এনে পৰিস্থিতিয়ে উপযুক্ত আৰু পর্যাপ্ত সাহায্য নোপোৱাটোকে সূচায় বুলি অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই উল্লেখ কৰে।

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াভাৱে বানাক্ৰান্তই উপযুক্ত সাহায্য নোপোৱা প্ৰসংগত ৰাজ্যৰ দুগৰাকীমান জিলা উপায়ুক্তক সাৱধানবাণী শুনোৱা দেখা গৈছে৷ কিন্তু উপায়ুক্তসকলৰ হাতত বান সাহায্য আগবঢ়াবলৈ ধন আছে নে নাই বা থাকিলে কিমানকৈ আছে বা ৰাজ্য চৰকাৰে কিমান ধন আগবঢ়াইছে, তাৰ তথ্য ৰাজহুৱা কৰা নাই৷ সেয়েহে উক্ত তথ্য ৰাজহুৱা কৰিবলৈ অসম জাতীয় পৰিষদে দাবী জনায়৷

ইয়াৰে লগতে যোগ দিৱসৰ দিনা ভাৰতৰ প্রধানমন্ত্ৰীয়ে ডিঙিত গামোছা লৈ যোগ কাৰ্যসূচীত অংশ লোৱা দেখা গৈছে৷ কিন্তু অসমৰ ৫৫ লাখ লোক বানত ককবকাই থকা স্বত্বেও অসমবাসীৰ এটা খবৰ লবলৈ প্ৰধানমন্ত্ৰীয়ে আহৰি নোপোৱাটো দুর্ভাগ্যজনক৷

তদুপৰি কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে বান তথা অন্য প্রাকৃতিক দুর্যোগত আক্ৰান্ত ৰাজ্যসমূহলৈ বিশেষ পেকেজ আগবঢ়ায়৷ মাত্র ৫ দিন পূর্বে, অর্থাৎ ১৬ জুন ২০২২ তাৰিখে, ভাৰত চৰকাৰে ৰাজস্থান আৰু অসমৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ প্রসমন পুঁজি (NDRF) শিতানত ১,০৪৩ কোটি টকা আগবঢ়াইছে৷

যোৱা সপ্তাহতে কেন্দ্ৰীয় চৰকাৰে গুজৰাটৰ ঘূৰ্ণীবায়ু কৱলিত এলেকাৰ সাহায্যৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৫০০ কোটি টকাৰ সাহায্য ৰাশিত অনুমোদন জনাইছে।

উদাহৰণ স্বৰূপে বিগত বৰ্ষত (২০২১) কৰ্ণাটক, মধ্য প্রদেশ, উত্তৰাখণ্ড, গুজৰাট আৰু পশ্চিম বংগত বান পৰিস্থিতি মোকাবিলাৰ বাবত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰসমন পুঁজি (NDRF)ৰ অধীনত ৩,০৬৩.২১ কোটি টকা মোকলাই দিছিল৷ গুজৰাটৰ বানাস্কণ্ট আৰু পাটান জিলাত হোৱা প্ৰৱল বানৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে উক্ত দুই ৰাজ্যলৈ ১,৫০০ কোটি টকাৰ বিশেষ পেকেজ আগবঢ়াইছিল৷

২০১৮ চনত কেৰালাত অহা ভীষণ বানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনলৈ ৫০০ কোটি টকাৰ বিশেষ পেকেজ আগবঢ়াইছিল৷ ২০১৫ চনৰ কাশ্মীৰৰ বিপ্‌দবংসী বান মোকাবিলা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ বাবে ২,৪৩৭ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰিছিল৷ এনে আন বহুকেইটা উদাহৰণ আছে৷কিন্তু অসমৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বহু দিনৰে উদাসীন ভূমিকা গ্ৰহণ কৰি আহিছে৷

উদাহৰণ স্বৰূপে, ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰসমন পুঁজি (NDRF)ৰ অধীনত ২০১৮ৰ পৰা চলিত বিত্তীয় বৰ্ষলৈকে তিনি বছৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমে বিচাৰিছিল মুঠ ৮,৩৮৮.৩৩ কোটি টকা বিচাৰিছিল৷ সেই মৰ্মে কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে আৱন্টন কৰে মুঠ ১,১৯২.১৬ কোটি টকা৷ কিন্তু দুখৰ কথাটো হ’ল, উক্ত তিনি বছৰৰ ২০১৮-১৯ বিত্তীয় বৰ্ষ আৰু ২০১৯-২০ বিত্তীয় বৰ্ষত NDRF শিতানত অসমৰ বাবে এটকা এটাও মোকলাই নিদিলে কেন্দ্ৰীয় চৰকাৰে৷ বিগত ২০২০-২১ বিত্তীয় বৰ্ষত অসমে বিচৰা ২,৬৪০.৮৭ কোটিৰ মাত্ৰ ৪৪.৩৭ কোটি টকাহে কেন্দ্রীয় চৰকাৰে অসমলৈ মুকলি কৰি দিয়ে বুলি উল্লেখ কৰে জগদীশ ভূঞাই।

উল্লিখিত তথ্যখিনি ১১-০৮-২০২১ তাৰিখে ৰাজ্যসভাত ভাৰত চৰকাৰৰ গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰাই ডাঙৰীয়াই দাখিল কৰিছিল৷কিন্তু অসমৰ বানাক্ৰান্তৰ সাহায্যৰ বাবে কেন্দ্ৰীয় চৰকাৰে এটা টকাও সাহায্য হিচাপে আগবঢ়োৱা নাই৷ ভাৰতৰ প্ৰধানমন্ত্ৰী বা গৃহমন্ত্রীয়ে বানবিধস্থ অঞ্চল পৰিভ্ৰমণ কৰিবলৈয়ো অহা নাই৷

বিজেপি দলে ২০১৬ আৰু ২০২১ চনৰ নিৰ্বাচনী ইস্তাহাৰত অসমৰ বান সমস্যা সম্পুৰ্ণৰূপে নিৰ্মূলকৰাৰ আশ্বাস দিছিল৷ ২০২১ চনৰ নিৰ্বাচনৰ পূৰ্বে ভাৰতৰ গৃহমন্ত্রী অমিত শ্বাহে ISROৰ সহযোগত বৃহৎ পুখুৰী খান্দি বানৰ পানী পুখুৰীলৈ বোৱাই অসমৰ বান সমস্যা সমাধানৰ আশ্বাস দিছিল৷

বিজেপি দলৰ নেতাসকলে অসমৰ বান আৰু গৰাখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰাৰ আশ্বাস দিছিল৷ কিন্তু এই দিশত এতিয়ালৈ একো পদক্ষেপ গ্ৰহণ কৰা দেখা পোৱা ন’গল।

অসমৰ শেহতীয়া বানৰ ভয়াৱহতা আৰু ক্ষয়-ক্ষতিলৈ চাই অসমৰ বাবেও বিশেষ আর্থিক পুঁজি আগবঢ়োৱা আৰু অসমৰ বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিবলৈ অসম জাতীয় পৰিষদে দাবী উত্থাপন কৰে৷

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd